আগৰতলা,২৭ এপ্ৰিল : দেশখন বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ দিশে আগবাঢ়িছে যদিও বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু নিৰ্যাতন আদিৰ দৰে ঘটনা নিতৌ সংঘটিত হৈ আছে (Crime against child in India)। বহু স্থানত শিশুৰ ওপৰত অত্যাচাৰ দিনক দিনে বৃদ্ধি হোৱা দেখা গৈছে । ত্ৰিপুৰাৰো বহু অঞ্চলত এনেধৰণৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে । যাৰ বাবে ত্ৰিপুৰা শিশু অধিকাৰ সুৰক্ষা আয়োগে (TCPCR) বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।
শিশুৰ ওপৰত হোৱা নিৰ্যাতনকে ধৰি বিভিন্ন ঘটনা প্ৰতিৰোধৰ বাবে শিশু অধিকাৰ সুৰক্ষা আয়োগে ৰাজ্যখনত 'চাইল্ড ৰাইটছ ক্লাৱ' খোলাৰ সিদ্ধান্ত লৈছে (TCPCR to open Child Rights Club in Tripura)। ৰাজ্যৰ সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়তে খোলা হ'ব এই 'চাইল্ড ৰাইটছ ক্লাৱ' (Child Rights Club) । এখন সংবাদমেলত টিচিপিচিআৰৰ অধ্যক্ষ নিলিমা ঘোষে এই কথা ঘোষণা কৰে । নিলিমা ঘোষে জনোৱা মতে ত্ৰিপুৰাৰ শিক্ষা বিভাগৰ সহযোগত টিচিপিচিআৰয়ে সকলো বিদ্যালয়তে 'চাইল্ড ৰাইটছ ক্লাৱ' বা 'শিশু অধিকাৰ ক্লাৱ' খুলিব ।
তেওঁ জনোৱা মতে ইতিমধ্যে এই ক্ষেত্ৰত শিক্ষা বিভাগৰ তৰফৰ পৰাও আয়োগে সেউজ সংকেত লাভ কৰিছে । এই সন্দৰ্ভত আয়োগে ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথৰ সৈতেও কথা পাতিছে । এই ক্ষেত্ৰত ত্ৰিপুৰা শিশু অধিকাৰ সুৰক্ষা আয়োগক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিছে শিক্ষা মন্ত্ৰীগৰাকীয়ে ।
লগতে বিদ্যালয় পৰ্যায়ত এনে ক্লাৱ খোলাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে কৈছে । আয়োগৰ অধ্যক্ষগৰাকীয়ে জনোৱা মতে ক্লাৱ স্থাপনৰ বাবে ৰাষ্ট্ৰীয় আয়োগৰ পৰাও কিছু পুঁজি দিয়া হ'ব । শিক্ষক, শিক্ষাৰ্থী আৰু গাঁৱৰ লোকসকলক লৈ সমিতি গঠন কৰা হ'ব । যাতে যিকোনো ধৰণৰ শিশু উৎপীড়নৰ ঘটনা সম্পৰ্কে ক্লাৱবোৰে আয়োগক সময়মতে জনাব পাৰে ।
ঘোষে কোৱা মতে আয়োগে বিদ্যালয়ৰ পৰীক্ষাসমূহ সমাপ্ত হোৱালৈ অপেক্ষা কৰি আছে । ইয়াৰ উপৰিও, তেওঁ যে কয় আয়োগে ভৱিষ্যতৰ বাবে কেইবাটাও নতুন পৰিকল্পনা হাতত লৈছে । বিদ্যালয়লৈ নিয়মীয়া ভ্ৰমণ, বিদ্যালয় পৰ্যায়ত বাল্য বিবাহ সম্পৰ্কে ব্যাপক সজাগতাৰ কাৰ্যসূচী, শিক্ষাৰ্থীৰ ঘৰ, বিদ্যালয় আৰু হোষ্টেললৈও নিয়মীয়া ভ্ৰমণৰ পৰিকল্পনা কৰিছে আয়োগে ।
আয়োগৰ অধ্যক্ষগৰাকীয়ে জনোৱা মতে আয়োগে ইতিমধ্যে ১২ খন বিদ্যালয়ত বাল্য বিবাহৰ বিষয়ে এক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু পৰীক্ষা সমাপ্ত হোৱাৰ পাছত বাকী বিদ্যালয়বোৰত এই কাৰ্যসূচী লোৱা হ'ব ।
লগতে পঢ়ক :ত্ৰিপুৰাত হ্ৰাস পাইছে নাৰিকলৰ উৎপাদন : কৃষিমন্ত্ৰী প্ৰাণজিৎ সিংহ ৰয়