ETV Bharat / bharat

শনিবাৰে অনুষ্ঠিত হ’ব তেলেংগানা চৰকাৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Jun 19, 2021, 12:43 PM IST

শনিবাৰে লকডাউন তথা ক’ভিড পৰিস্থিতি সন্দৰ্ভত আৰু কৃষি সন্দৰ্ভত তেলেংগানা চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আয়োজিত হ’ব ৷ উল্লেখ্য যে, ৰাজ্যখনত চলি থকা লকডাউন অনাগত শনিবাৰে সমাপ্ত হোৱাৰ কথা আছে ।

Telangana Cabinet to meet today, to take call on COVID lockdown
শনিবাৰে অনুষ্ঠিত হ’ব তেলেংগানা চৰকাৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক

নেশ্যনেল ডেস্ক, 19 জুন : তেলেংগানা চৰকাৰৰ কেবিনেটৰ (Telengana state cabinet ) আজি চলিত ক’ভিড-১৯ লকডাউন আৰু কৃষিৰ ওপৰত বাৰিষাৰ প্ৰভাৱকে ধৰি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ বাবে বৈঠকত মিলিত হোৱাৰ কথা জানিব পৰা গৈছে । শুকুৰবাৰে ৰাজ্য চৰকাৰৰ এক বিজ্ঞপ্তিত কোৱা হৈছে যে, মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও (k Chandrashekhar Rao )ৰ অধ্যক্ষতাত শনিবাৰে দুপৰীয়া ২ বজাত প্ৰগতি ভৱনত ৰাজ্যিক কেবিনেটৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হ'ব ।

এই বিজ্ঞপ্তিৰ যোগে কোৱা হৈছে যে, অনাগত বৈঠকখনত কেবিনেটে, ৰাজ্যখনত লকডাউন, বৰষুণ, বাৰিষা ঋতুৰ কৃষি, কৃষি সম্পৰ্কীয় ঋতুগত সমস্যা, গোদাৱৰীৰ পানী উঠোৱা, হাইডেল বিদ্যুৎ উৎপাদন আৰু অন্যান্য গুৰুত্বপূৰ্ণ দিশবোৰৰ বিষয়ে আলোচনা কৰিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে, ৰাজ্যখনত চলি থকা লকডাউন অনাগত শনিবাৰে সমাপ্ত হোৱাৰ কথা আছে । বৰ্তমান, কেবিনেটে লকডাউনৰ সময় পুৱা 6 বজাৰ পৰা সন্ধিয়া 5 বজা বুলি নিৰ্ধাৰণ কৰি কিছু শিথিলতা প্ৰদান কৰিছে ৷ ইয়াৰ লগতে চৰকাৰে কৰ্মৰত লোকসকলক তেওঁলোকৰ কাৰ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ বাবে অতিৰিক্ত এক ঘণ্টা অৰ্থাৎ,সন্ধিয়া 6 বজালৈকে অনুমতি দিছে ।

তেলেংগানাত শুকুৰবাৰে ১,৪১৭ জন লোকৰ দেহত নতুনকৈ ক’ভিড-১৯ ৰ অৱস্থিতি পোৱা গৈছে, ইয়াৰ ফলত ৰাজ্যখনত মুঠ আক্ৰান্ত লোকৰ সংখ্যা ৬,১০,৮৩৪ লৈ বৃদ্ধি পাইছে, আনহাতে নতুনকৈ ১২ গৰাকী লোকৰ মৃত্যুৰ পিছত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৩,৫৪৬ লৈ বৃদ্ধি পাইছে ।

শুকুৰবাৰৰ দিনটোত বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমত (GHMC) সৰ্বাধিক ১৪৯ গৰাকী, ৰংগাৰেড্ডীত ১০৪ গৰাকী আৰু খাম্মাম জিলাত 93 লোক আক্ৰান্ত হোৱাৰ কথা ৰাজ্য চৰকাৰৰ এক বুলেটিনত প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক : ‘উড়ন্ত শিখ’ মিলখা সিঙৰ জীৱনৰ দৌৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.