নিউজ ডেস্ক, 7 জানুৱাৰী: নিউজ ডেস্ক, 7 জানুৱাৰী: বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা নিজস্ব প্ৰতিভা তথা দক্ষতাৰে বহু প্ৰৱাসী ভাৰতীয়ই ভাৰতক গৌৰাম্বিত কৰি তুলিছে ৷ তাৰ মাজতে এই দহ গৰাকী প্ৰৱাসী ভাৰতীয়ই প্ৰত্যেক গৰাকী ভাৰতবাসীক দেশখনৰ সন্তানক লৈ গৌৰৱ কৰিবলৈ একো একোটা কাৰণ প্ৰদান কৰিছে ৷
সুন্দৰ পিচাই
বিশ্ব প্ৰেক্ষাপটত এগৰাকী অন্যতম পৰিচিত ব্যক্তি তথা ভাৰতত জন্ম গ্ৰহণ কৰা সুন্দৰ পিচাই হৈছে চাৰ্চ ইঞ্জিন গুগলৰ চি ই অ' ৷ ভাৰত বৰ্ষৰ চেন্নাইত জন্ম গ্ৰহণ কৰি খড়গপুৰ আই আই টি পৰা ডিগ্ৰী লাভ কৰা সুন্দৰ পিচাইৰ 2018 বৰ্ষত পাৰিশ্ৰমিক আছিল 1,881,066 মাৰ্কিন ডলাৰ ৷
সত্য নাডেলা
হাইদৰাবাদত জন্মগ্ৰহণ কৰা আৰু মাইক্ৰ'চফ্টৰ বৰ্তমানৰ চি ই অ' সত্য নাডেলাই ক্লাউড ইনফ্ৰাষ্টাকচাৰৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূনিকা গ্ৰহণ কৰিছিল ৷ 1992 চনত মাইক্ৰ'চফ্টত যোগদান কৰাৰ পূৰ্বে নাডেলাই চান মাইক্ৰ'চিষ্টেমৰ প্ৰযুক্তি ক্ষেত্ৰৰ এগৰাকী সদস্য হিছাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
মনু প্ৰকাশ
উত্তৰ প্ৰদেশক মিৰাটত জন্মগ্ৰহণ কৰা মনু প্ৰকাশ বৰ্তমান ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ বায়' ইঞ্জিনিয়াৰিঙৰ এগৰাকী প্ৰফেচৰ ৷ সামৰি থব পৰা মাইক্ৰ'স্কোপৰ দৰে অত্যাধুনিক আৱিস্কাৰৰ বাবে মনু প্ৰকাশ সকলোৰে মাজত পৰিচিত ৷
নৰিন্দৰ সিঙ কাপানি
পঞ্জাৱত জন্ম গ্ৰহণ কৰা নৰিন্দৰ সিঙ ফাইবাৰ অপ্টিকছৰ ক্ষেত্ৰখনত থকা অৱদানৰ বাবে সকলোৰে মাজত পৰিচিত ৷ ফৰচুন মেগাজিনৰ 'বিজনেছমেন অফ দ্য চেনচুৰী' বিষয়ত সাতগৰাকী 'আনচাঙ হিৰ'জ' ৰ তালিকাত কাপানিয়ে স্থান লাভ কৰিছিল ৷
চলমান ৰুশ্বদি
মুম্বাইত জন্মগ্ৰহণ কৰা 67 বৰ্ষীয় কাশ্মিৰী-ভাৰতীয় লিখক গৰাকী ইংৰাজী সাহিত্যৰ প্ৰতি থকা তেওঁৰ অৱদানৰ বাবে জনাজাত ৷ তেওঁৰ দ্বিতীয়খন উপন্যাস মিদনাইট চিলড্ৰেনৰ বাবে তেওঁ 1981 চনত বুকাৰ বঁটা লাভ কৰিছিল ৷
বিনোদ খ'চলা
ফৰ্বচ আলোচনীৰ বিলিয়নেৰীৰ তালিকাত স্থান লাভ কৰা খ'চলা চান মাইক্ৰ'চিষ্টেমৰ সহ প্ৰতিষ্ঠাপক ৷ দিল্লীত জন্মগ্ৰহণ কৰা খ'চলাই ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজীত শিক্ষাগ্ৰহণ কৰে ৷
পান নালিন
গুজৰাটত জন্মগ্ৰহণ কৰা এইগৰাকী চিত্ৰ পৰিচালক তথা তথ্যচিত্ৰ নিৰ্মাতা তেওঁৰ চমচাৰা , ভেলা অফ ফ্লাৱাৰ্ট ইত্যাদি ছবিৰ বাবে বিশ্ব প্ৰেক্ষাপটত বিশেষভাৱে সমাদৃত ৷
ভেংকটাৰমণ ৰামাকৃষ্ণন
তামিলনাডুৰ চিদাম্বৰমত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তিয়ে 2009 বৰ্ষত ৰসায়ন বিজ্ঞানত নবেল বঁটা লাভ কৰিছিল ৷ তেওঁ ইউ.এচ, নেচনেল একাডেমী অফ চায়েন্সৰ এগৰাকী সদস্য ৷
