ETV Bharat / bharat

ক’ভিড-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ তেলেংগানাত 50হাজাৰ চিকিৎসাকৰ্মী নিযুক্তি

author img

By

Published : May 10, 2021, 12:23 PM IST

তেলেংগানা চৰকাৰে কৰ’ণা ভাইৰাছক সন্মুখৰ পৰা প্ৰতিহত কৰিবলৈ অস্থায়ীভাৱে 50 হাজাৰ চিকিৎসকক নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে দেওবাৰে সংশ্লিষ্ট কৰ্তৃপক্ষক অস্থায়ী ভিত্তিত ৫০ হাজাৰ চিকিৎসক নিয়োগ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ।

ক’ভিড-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ তেলেংগানাত 50হাজাৰ চিকিৎসাকৰ্মীক নিযুক্তি

নেশ্যনেল ডেস্ক, 10 মে’: কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ সমগ্ৰ দেশে মহামাৰীৰ বিৰুদ্ধে অহৰহ যুঁজ দি আছে ৷ ইয়াৰ মাজতে তেলেংগানা চৰকাৰে কৰ’ণা ভাইৰাছক সন্মুখৰ পৰা প্ৰতিহত কৰিবলৈ অস্থায়ীভাৱে 50 হাজাৰ চিকিৎসকক নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইফালে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে দেওবাৰে সংশ্লিষ্ট কৰ্তৃপক্ষক অস্থায়ী ভিত্তিত ৫০ হাজাৰ চিকিৎসক নিয়োগ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ।

তেলেংগানা চৰকাৰে জাৰি কৰা এক বিবৃতি অনুসৰি, মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ নাৰ্চ, লেব টেকনিচিয়ান আৰু অন্যান্য পেৰামেডিকেল কৰ্মচাৰীকো নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ সকল চিকিৎসকে এমবিবিএছ সম্পূৰ্ণ কৰিছে তেওঁলোকক অস্থায়ীভাৱে নিযুক্তি দিয়া হ'ব বুলি তেলেংগানা চৰকাৰে জাৰি কৰিছে ।

কেৱল নিযুক্তিয়েই নহয়, তেলেংগানা চৰকাৰে অস্থায়ীভাৱে নিযুক্তি দিবলগীয়া 50 হাজাৰ চিকিৎসাকৰ্মীক উচিত প্ৰাপ্য প্ৰদান কৰিব বুলি সদৰি কৰে ৷

আনকি তেলেংগানা চৰকাৰে প্ৰকাশ কৰা বিবৃতি অনুসৰি, তেলেংগানাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যুৱ চিকিৎসক সকলক মহামাৰীৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিবলৈ নিজে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । কেৱল যুৱ চিকিৎসক সকলকে নহয়, যোগ্য নাৰ্চ, ফাৰ্মাচিষ্ট, পৰীক্ষাগাৰৰ টেকনিচিয়ান আৰু পেৰামেডিক সকলকো আগবাঢ়ি আহি তেওঁলোকৰ সেৱা আগবঢ়াবলৈ আহ্বান জনাই তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ।

লগতে পঢ়ক: কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ৰাজ্যসভাৰ সাংসদ ৰঘুনাথ মহাপাত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.