ETV Bharat / bharat

Telangana Assembly Election 2023: জুবিলী হিলছত জয়ৰ দৃষ্টিৰে আজহাৰুদ্দিন, কোটিপতিৰ সমষ্টিত সাধাৰণ ৰাইজৰ বাবে উন্নয়নৰ প্ৰতিশ্ৰুতি - Jubilee hills

ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা মহম্মদ আজহাৰুদ্দিনে নিজৰ গৃহ চহৰ হায়দৰাবাদৰ পৰা জয়ী হোৱাত আত্মবিশ্বাসী ৷ কাৰণ তেওঁৰ মতে বি আৰ এছ চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে। কংগ্ৰেছৰ টিকটত জুবিলী হিলছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা আজহাৰে বিজয়ৰে বিধানসভাত অভিষেক ঘটাবলৈ আগ্ৰহী। সোমবাৰে ইটিভি ভাৰতৰ নিখিল বাপতে তেওঁৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত কথা পাতিছিল।

Telangana Assembly Election 2023
ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদলৈ মহম্মদ আজহাৰুদ্দিন
author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 10:02 PM IST

নিউজ ডেস্ক, 13 নৱেম্বৰ : আগন্তুক তেলেংগানা নিৰ্বাচনৰ বাবে জুবিলী হিলছ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিনে নিজৰ গৃহ চহৰত জয়ৰ বাবে আত্মবিশ্বাসী ৷ কাৰণ তেওঁৰ মতে শাসকীয় বি আৰ এছে পৰিচিত অঞ্চলটোত “শূন্য উন্নয়ন” পৰিচালনা কৰিছে ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আজহাৰুদ্দিনে কয় যে সমষ্টিটোৰ অৱস্থা দেখি তেওঁ বিচলিত হৈ পৰিছে ৷ "এইটো জুবিলী হিলছ সমষ্টি, নামটো বহুত ডাঙৰ ৷ জুবিলী হিলছ বুলি ক'লে সকলোৱে ভাবে যে ইয়াত কোটিপতিসকলে বাস কৰে, কিন্তু সমষ্টিটো যিখন ৰাজ্যত আছে চাওকচোন ৷ মই ইয়ালৈ যেতিয়া প্ৰথম আহিছিলো তেতিয়া মই বহুত বিচলিত হৈছিলো ৷ কিন্তু মই ভাবো সময়ৰ লগে লগে আমি ইয়াক বিকশিত কৰিম...বিধায়ক হ’ম আৰু সমষ্টিটোৰ উন্নয়ন কৰিম ৷” আজহাৰুদ্দিনে কয় ৷

60 বছৰীয়া প্ৰাক্তন সাংসদগৰাকীৰ মন্তব্যত খেলপথাৰত তেওঁৰ দিনবোৰৰ দৰে আত্মবিশ্বাস আৰু আগ্ৰহৰ প্ৰতিধ্বনিত হয় যদিও তেলেংগানাত 30 নৱেম্বৰত অনুষ্ঠিত হ’বলগা নিৰ্বাচনত সমষ্টিটোত বহুকোণীয়া প্ৰতিযোগিতাত তেওঁ নিজকে এক জটিল উইকেটত পাব পাৰে ৷ শাসনাধীষ্ঠ বিআৰএছে পুনৰ মাগন্তী গোপীনাথক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, যি একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰিবলৈ ইচ্ছুক ৷ বিজেপিয়ে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে এল দীপক ৰেড্ডীক ৷ বি আৰ এছৰ লাভৰ বাবে মুছলমানৰ ভোট বিভাজন কৰাৰ প্ৰয়াস হিচাপে গণ্য কৰা মহম্মদ ৰাছেদ ফৰাজুদ্দিনক আই আই এম আই এমে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে ৷

