গুৱাহাটী, ৫ ছেপ্টেম্বৰ : বিশ্ববিখ্যাত দাৰ্শনিক, শিক্ষাবিদ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত সমগ্ৰ দেশতে মঙলবাৰে শিক্ষক দিৱস পালন কৰা হৈছে । এই পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত কলাক্ষেত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৬২ সংখ্যক শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা প্ৰাক-প্ৰাথমিক, প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ মুঠ ৩৬ গৰাকী মনোনীত কৃতী শিক্ষাগুৰুলৈ ৰাজ্যিক বঁটা প্ৰদান কৰা হয় ।
![কৃতী শিক্ষকক বঁটা প্ৰদান ৰাজ্য চৰকাৰৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-09-2023/teachersdayataspecialshcoolinassammeghalayaborder_05092023171302_0509f_1693914182_580.jpg)
অনুষ্ঠানত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । ইয়াৰ উপৰি ইতিমধ্যে ৰূপায়িত হোৱা নতুন শিক্ষা নীতিয়ে উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষাৰ মাজতে এক সামঞ্জস্য ৰক্ষাৰ কথাত গুৰুত্ব দিয়ে ৷ এই সামঞ্জস্য ৰক্ষাৰ উদ্দেশ্যৰে পোনপ্ৰথমবাৰৰ বাবে ৯ গৰাকীকৈ মহাবিদ্যালয়ৰ প্ৰবক্তাক তেওঁলোকৰ গৱেষণাৰ পেটেণ্ট স্বীকৃতি লাভৰ বাবে এই অনুষ্ঠানত বঁটা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । লগতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনৰ ৯ খনকৈ মহাবিদ্যালয়ে NAAC ৰ মূল্যায়নত A+ গ্ৰেড লাভ কৰাৰ বাবে সম্বৰ্ধনা জনোৱা হয় ৷
![বঁটা প্ৰদান অনুষ্ঠানত শিক্ষা মন্ত্ৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-09-2023/teachersdayataspecialshcoolinassammeghalayaborder_05092023171302_0509f_1693914182_964.jpg)
বাহনা মহাবিদ্যালয় (যোৰহাট), ভোলানাথ মহাবিদ্যালয় (ধুবুৰী), ডিগবৈ মহাবিদ্যালয় (তিনিচুকীয়া), ফৰকাটিং মহাবিদ্যালয় (গোলাঘাট), জাগীৰোড মহাবিদ্যালয় (মৰিগাওঁ), নন্দনাথ শইকীয়া মহাবিদ্যালয় (যোৰহাট), সোণাপুৰ মহাবিদ্যালয় (কামৰূপ মহানগৰ), চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় (যোৰহাট) আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ (মৰিগাঁও) অধ্যক্ষসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
![উপস্থিত দৰ্শক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-09-2023/teachersdayataspecialshcoolinassammeghalayaborder_05092023171303_0509f_1693914183_603.jpg)
অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত শিক্ষামন্ত্ৰীগৰাকীয়ে ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক স্মৰণ কৰি উল্লেখ কৰে যে এই বঁটাই সমগ্ৰ শিক্ষক সমাজকে প্ৰতিনিধিত্ব কৰিছে । তেওঁ লগতে উল্লেখ কৰে যে এই বঁটা বাছনিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দিক-নিৰ্দেশনাসমূহ স্পষ্টভাৱে প্ৰতিফলিত হৈছে । যাৰ ফলস্বৰূপে এইবাৰ নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ত কৰ্মৰত এনচিচিৰ নোডেল বিষয়া কেপ্টেইন মিনু দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শিক্ষাৰ লগত শাৰীৰিক শ্ৰম বা সুস্থ শৰীৰ এটা অতি দৰকাৰী আৰু এই ক্ষেত্ৰত শিক্ষা বিভাগে আহি থকা দিনসমূহত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব । তেওঁ আৰু কয় যে প্ৰতিখন মহাবিদ্যালয়ে আমাৰ বিদ্যালয়সমূহক আগুৱাই লৈ যোৱাত মেণ্টৰৰ ভূমিকা পালন কৰিব লাগিব ।
মঙলবাৰৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ডঃ ননীগোপাল মহন্ত, উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বিআৰ চামাল, সচিব নাৰায়ণ কোঁৱৰ, সৰ্বশিক্ষাৰ মিছন সঞ্চালক ডাঃ ওম প্ৰকাশ, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত পল্লৱ গোপাল ঝা, শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।
লগতে পঢ়ক :APDCL load shedding : অসহনীয় গৰমৰ মাজতে সঘন লোড শ্বেডিঙত অতিষ্ঠ ৰাজ্যবাসী