ETV Bharat / bharat

10 easy ways to get fit this Year : বছৰটো সুস্থ হৈ থকাৰ 10 টা টিপছ

author img

By

Published : Jan 11, 2022, 6:23 PM IST

Updated : Jan 12, 2022, 7:02 AM IST

আপুনি কিছুমান অভ্যাস ত্যাগ কৰি আৰু নতুন অভ্যাস গঢ়ি নিজক সুস্থ কৰি ৰাখিব পাৰে । বহুতে সুস্থ হৈ থকাৰ বাবে কিছুমান পৰামৰ্শ আগবঢ়ায় (Tips for better health)। তাৰ ভিতৰত খাদ্য, শৰীৰচৰ্চা, সুস্থ চিন্তা আদি অন্যতম ৷ যাৰ দ্বাৰা আপুনি নিজকে সুস্থ কৰি ৰাখিব পাৰে ।

Tips for better health
বছৰটো সুস্থ হৈ থকাৰ 10 টা টিপছ

প্ৰতি বছৰে আমি সুস্থ আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ, ব্যায়াম আৰম্ভ কৰাৰ আৰু সঠিক আহাৰ গ্ৰহণৰ সংকল্প লওঁ । কিন্তু দুৰ্ভাগ্যবশতঃ এই সংকল্প ২-৩ সপ্তাহতকৈ বেছি সময় নাথাকে । অৱশ্যে এই বছৰ, নিৰাশ নহ'ব । নতুন বছৰটোক এক স্বাস্থ্যকৰ আৰম্ভণি দিয়াৰ ১০ টা উপায় তলত দিয়া হ'ল (Tips for better health) ।

অধিক পুষ্টিকৰ আহাৰ খাব : আপোনাৰ খাদ্য তালিকাত অধিক পুষ্টিকৰ খাদ্য যেনে-পাচলি, ফল, শস্য, মাহজাতীয় শস্য, বাদাম আৰু বিশুদ্ধ প্ৰ'টিন উৎস থকা খাদ্য সন্মিৱিষ্ট কৰক । লগতে পেকিং খাদ্য যেনে- ব্ৰেড, চীজ, পেকিং মাংস আৰু পূৰ্ব-নিৰ্মিত আহাৰ আদি কম পৰিমাণে ব্যৱহাৰ কৰক । ই আপোনাৰ এক স্বাস্থ্যকৰ বছৰ আৰম্ভণিৰ সহজ উপায় হিচাপে পৰিগণিত হ'ব ।

Tips for better health
বছৰটো সুস্থ হৈ থকাৰ 10 টা টিপছ

এক বহনক্ষম আহাৰ বাছনি কৰক : বিভিন্ন সময়ত বহনক্ষম আহাৰ গ্ৰহণ নকৰাৰ ফলত মানুহে বহুতো সমস্যাৰ সন্মুখীন হয় । ওজন বৃদ্ধি হোৱাৰ পৰা আৰম্ভ কৰি বহুলোকৰ ক্ষেত্ৰত মানসিক সমস্যাইও দেখা দিয়ে । দীৰ্ঘদিন ধৰি এক প্ৰকৃত ডায়েট পালন নকৰাৰ ফলত বহু অসুবিধাৰ সন্মুখীন হ'ব পাৰে । সোৱাদযুক্ত বহু খাদ্য কেতিয়াবা আপোনাৰ স্বাস্থ্যৰ বাবে অপকাৰীও হ'ব পাৰে । সেয়ে কেৱল সোৱাদৰ ওপৰত গুৰুত্ব নিদি আপোনাৰ দৈনন্দিন ৰুটিনৰ সৈতে খাপ খোৱা আহাৰ গ্ৰহণ কৰক । যিবোৰ খাদ্যই আপোনাক লাহে লাহে কিন্তু দীৰ্ঘম্যাদী লাভালাভ দিব পাৰে ।

অধিক ভিটামিন D গ্ৰহণ কৰক : ভিটামিন D যুক্ত আহাৰে কেৱল হাড় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাই নহয় ই দীৰ্ঘম্যাদী স্বাস্থ্য সমস্যা যেনে-হৃদৰোগ, ডায়েবেটিচ আৰু কিছুমান ৰোগৰ পৰা মুক্ত হোৱাত আপোনাক সহায় কৰে । আনকি চুলিৰ ক্ষেত্ৰতো ভিটামিন D যুক্ত আহাৰ উপকাৰী । সেয়ে, প্ৰতিদিনে কমেও ১৫-২০ মিনিটৰ বাবে শৰীৰত ৰ'দ লগোৱাৰ চেষ্টা কৰক অথবা প্ৰতিদিনে ভিটামিন D চাপ্লিমেণ্ট (vitamin D supplement) গ্ৰহণ কৰক (প্ৰতিদিনে ৪,০০০ আইইউতকৈ অধিক নহয়)।

আপোনাৰ দৈনন্দিন ৰুটিনত শৰীৰচৰ্চা অন্তৰ্ভুক্ত কৰক : আপুনি ব্যায়াম কৰে, খেল খেলি আছে বা কেৱল খোজ কাঢ়িবলৈ গৈ আছে সেয়া যথেষ্ট নহয় । আপোনাৰ শৰীৰত তেজৰ চলাচল আৰু আপোনাৰ শৰীৰৰ প্ৰতিটো অংশলৈ অক্সিজেন যোৱাটো গুৰুত্বপূৰ্ণ । আপোনাৰ দৈনন্দিন ৰুটিনত কিছু পৰিমাণৰ শৰীৰচৰ্চা অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজন ।

