ETV Bharat / bharat

Tripura Board exams : ত্ৰিপুৰাত আজিৰে পৰা আৰম্ভ উচ্চ মাধ্যমিকৰ পৰীক্ষা

আজিৰে পৰা আৰম্ভ হৈছে ত্ৰিপুৰা মাধ্যমিক শিক্ষা পৰিষদৰ উচ্চ মাধ্যমিক টাৰ্ম-১ পৰীক্ষা (TBSE class 10th exam for term 1 starts) । ৪৩,১৮০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে মাধ্যমিক পৰীক্ষাত । বৃহস্পতিবাৰৰ পৰা ৰাজ্যখনত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষা ।

author img

By

Published : Dec 15, 2021, 10:41 AM IST

TBSE class 10th exam for term 1 starts
ত্ৰিপুৰাত আজিৰে পৰা মাধ্যমিক পৰীক্ষা আৰম্ভ

আগৰতলা, ১৫ ডিচেম্বৰ : ত্ৰিপুৰা মাধ্যমিক শিক্ষা পৰিষদৰ মাধ্যমিক টাৰ্ম-১ পৰীক্ষা বুধবাৰৰ পৰা আৰম্ভ হৈছে (Term 1 secondary exam starts in Tripura) । আনহাতে, ১৬ ডিচেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ টাৰ্ম-১ পৰীক্ষা অনুষ্ঠিত হ'ব । মঙলবাৰে সন্ধিয়া ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতনলাল নাথে জনোৱা মতে, ত্ৰিপুৰাৰ মাধ্যমিক শিক্ষা পৰিষদে ক'ভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চিবিএছই-ৰ আৰ্হিৰ দৰে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে (Tripura Secondary-Higher secondary board exams) ।

উল্লেখ্য যে, দুটা টাৰ্মত অনুষ্ঠিত কৰা হ'ব এই পৰীক্ষা ৷ সেই অনুসৰি আজিৰে পৰা উচ্চ মাধ্যমিক টাৰ্ম-১ পৰীক্ষা অনুষ্ঠিত হৈছে । এই পৰীক্ষা ৭ জানুৱাৰীত সমাপ্ত হ'ব । এইবাৰ উচ্চ মাধ্যমিক পৰীক্ষাত ১০২৬ খন বিদ্যালয়ৰ ৪৩,১৮০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে । ইয়াৰ বিপৰীতে ৭২ টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে ।

আনহাতে, বৃহস্পতিবাৰৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ হৈ ২৯ ডিচেম্বৰত সমাপ্ত হ’ব (Term 1 Higher secondary in Tripura) । এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছে ৪০৬ খন বিদ্যালয়ৰ মুঠ ২৮,৯০২ গৰাকী পৰীক্ষাৰ্থী ৷

প্ৰায় ৬৬ টা কেন্দ্ৰত উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী ৰতনলাল নাথে লগতে জনায় যে, এইবাৰ পৰীক্ষা চিবিএছই-ৰ আৰ্হিত অনুষ্ঠিত কৰা হৈছে । টাৰ্ম-১ ত ৪০ নম্বৰৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । মুঠ পাঠ্যক্ৰমৰ ৩০ শতাংশ হ্ৰাস কৰি এই পৰীক্ষা পতা হৈছে ।

দুয়োটা টাৰ্মতে আভ্যন্তৰীণ মূল্যায়নৰ বাবে ১০ নম্বৰ থাকিব । উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ টাৰ্ম-২ ৰ পৰীক্ষা অহা বছৰৰ এপ্ৰিল মাহত অনুষ্ঠিত হ'ব । পৰীক্ষাৰ ফলাফল এপ্ৰিলত একেলগে ঘোষণা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । তেওঁ লগতে শিক্ষাৰ্থীসকলক উৎসাহিত কৰিবলৈ অভিভাৱকসকলক আহ্বান জনায় ।

লগতে পঢ়ক: Person of the Year 2021 : এলন মাস্কলৈ টাইম আলোচনীৰ "বছৰটোৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি"ৰ সন্মান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.