নেশ্যনেল ডেস্ক, ৮ জুলাই : যাত্ৰাৰ সময়ত প্ৰায়ে মহিলা যাত্ৰী নিৰ্যাতনৰ বলি হোৱাৰ ঘটনা সংঘটিত হয় । অথবা বাছৰ বাবে অপেক্ষা কৰি থকাৰ সময়তো অপৰাধজনিত ঘটনাৰ সন্মুখীন হয় বহু মহিলা । সেয়ে মহিলা যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে তেলেংগানা ৰাজ্যিক পথ পৰিবহণ নিগমে শেহতীয়াকৈ এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে ।
এই নিৰ্দেশ অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পাছত মহিলা যাত্ৰীয়ে যি স্থানতে বাছ ৰখাবলৈ অনুৰোধ জনায়, সেই স্থানতে তেলেংগানা ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছ ৰখাব লাগিব । এই নতুন নিৰ্দেশ পালন কৰিবলৈ সকলো বাছ চালক আৰু হেণ্ডিমেনক নিৰ্দেশ জাৰি কৰিছে নিগমে । যদি বাছ চালক অথবা হেণ্ডিমেনে এই নিয়ম পালন নকৰে, তেন্তে যাত্ৰীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব অভিযোগ দাখিল কৰিব পাৰিব । মঙলবাৰে তেলেংগানা ৰাজ্যিক পথ পৰিবহণ নিগমে এক বিবৃতিযোগে এই কথা ঘোষণা কৰিছে ।
যাত্ৰীসকলক উন্নত সুবিধা প্ৰদান কৰা আৰু নিশা মহিলাসকলৰ বাছ ভ্ৰমণ সুৰক্ষিত কৰাৰ উদ্দেশ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে নিগমে ।
নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, কোনো মহিলা যাত্ৰীয়ে সমস্যাৰ সন্মুখীন হ'লে তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰিব ৷ কৰ্তৃপক্ষই এই বিষয়ত পুংখানুপুংখ তদন্ত কৰিব । তেলেংগানা ৰাজ্যিক পথ পৰিবহণ নিগমে মহিলা যাত্ৰীসকলক এই সেৱা গ্ৰহণ কৰি বাছ যাত্ৰা সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে ।
সাংবাদিকৰ আগত তেলেংগানা ৰাজ্যিক পথ পৰিবহণ নিগমৰ হায়দৰাবাদৰ আঞ্চলিক প্ৰৱন্ধক চি এইচ ভেংকান্নাই কয় যে, মহিলাসকলে কৰ্মসূত্ৰে বিভিন্ন স্থানলৈ ভ্ৰমণ কৰিবলগীয়া হয় আৰু কেতিয়াবা পলম হ'লে ব্যক্তিগত পৰিবহণৰ ওপৰত নিৰ্ভৰ কৰিবলগা হয় । ব্যক্তিগত পৰিবহণ সুৰক্ষিত নহ'বও পাৰে । সেয়েহে, মহিলাসকল কৰ্মস্থানৰ পৰা সুৰক্ষিত অৱস্থাত ঘৰলৈ উভতি অহাটো নিশ্চিত কৰিবলৈ তেলেংগানা ৰাজ্যিক পথ পৰিবহণ নিগমে ১৭ টা বাছ আস্থানত এই সেৱা আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে চি এইচ ভেংকান্নাই । এই সেৱা কাৰ্যকৰী কৰিবলৈ সকলো চালক আৰু হেণ্ডিমেনক কঠোৰ নিৰ্দেশনা দিয়া হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ।
আনহাতে, তেলেংগানা ৰাজ্যিক পথ পৰিবহণ নিগমৰ এই পদক্ষেপে মহিলা যাত্ৰীসকলক যথেষ্ট সহায় কৰিব । ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছৰ হেণ্ডিমেন ছুগাণ্ডাই কয় যে, এই সেৱা যাতে সঠিকৰূপে কাৰ্যকৰী কৰা হয় সেয়া তেওঁলোকে নিশ্চিত কৰিব । তেলেংগানা মজদুৰ সংগঠনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক থমাছ ৰেড্ডীয়ে কয় যে, মহিলাসকলে কৰ্মক্ষেত্ৰলৈ যোৱা আৰু ঘৰলৈ উভতি যোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হয় আৰু নিগমে আগবঢ়োৱা এই সেৱাই মহিলাসকলৰ ভ্ৰমণ সুৰক্ষিত কৰি তুলিব ।
লগতে পঢ়ক: মোডী কেবিনেটত কোন মন্ত্ৰীৰ কি দপ্তৰ লাভ...