ETV Bharat / bharat

Chandrababu Naidu arrested : 'তেলেগু লোক, অন্ধ্ৰপ্ৰদেশ আৰু দেশমাতৃৰ সেৱাত কোনো শক্তিয়ে মোক বাধা দিব নোৱাৰে': টিডিপিৰ মুৰব্বী

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 12:50 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ । দক্ষতা বিকাশ আঁচনিৰ কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ নেতাগৰাকীক । জগন ৰেড্ডী নেতৃত্বাধীন চৰকাৰক সমালোচনা বিভিন্নজনৰ ।

Chandrababu Naidu arrested
তেলেগু লোক, অন্ধ্ৰপ্ৰদেশ আৰু দেশমাতৃৰ সেৱাত কোনো শক্তিয়ে মোক বাধা দিব নোৱাৰে

নেশ্যনেল ডেস্ক,৯ ছেপ্টেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰৰ লগে লগে ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চন্দ্ৰবাবুৰ গ্ৰেপ্তাৰক লৈ তেওঁৰ দল আৰু নেতাগৰাকীৰ অনুৰাগীসকলো অসন্তুষ্ট হোৱা দেখা গৈছে । ইফালে বহুতে দাবী কৰিছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে তেওঁৰ দূৰদৰ্শী নেতৃত্ব আৰু তেলেগু ৰাজ্যৰ প্ৰগতিত অসামান্য অৱদানৰ বাবে বিশ্বব্যাপী স্বীকৃতি অৰ্জন কৰিছে । অৱশ্যে, ভিত্তিহীন গোচৰক তেওঁক গ্ৰেপ্তাৰ কৰিছে বুলি বহুতে অভিযোগ কৰিছে । অন্ধ্ৰপ্ৰদেশৰ ৰাজনৈতিক ইতিহাসৰ ই এক অন্ধকাৰ দিন আৰু গণতন্ত্ৰৰ বাবে এক গুৰুতৰ আঘাত হিচাপেও বহুতে দাবী কৰিছে ।

দলীয় নেতা-কৰ্মীসকলৰ মতে টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশৰ জনসাধাৰণৰ বাবে এক সমৃদ্ধ ভৱিষ্যত সুৰক্ষিত কৰাৰ দিশত ধাৰাবাহিকভাৱে কাম কৰি আহিছে । তাৰ উদাহৰণ হৈছে শিক্ষা ৪.০-ৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি । ২০১৪ চনত তেওঁৰ নেতৃত্বত প্ৰতিযোগিতামূলক নিযুক্তিৰ বজাৰত প্ৰয়োজনীয় পদক্ষেপেৰে যুৱসকলক শক্তিশালী কৰাৰ বাবে দক্ষতা বিকাশত গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছিল ।

কিন্তু দুৰ্ভাগ্যবশতঃ সাম্প্ৰতিক পৰিস্থিতিত বহুতো যুৱক-যুৱতীক দক্ষতা বিকাশ কাৰ্যসূচী বা কাৰ্যকৰী নিযুক্তিৰ সুযোগ দিয়া হোৱা নাই । দুখজনক যে জগন ৰেড্ডীৰ নেতৃত্বত ৱাইএছআৰচিপি চৰকাৰে কোনো প্ৰমাণ অবিহনে এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীক ভিত্তিহীনভাৱে কথিত "কেলেংকাৰী" বুলি অভিহিত কৰিছে ।

আনহাতে চন্দ্ৰবাবু নাইডুৱে এক্সত লিখিছে যে নিস্বাৰ্থভাৱে তেওঁ ৰাইজৰ সেৱাৰ বাবে কাম কৰি আছে । সেয়ে কোনো শক্তিয়ে তেওঁক তেলেগু লোকৰ সুৰক্ষাৰ বাবে কাম কৰাত বাধা দিব নোৱাৰে বুলি তেওঁ দাবী কৰে ।