কল্পনা চাওলা
ভাৰতৰ কাৰ্নালত জন্মগ্ৰহণ কৰা এইগৰাকী মহিলাক পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই ৷ প্ৰথম গৰাকী ভাৰতীয়-আমেৰিকান মহাকাশচাৰীৰ সন্মান অৰ্জন কৰাৰ লগতে ভাৰতৰ প্ৰথম গৰাকী মহিলা মহাকাশচাৰী হিচাপে পৰিচিত কল্পনা চাওলাই মহাকাশত মুঠ 30 দিন 14 ঘন্টা 54 মিনিট সময় অতিবাহিত কৰিছিল ৷ অন্য ছগৰাকী সহযোগী সদস্যৰ সৈতে 2003 চনত তেওঁৰ মৃত্যুক সাৱটি লয় ৷
প্ৰণৱ মিষ্ট্ৰি
গুজৰাটৰ পালনপুৰৰ 33 বৰ্ষীয় কম্পিউটাৰ বিজ্ঞানী আৰু আৱিস্কাৰক গৰাকী বৰ্তমান চেমচাঙৰ গৱেষণাৰ অধ্যক্ষ পদ অলংকৃত কৰি থকাৰ লগতে থিংক টেংক টিমৰ মুৰব্বী ৷ ৱ'ৰ্ল্ড ইক'নমিক ফ'ৰামৰ দ্বাৰা 2003 বৰ্ষত মিষ্ট্ৰিক ইয়ঙ গ্ল'ৱেল নেতা সন্মানেৰে সন্মানিত কৰা হৈছিল ৷
ভাৰতত বিনিয়োগ কৰা প্ৰৱাসী ভাৰতীয় সকল
এচ পি হিন্দুজা
শ্ৰীচান্দ পৰমানন্দ হিন্দুজা এগৰাকী ভাৰতত জন্মগ্ৰহণ কৰা ব্ৰিটিছ বিলিয়নেৰি ব্যৱসায়ী , বিনিয়োগকাৰী লগতে এগৰাকী জন হিতৈষী ব্যক্তি ৷ হিন্দুজা গ্ৰুপ অফ কম্পেনিজৰ চেয়াৰমেন এচ পি হিন্দুজাৰ অশোক লেইলেণ্ড হৈছে ভাৰতৰ দ্বিতীয় বৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা লগতে বিশ্বৰ ভিতৰতে চতূৰ্থ বৃহৎ বাছ নিৰ্মাতা আৰু 16 তম বৃহৎ ট্ৰাক নিৰ্মাতা ৷
লক্ষ্মী মিট্টল
বিশ্বৰ বৃহত্তম ষ্টিল নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰ্চেলৰ মিট্টলৰ চি ই অ আৰু চেয়াৰমেন লক্ষ্মী মিট্টলে ৰাজস্থানৰ চাদোলপুৰত জন্মগ্ৰহণ কৰিছিল ৷ 2007 বৰ্ষত মিট্টল আছিল ইউনাইটেড কিংদমৰ এচিয়ান মূলৰ আটাইতকৈ ধনী ব্যক্তি ৷ 2011 চনৰ ফৰ্বচৰ তালিকা মতে বিশ্বৰ ষষ্ঠ গৰাকী ধনী ব্যক্তি ৷ ফৰ্বচৰ দ্বাৰা প্ৰকাশিত তালিকা অনুসৰি তেওঁ 2012 বৰ্ষত এগৰাকী অন্যতম প্ৰভাৱশালী ব্যক্তি আছিল ৷
চাপোৰ পাল্লোনজী মিষ্ট্ৰি
ভাৰতত জন্মগ্ৰহণ কৰা আইৰিচ বিলিয়নেৰী চাপোৰ পাল্লোনজী মিষ্ট্ৰি হৈছে চাপোৰজী পাল্লোনজী গ্ৰুপৰ চেয়াৰমেন লগতে আটাইতকৈ ধনী আইৰিচ ব্যক্তি ৷ তেওঁক কোম্পানীৰ বহুকেইটা ভাগ ভাৰততো আছে ৷ তাজ হোটেলৰ দৰে বহু উল্লেখনীয় অট্টালিক নিৰ্মাণ কৰাৰ বাবে চাপোৰজী পাল্লোনজী গ্ৰুপ বিশেষভাৱে পৰিচিত ৷
ৰাকেশ গংগৱাল
মিয়ামিত প্ৰতিষ্ঠিত ৰাকেশ গংগৱাল মুঠ 3 বিলিয়ন মূল্যৰ সম্পত্তিৰ সৈতে বিগত দুবছৰ ধৰি আটাইতকৈ ধনী ভাৰতীয় আমেৰিকানৰ তালিকাত আছে ৷
বি আৰ শেট্টী
1973 চনত আবু ধাবিত এক স্বাস্থ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি প্ৰতিষ্ঠিত কৰ্ণাটক মূলৰ শেট্টীৰ এনএমচি হেল্থ হৈছে লণ্ডনত তালিকাভুক্ত এখন অন্যতম ডাঙৰ চিকিৎসালয় ৷
লগতে পঢ়ক:ভাৰতীয় মুলৰ ড৹ ৰাজ আয়াৰ আমেৰিকান সেনাৰ চিআইঅ’ নিযুক্ত