নেশ্যনেল ডেস্ক,৩০ নৱেম্বৰ : ২০১৪ চনত অন্ধ্ৰ প্ৰদেশৰ পৰা পৃথক হোৱা তেলেংগানাত বৃহস্পতিবাৰে নিৰ্বাচন অনুষ্ঠিত হৈছে । মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বত ভাৰত ৰাষ্ট্ৰ সমিতিয়ে ক্ষমতা বিৰোধীৰ সন্মুখীন হোৱাৰ সমান্তৰালকৈ কৰ্ণাটকৰ পাছত দক্ষিণৰ দ্বিতীয়খন ৰাজ্যত কংগ্ৰেছে জয়লাভ কৰাৰ আশা কৰিছে । ক্ষমতাত থকা বিআৰএছ দলে সমাজ কল্যাণ কাৰ্যসূচীক দলৰ ইউএছপি হিচাপে বৰ্ণনা কৰিছে আনহাতে বিজেপিয়েও কেৱল দলৰ ভেটি শক্তিশালী আৰু সম্প্ৰসাৰিত কৰাৰ আশা কৰিছে ।
ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ সমষ্টিৰ তালিকাত গজৱেল অন্তৰ্ভুক্ত আছে । একেদৰে হুজুৰাবাদ, কোৰুতলা, মহেশ্বৰম, গোশামহল, মেহবুবনগৰ, এলবি নগৰ, ৱাৰাংগল পূব আৰু পশ্চিম, ভুপালাপল্লী, খাইৰাটাবাদ, অম্বৰপেট, বোথ, নিৰ্মল, আদিলাবাদ, ৰামগুণ্ডম, পেড্ডাপল্লী, কোঠাগুডেম, আৰ্মূৰ, নিজামাবাদ নগৰ, পাটনচেৰু, চেৰিলিংআম্পাল্লি, হাছনাবাদ,ডাব্বাক, কালৱাকুৰ্টিও অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি ।
বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা বিআৰএছৰ প্ৰতিষ্ঠাপক কে চন্দ্ৰশেখৰ ৰাৱে দুখন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে । তেওঁৰ আসন দুখন হৈছে গজৱেল আৰু কামাৰেড্ডী । ২০১৮ চনৰ নিৰ্বাচনত কেচিআৰয়ে গজৱেলত ৫৮,০০০ তকৈও অধিক ভোটত জয়ী হৈছিল । এইবাৰ, তেওঁ গজৱেলত বিজেপি নেতা ইতেলা ৰাজেন্দ্ৰ আৰু কামাৰেড্ডীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডীৰ মুখামুখি হৈছে । বিজেপি নেতা ইতেলা ৰাজেন্দ্ৰ আৰু কামাৰেড্ডীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়েও দুখনকৈ আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে ।
একেদৰে তেওঁৰ পুত্ৰ তথা তেলেংগানাৰ মন্ত্ৰী কে টি ৰামা ৰাৱে চিৰচিলা আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে । তেওঁ ২০১৮ চনত ৮৯,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত এই আসনৰ পৰা জয়ী হৈছিল ।
কোৰুতলাৰ ওপৰত বিশেষ দৃষ্টি নিবদ্ধ আছে দলসমূহৰ । য'ত বিজেপিয়ে লোকসভাৰ সদস্য অৰবিন্দ ধৰ্মপুৰীক বিআৰএছৰ কালভাকুন্তলা সঞ্জয় আৰু কংগ্ৰেছৰ নৰসিঙ্গা ৰাও জুৱবাদীৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
মহেশ্বৰমত বিআৰএছ দলে পাটলোলা সবিতা ইন্দ্ৰ ৰেড্ডীক টিকট প্ৰদান কৰিছিল । তেওঁ কংগ্ৰেছৰ কে লক্ষ্মণ ৰেড্ডী আৰু বিজেপিৰ আন্দেলা শ্ৰীৰামুলু যাদৱৰ মুখামুখি হৈছে ।
বিজেপিৰ টি ৰাজা আৰু এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইচিৰ ভাতৃ আকবৰুদ্দিন ওৱাইচিয়ে চন্দ্ৰযানগুট্টা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে । মেহবুবনগৰত বিআৰএছৰ ভি শ্ৰীনিবাস গৌড়, বিজেপিৰ এপি মিথুন কুমাৰ ৰেড্ডী আৰু কংগ্ৰেছৰ য়েন্নাম শ্ৰীনিবাস ৰেড্ডীৰ প্ৰতিযোগিতা আকৰ্ষণীয় হ'ব । এলবি নগৰত বিজেপিৰ সমা ৰঙা ৰেড্ডীয়ে কংগ্ৰেছৰ মধু য়াছখি গৌড় আৰু বিআৰএছৰ দেৱী ৰেড্ডী সুধীৰ ৰেড্ডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছে ।
ভূপালাপল্লী আসনত বিআৰএছৰ গন্দ্ৰা ভেঙ্কট ৰমনা ৰেড্ডীয়ে কংগ্ৰেছৰ গন্দ্ৰা সত্যনাৰায়ণ ৰাও আৰু বিজেপিৰ জি কীৰ্তি ৰেড্ডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ৰামাগুণ্ডমত বিআৰএছৰ কোৰুকান্তি চন্দ্ৰ পেটেলে কংগ্ৰেছৰ মাক্কান সিং ৰাজ ঠাকুৰ আৰু বিজেপিৰ কান্দুলা সন্ধ্যা ৰাণীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছে । পেড্ডাপল্লী আসনত কংগ্ৰেছ প্ৰাৰ্থী চিন্তাকুন্ত বিজয়া ৰমনা ৰাওক বিজেপিৰ প্ৰদীপ কুমাৰ দুগয়ালা আৰু বিআৰএছৰ দাসৰী মনোহৰ ৰেড্ডীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা দেখা গৈছে ।
মাধিৰা বিধানসভা সমষ্টিত কংগ্ৰেছ নেতা মল্লু ভাট্টি বিক্ৰমাৰ্কা আৰু বিআৰএছৰ কমল ৰাজু লিংগালাৰ মাজত যুঁজ হোৱাৰ সম্ভাৱনা আছে । কিয়নো ভাট্টিয়ে পূৰ্বৰ নিৰ্বাচনত সামান্য ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ।
একেদৰে বাকী সমষ্টিবোৰৰ ওপৰতো সকলো ভোটাৰ তথা ৰাজনীতিবিদৰ দৃষ্টি নিবদ্ধ আছে । কিয়নো বিজেপিয়ে তেলেংগানাত প্ৰথমখন চৰকাৰ গঠন কৰিব বিচাৰিছে । আনহাতে কংগ্ৰেছে শেহতীয়াকৈ কৰ্ণাটকৰ লগতে দাক্ষিণাত্যত ভেটি শক্তিশালী কৰাৰ দাবী কৰিছে । যদি কেচিআৰে পুনৰ এবাৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ব পাৰে তেনেহ'লে দক্ষিণৰ ৰাজ্যত এগৰাকী মুখ্যমন্ত্ৰীয়ে একেৰাহে তিনিটা কাৰ্যকালৰ আৰম্ভ কৰা এয়া প্ৰথম উদাহৰণ হ'ব ।
লগতে পঢ়ক :বিজেপি, কংগ্ৰেছ, বি আৰ এছৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজত তেলেংগানাত আৰম্ভ ভোটদান প্ৰক্ৰিয়া