একাংশই অভিযোগ কৰা মতে ২০১৯ চনৰ পৰা অন্ধ্ৰ প্ৰদেশ "নব্যান্ধ্ৰ প্ৰদেশ"ৰ পৰা "হত্যান্ধ্ৰ প্ৰদেশ" লৈ পৰিণত হৈছে । য'ত সপোন, সম্ভাৱনা আৰু গণতন্ত্ৰ নিৰন্তৰ ভাবুকিৰ সন্মুখীন হৈছে । জগন ৰেড্ডীৰ নেতৃত্বত ৱাইএছআৰচিপি চৰকাৰে গুৰুত্বপূৰ্ণ বিষয়, বিশেষকৈ ৰয়ালসীমা অঞ্চলৰ খৰাং পৰিস্থিতিৰ প্ৰতি উদাসীনতা প্ৰদৰ্শন কৰিছে বুলিও অভিযোগ কৰে একাংশ নেতা তথা লোকে ।

জনসাধাৰণৰ কল্যাণ আৰু তেওঁলোকৰ বৰ্তমানৰ সমস্যাবোৰ দূৰ কৰাৰ বাবে প্ৰস্তুত কৰা চন্দ্ৰবাবু নাইডুৰ 'ভৱিষ্যতথুকু গেৰাণ্টি' কাৰ্যসূচীয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে । ৰয়ালসীমাত তেওঁৰ বিস্তৃত ৰোড শ্ব'বোৰত যথেষ্ট জনসমাগম হোৱা দেখা গৈছে আৰু তেওঁৰ দৃষ্টিভংগীৰ প্ৰতি ব্যাপক সমৰ্থনো দেখুৱাইছে জনসাধাৰণে । একে সময়তে, তেওঁৰ পুত্ৰ নাৰা লোকেশে "যুৱ গালম পদযাত্ৰা"ৰ জৰিয়তে যুৱক-যুৱতীসকল একত্ৰিত কৰাৰ ক্ষেত্ৰত সফল হোৱা দেখা গৈছে । কিন্তু শেহতীয়াকৈ, নাৰা লোকেশক বাধা দিয়া হৈছিল আৰু ঘেৰাও কৰা হৈছিল । পিতৃক সাক্ষাতৰ বাবে যোৱাৰ সময়ত আৰক্ষীয়ে তেওঁক আটকো কৰিছিল । ই জগন ৰেড্ডী চৰকাৰৰ আক্ৰোশমূলক পদক্ষেপ বুলি বহুতে অভিযোগ কৰিছে ।

টিডিপি নেতাসকলে সন্দেহ কৰিছে যে বৰ্ধিত অসন্তুষ্টি আৰু নিৰ্বাচনী বিফলতাৰ প্ৰত্যাশাৰ প্ৰতিক্ৰিয়াস্বৰূপে, জগন ৰেড্ডীৰ নেতৃত্বত ৱাইএছআৰচিপি চৰকাৰে চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে । একেদৰে, নাৰা লোকেশৰ "যুৱ গালম পদযাত্ৰা"ৰ সময়ত আৰক্ষীৰ উপস্থিতি বৃদ্ধি পাইছে । পদযাত্ৰাই ২০৯ দিনত ভৰি দিয়াৰ সময়তে তেওঁক বাধা দিয়াৰ চেষ্টা কৰা হৈছে । কেইবাজনো টিডিপি নেতাক গৃহবন্দী কৰি ৰখা হৈছে ।

যি সময়ত দেশে জি-২০ৰ দৰে এক বিশাল কাৰ্যসূচীৰ আয়োজন কৰিছে তেনে সময়ত এগৰাকী জ্যেষ্ঠ নেতাক গ্ৰেপ্তাৰ কৰাক লৈ বিভিন্ন মহলত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে । বহুতে কৈছে "বিনাশ কালে বিপৰীত বুদ্ধি" বুলি কোৱা কথাটোৰ এয়া এক স্পষ্ট উদাহৰণ । অন্ধ্ৰ প্ৰদেশত ৱাইএছআৰচিপিৰ অৱনতিৰ আৰম্ভণি হৈছে বুলিও একাংশই দাবী কৰিছে ।

লগতে পঢ়ক :AP Ex CM arrested : কেইবাটাও ধাৰাৰ অধীনত গ্ৰেপ্তাৰ অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.