ETV Bharat / bharat

চৰকাৰী চাকৰিত মহিলাৰ বাবে ৩৩.৩ শতাংশ আসন সংৰক্ষণৰ নিৰ্দেশ

ৰাজ্য চৰকাৰৰ এক ঘোষণাই আশাৰ বতৰা কঢ়িয়াই আনিছে দৰিদ্ৰ পৰিয়ালৰ মহিলাসকললৈ । চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ মহিলাৰ বাবে ৩৩.৩ শতাংশ সংৰক্ষণৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে । মঙলবাৰে জাৰি কৰে এই নিৰ্দেশনা ৷ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰতো আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰীৰ বাবে কৰা হৈছে আসন সংৰক্ষণৰ ব্যৱস্থা ।

চৰকাৰী চাকৰিত মহিলাৰ বাবে ৩৩.৩ শতাংশ আসন সংৰক্ষণৰ নিৰ্দেশ
চৰকাৰী চাকৰিত মহিলাৰ বাবে ৩৩.৩ শতাংশ আসন সংৰক্ষণৰ নিৰ্দেশ
author img

By

Published : Aug 25, 2021, 1:56 PM IST

Updated : Aug 25, 2021, 2:05 PM IST

নেশ্যনেল ডেস্ক, ২৫ আগষ্ট: দৰিদ্ৰ শ্ৰেণীৰ মহিলাৰ বাবে সুখবৰ । এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ বিভিন্ন পদ আৰু সেৱাত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ মহিলাসকলৰ বাবে ৩৩.৩ শতাংশ আসন সংৰক্ষণ কৰা হ'ব । মঙলবাৰে এক নিৰ্দেশনা জাৰি কৰি ৰাজ্য চৰকাৰে ১০ শতাংশ ই ডব্লিউ এছ(Economically Weaker Sections) সংৰক্ষণ কাৰ্যকৰী কৰাৰো নিৰ্দেশ দিয়ে । লগতে প্ৰতিখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰীৰ সুবিধাৰ্থে আসনৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলি ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে ।

মুখ্য সচিবে জানিবলৈ দিয়া মতে, ৰাজ্য চৰকাৰৰ অধীনৰ বিভিন্ন পদ আৰু সেৱাত প্ৰাৰম্ভিক নিযুক্তিৰ সময়ত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ৩৩.৩ শতাংশ সংৰক্ষণ কৰা হ'ব । কেন্দ্ৰই প্ৰাৰম্ভিক নিযুক্তি আৰু শিক্ষানুষ্ঠানসমূহত নামভৰ্তিৰ বাবে ১০ শতাংশ ই ডব্লিউ এছ সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰাৰ দুবছৰৰ পিছত এই নিৰ্দেশনা জাৰি কৰা হৈছে ।

উল্লেখ্য যে, যিসকল দৰিদ্ৰ ব্যক্তি অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্য়ান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত আঁচনিৰ অধীনত অন্তৰ্ভুক্ত নহয় ৷ যি পৰিয়ালৰ মুঠ বাৰ্ষিক উপাৰ্জন আঠ লাখ টকাতকৈ কম সেই লোকসকলক আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব বুলি ৰাজ্য চৰকাৰে নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰিছে ।

আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে কৰা সংৰক্ষণৰ সুবিধা লাভ কৰিবলৈ আবেদন কৰাৰ সময়ত পূৰ্বৰ বিত্তীয় বৰ্ষৰ বাবে দৰমহা, কৃষি, ব্যৱসায়ৰ আদি সকলো উৎসৰ পৰা কৰা উপাৰ্জন আয় হিচাপে অন্তৰ্ভুক্ত কৰিব লাগিব । এই সংৰক্ষণৰ ব্যৱস্থাই বাৰুকৈয়ে উপকৃত কৰিব ৰাজ্যৰ দৰিদ্ৰ মহিলাসকলক ।

অৱশ্যে দৰিদ্ৰ মহিলাৰ বাবে এই সুবিধাসমূহ তেলেংগানা চৰকাৰেহে আগবঢ়াইছে । এতিয়ালৈকে ৰাজ্যখনৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণ কাৰ্যকৰী কৰা হৈছে । ই ডব্লিউ এছৰ অধীনত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী হ'লে সংৰক্ষণ ৬০ শতাংশ হ'বগৈ ।

লগতে পঢ়ক: লেনদেনত পলম নকৰিব, 28-31 আগষ্টলৈ বন্ধ থাকিব বেংক

Last Updated : Aug 25, 2021, 2:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.