ETV Bharat / bharat

E Assembly in Assam : অসমত হ’ব পাৰে ই-বিধানসভা ! - team of assam officials and political leaders visit

পৰিকাঠামো সলনি হ’ব পাৰে অসম বিধানসভাৰ ৷ ইতিমধ্যে অসম বিধানসভাৰ এটা প্ৰতিনিধি দলে হিমাচল প্ৰদেশত গৈ পৰ্যবেক্ষণ কৰিছে ই-বিধান সভাৰ প্ৰণালী (E Vidhansabha of Himachal Pradesh) ৷ হিমাচল প্ৰদেশ হৈছে ই-বিধানসভা প্ৰৱৰ্তন কৰা দেশৰ প্ৰথমখন ৰাজ্য ৷

E Assembly in Assam
E Assembly in Assam
author img

By

Published : Dec 28, 2021, 8:39 PM IST

নিউজ ডেস্ক, 28 ডিচেম্বৰ : দেশৰ প্ৰথমখন ই-বিধানসভাত (India's first E Vidhansabha) মঙলবাৰে কাৰ্য প্ৰণালীৰ বুজ ল’লে অসম বিধানসভাৰ এটা প্ৰতিনিধিৰ দলে ৷ অসম বিধানসভাৰ প্ৰতিনিধিৰ দলটোৱে হিমাচল প্ৰদেশ ভ্ৰমণ কৰি ৰাজ্যখনৰ ই-বিধানসভাৰ কামসমূহ কেনেদৰে চালিত হয় সেয়া নিৰীক্ষণ কৰে ৷ দলটোক নেতৃত্ব দিয়ে ইউ পি পি এলৰ বিধায়ক লৰেন্স ইছলাৰীয়ে ৷

দলটোত আছে বিধায়ক ৰূপক শৰ্মা, মানৱ ডেকা আৰু পৃথ্বীৰাজ ৰাভা ৷ তাৰোপৰি যুটীয়া সচিৱ ৰাজীৱ ভট্টাচাৰ্য, এন চক্ৰবৰ্তী সহ কেইবাজনো বিষয়াও আছে এই দলত ৷ অসমৰ পৰা যোৱা দলটোৱে হিমাচল বিধানসভাৰ সচিব বেগৰাম কাশ্যপ, উপ-সচিৱ সঞ্জীৱ গুপ্তাৰ সৈতে বৈঠকত মিলিত হয় ৷ ই-বিধানসভা আৰু ই-নিৰ্বাচন ক্ষেত্ৰৰ প্ৰৱৰ্তনৰ বাবে হিমাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ বিপিন সিং পৰমাৰক ধন্যবাদ জনায় অসমৰ দলটোৱে ৷

উল্লেখ্য যে, দেশৰ কেইবাখনো ৰাজ্যই ই-বিধানসভা প্ৰৱৰ্তনৰ পোষকতা কৰিছে ৷ বহুকেইটা দলে ইতিমধ্যে এই প্ৰক্ৰিয়া সন্দৰ্ভত অধ্যয়নো কৰিছে ৷ উত্তৰ-পূৱৰ ৰাজ্যৰ লগতে হাৰিয়ানা আৰু কৰ্ণাটকেও Paperless বিধানসভাৰ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ হিমাচলত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সময়ৰ পৰাই ই-বিধানসভা (E Vidhansabha of Himachal Pradesh) আৰম্ভ কৰা হৈছিল ৷ ইউ পি এ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত ইয়াক অনুমোদন জনোৱা হৈছিল ৷

হিমাচল প্ৰদেশ বিধানসভাই 2014 চনৰ আগষ্ট মাহত দেশৰ প্ৰথমখন ই-বিধানসভা হিচাপে স্বীকৃতি লাভ কৰিছিল ৷ কাগজবিহীন প্ৰণালীৰ ফলত প্ৰতিবছৰে প্ৰায় 6 হাজাৰ গছ ৰক্ষা পৰে আৰু প্ৰায় 15 কোটি টকা ৰাহি হয় (Paperless assembly of Himachal Pradesh) ৷ হিমাচল বিধানসভাৰ অধ্যক্ষ বিপিন সিং পৰমাৰৰ মতে দেৱভূমি হিমাচলে দেশৰ আন ৰাজ্যসমূহক এই প্ৰক্ৰিয়া শিকোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো সহায় কৰিব ৷

লগতে পঢ়ক : APW against corruption: দক্ষতা বিকাশৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবী APW ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.