নেশ্যনেল ডেস্ক,১৫ মে': দেশজুৰি মহামাৰী কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিশেষকৈ মহাৰাষ্ট্ৰত কাল কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰাত ৰাজ্যখনত একপ্ৰকাৰ হাহাকাৰময়, বিভীষিকাৰ সৃষ্টি হৈছে । চিকিৎসালয়ত বিচনা, অক্সিজেন আৰু ভেণ্টিলেটৰৰ তীব্ৰ অভাৱ পৰিলক্ষিত হৈছে । ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লক ডাউন জাৰি কৰাৰ লগতে মুম্বাইৰ মন্দিৰ-গুৰুদ্বাৰসমূহ ক'ভিড কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হৈছে ।
কান্দিভালীৰ পৱন্ধম মন্দিৰ ১০০ খন বিচনা আৰু অক্সিজেনৰ সৈতে ক'ভিড কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হৈছে । এই কেন্দ্ৰটোত ২৪ ঘণ্টাই চিকিৎসকৰ এটা দল উপলব্ধ থাকিব । ইয়াৰ ফলত যথেষ্ঠ সহায় হৈছে । বিশেষকৈ যিসকল ৰোগীয়ে এখন বিচনাৰ বাবে হাহাকাৰ কৰি ঘূৰি ফুৰিবলগীয়া হৈছে সেইসকল ৰোগীৰ বাবে এই প্ৰচেষ্টা শলাগৰ শৰাই বুলি জানিব পৰা গৈছে । দাদৰ পূৱৰ শ্ৰীগুৰু সিং সভা গুৰুদ্বাৰ সমিতিয়ে বিনামূলীয়াকৈ অক্সিজেনৰ ব্যৱস্থা আৰম্ভ কৰিছে । তেওঁলোকে ৮০ টা সৰু আৰু জাম্বো অক্সিজেন চিলিণ্ডাৰ ক্ৰয় কৰিছে, যাতে দৰিদ্ৰ ৰোগীসকলক বিনামূলীয়াকৈ অক্সিজেন যোগান ধৰিব পাৰে । পৰৱৰ্তী সময়ৰ বাবে অধিক অক্সিজেন চিলিণ্ডাৰ যোগানৰ নিৰ্দেশ দিয়া হৈছে ।
ইফালে, আন্ধেৰী পূৱৰ জে বি নগৰৰ জৈন মন্দিৰতো টীকাকৰণ শিবিৰ আৰম্ভ কৰা হৈছে । লগতে চিকিৎসকসকলক বিশ্ৰাম কৰিবৰ বাবেও এটা কোঠাৰ ব্যৱস্থা কৰিছে মন্দিৰ কৰ্তৃপক্ষই । সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে ।
লগতে পঢ়ক: অসম ৰাইফলছৰ বিষয়াক হত্যাৰ অভিযুক্তক গ্ৰেপ্টাৰ এনআইএৰ