চাপ হ্ৰাস কৰক : হৃদৰোগ, মেদবহুলতা আৰু ডায়েবেটিচৰ পৰা আৰম্ভ কৰি বদহজম আৰু হতাশা আদি সকলো সমস্যাৰ বাবে বিভিন্ন প্ৰকাৰৰ চাপ হৈছে মুখ্য কাৰক । চাপ আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা হ'ব পাৰে । সেয়ে যিকোনো চাপ দূৰ কৰাটো প্ৰধান লক্ষ্য হ'ব লাগে । অৱশ্যে, একাংশ লোকৰ বাবে এয়া অসম্ভৱ । সেয়ে ধ্যান, যোগ, ব্যায়াম আদিৰ দৰে অভ্যাস গঢ়ি তোলাৰ লগতে নিজৰ সৈতে কিছু সময় কটোৱাৰ দ্বাৰা আপুনি বিভিন্ন ধৰণৰ চাপ হ্ৰাস কৰিব পাৰে ।

Tips for better health
বছৰটো সুস্থ হৈ থকাৰ 10 টা টিপছ

ৰাতিপুৱাৰ ৰুটিন প্ৰস্তুত কৰক : নিজৰ সু-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পুৱাৰ ৰুটিন প্ৰস্তুত কৰিব পাৰে । পুৱাৰ ৰুটিন অনুসৰণ কৰিলে আপুনি বাকী পৃথিৱীৰ মুখামুখি হোৱাৰ পূৰ্বে আপুনি নিজকে প্ৰস্তুত কৰি দিনটো আৰম্ভ কৰিব পাৰে । ইয়াৰ দ্বাৰা আপুনি দিনটোৰ বাবে নিজকে সাজু কৰি তুলিব পাৰে ।

টোপনি আপোনাৰ বাবে অতি প্ৰয়োজন : এগৰাকী কৰ্ম উদ্যমী ব্যক্তিক সমাজত বিশেষ স্থান দিয়া হয় । সেয়ে শোৱাতকৈ অধিক কাম কৰাত আমি গুৰুত্ব দিও । টোপনিৰ দ্বাৰা শৰীৰটোক বিশ্ৰাম দিয়াৰ পৰিৱৰ্তে আমি অত্যাধিক কাম কৰি শৰীৰটোত চৰম পৰ্যায়লৈ ঠেলি দিও । আনকি ইয়াৰ দ্বাৰা শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে । টোপনিৰ অভাৱ অথবা ভালদৰে টোপনি নগ'লে বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে ।

টোপনিৰ অভাৱত এগৰাকী ব্যক্তি ইনচুলিন প্ৰতিৰোধ, স্নায়ু ৰোগ, ওজন বৃদ্ধি, হতাশা আদি মূল সমস্যাৰ সন্মুখীন হ'ব পাৰে । সেয়ে শৰীৰটো সুস্থ হৈ থকাৰ বাবে দৈনিক নিশা ৭-৮ ঘণ্টাৰ টোপনি অতি প্ৰয়োজন ।

আপোনাৰ দৈনিক প্ৰতিশ্ৰুতি ৰক্ষা কৰক : আপুনি সদায় নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক । ইয়াৰ দ্বাৰা আপোনাক কোনেও স্বাৰ্থপৰ বুলি ভাবিব নোৱাৰে । ইয়াৰ পৰিৱৰ্তে আপুনি শাৰীৰিক আৰু মানসিক শক্তি লাভ কৰিব । ইতিবাচক চিন্তা আৰু ইতিবাচক কথা-বতৰাই আপোনাক আত্ম-সন্দেহ, নেতিবাচক চিন্তা, লাজ আদিৰ পৰা দূৰত ৰাখিব । সেয়ে সদায় ইতিবাচক চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰক ।

দৈনিক লক্ষ্য স্থিৰ কৰক : আপোনাৰ দৈনন্দিন লক্ষ্য নিৰ্ধাৰণ কৰক । যিয়ে আপোনাৰ দৈনন্দিন জীৱনত ভৱাতকৈ বহুত বেছি প্ৰভাৱ পেলাব । কোনো বিষয় জনাৰ আগ্ৰহে আমাক লক্ষ্যত উপনীত হোৱাত সহায় কৰে । সেয়ে লক্ষ্য নিৰ্ধাৰণ কৰি সৎ পথৰ আশ্ৰয় লৈ আপুনি আপোনাৰ লক্ষ্যত অতি সহজে উপনীত হ'ব পাৰিব ।

গুণসম্পন্ন হ'বলৈ চেষ্টা কৰক : কামবোৰ আধৰুৱা কৰিবলৈ বন্ধ কৰক । ইয়াৰ দ্বাৰা আপুনি অধিক পৰিশ্ৰম কৰিব লগীয়া হোৱাৰ উপৰিও হতাশাত ভুগিব পাৰে । অৱশ্যে যদি আপুনি কৰ্ম উদ্যমী হয় তেনেহ'লে কম পৰিশ্ৰম আৰু আনন্দৰে কাম সম্পূৰ্ণ কৰিব পাৰে । সেই কামটোত আপুনি আপোনাৰ সৰ্বস্ব দিব পাৰে । ইয়াৰ ফলত আপোনাৰ সকলো দিশতে উন্নয়ন হোৱাৰ লগতে আপুনি বিজয়ী হোৱাত সহায় কৰে ।

(Note: যিকোনো চাপ্লিমেণ্ট গ্ৰহণ কৰাৰ পূৰ্বে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক)

লগতে পঢ়ক : Mosambi peels can help prevent Cancer : মৌচুমী ফলৰ বাকলিয়ে প্ৰতিৰোধ কৰিব পাৰে দুৰাৰোগ্য কৰ্কট ৰোগ

Last Updated : Jan 12, 2022, 7:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.