আজহাৰুদ্দিনে সাধাৰণ ৰাইজৰ বাবে উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে, তেওঁ আত্মবিশ্বাসী যে বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰিব ৷ "মই (জয়ৰ ওপৰত) বহুত আত্মবিশ্বাসী ৷ আচলতে মোৰ বাবে এইখন নতুন মেচ নহয়...আগতেও দুবাৰমান নিৰ্বাচনত যুঁজিছো ৷ কিন্তু মই ভাবো এই (নিৰ্বাচন) বেলেগ কাৰণ ই মোৰ গৃহ চহৰ ৷ মানুহে মোক ইয়াত ভাল পায় ৷ জুবিলী হিলছৰ জনসাধাৰণৰ পৰা যি সঁহাৰি পাইছো সেয়া অসাধাৰণ | মোৰ সমষ্টিটো অসাধাৰণ, মানুহবোৰ বৰ ভাল...তেওঁলোকে কামটো সম্পন্ন হোৱাটো বিচাৰে ৷" 1992, 1996 আৰু 1999 চনৰ এদিনীয়া বিশ্বকাপত ভাৰতক নেতৃত্ব দিয়া আজহাৰুদ্দিনে এইদৰে কয় ৷

2009 চনত জয়লাভ কৰাৰ পিছত উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ পৰা সংসদ সদস্য হিচাপে কৰ্মৰত ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে সোমবাৰে মধ্য হায়দৰাবাদৰ ইউছুফগুডাত নাগৰিকৰ পৰা ভোট বিচাৰি প্ৰচাৰ অভিযানৰ পথত আগবাঢ়িছিল ৷ তেলেংগানাত কংগ্ৰেছ ক্ষমতালৈ আহিব নেকি বুলি সোধাত তেওঁ কয় "হয় নিশ্চিতভাৱে!" আৰু যোৱা 9 বছৰত কোনো উন্নয়নমূলক কাম নকৰিলে বুলি তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু বি আৰ এছক কটাক্ষ কৰে তেওঁ ৷

আজহাৰুদ্দিনে কয়, "যোৱা 9 বছৰ ধৰি কোনো উন্নয়নৰ কাম হোৱা নাই ৷ আপুনি কয় 'বাংগাৰু' তেলেংগানা (গোল্ডেন তেলেংগানা), কিন্তু আচলতে যদি আপুনি চায় তেন্তে বাংগাৰু তেলেংগানা নাই ৷"

প্ৰথম শ্ৰেণীৰ 15,855 ৰাণ থকা আজহাৰুদ্দিনৰ মতে জুবলী হিলছত শূন্য উন্নয়ন হৈছে ৷"মোৰ বাবে উন্নয়ন হৈছে দুখীয়া মানুহৰ উন্নয়ন কৰা ৷ উন্নয়ন হৈছে ডাঙৰ অট্টালিকা নিৰ্মাণ কৰি ডাঙৰ মানুহ অনা নহয় ৷ কোনো চাকৰি নাই ৷ ইয়াত বাস কৰা মানুহখিনিৰ যদি আপুনি উন্নয়ন নকৰে তেন্তে উন্নয়ন নহয় ৷" তেওঁ কয় ৷

"ৰাজনৈতিক জয় সদায় মধুৰ...ভাৰতীয় দলত সোমাবলৈ খেলি থাকোঁতে মোৰ প্ৰায় 12 বছৰ সময় লাগিছিল ৷ কিন্তু সাংসদ হ'বলৈ মোৰ মাত্ৰ এমাহ সময় লাগিছিল আৰু এতিয়া ইয়াতো, বিধায়ক হ'বলৈ আশাকৰোঁ ৷ ৰাজনীতিত আমি পোৱা ফলাফল অতি ক্ষীপ্ৰ ৷" আজহাৰুদ্দিনে কয় |

টিম ইণ্ডিয়াৰ অসাধাৰণ ক্ৰিকেট বিশ্বকাপ অভিযানৰ বিষয়ে সোধাত ক্ৰিকেটাৰ-ৰাজনীতিবিদগৰাকীয়ে কয় যে মেন ইন ব্লু দলে ভাল কম্বিনেচনৰ সৈতে খেলি থকাৰ বাবে এই আকাংক্ষিত ট্ৰফী লাভ কৰাৰ এক বৃহৎ সুযোগ আছে ৷ "তেওঁলোকৰ বেটিং ভাল, ফিল্ডিং ভাল আৰু বলিং ভাল ৷ সকলো বিভাগ ছিংকত আছে ৷"

30 নৱেম্বৰত তেলেংগানাত 119খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ কংগ্ৰেছে 117খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মিত্ৰদল চিপিআইয়ে দুখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷

লগতে পঢ়ক : Meitei extremist organisations: পাঁচ বছৰলৈ বে-আইনী ঘোষণা কেইবাটাও মেইটেই সংগঠনক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.