ETV Bharat / bharat

চাইবাৰ অপৰাধীৰ কবলত টাটা মটৰ্ছ ফাইনেন্স - Tata Motors Finance Limited approached the cyber crime police

দেশত দিনক দিনে বৃদ্ধি হৈ আছে চাইবাৰ অপৰাধ । এই অপৰাধীৰ কবলত পৰি বহুতে সকলো হেৰুৱাবলগীয়া হৈছে । এইবাৰ চাইবাৰ অপৰাধীৰ কবলত পৰিছে টাটা মটৰ্ছ ফাইনেন্স । চাইবাৰ অপৰাধী সকলে গ্ৰাহকসকলক ভাবুকি দি বিত্তীয় ইএমআই লৈ আছে বুলি টাটা মটৰ্ছ ফাইনেন্সৰ প্ৰতিনিধিসকলে উত্থাপন কৰিছে অভিযোগ( Tata Motors Finance representatives) ।

criminal
Tata Motors Finance representatives appeal police:চাইবাৰ অপৰাধীৰ কবলত টাটা মটৰ্ছ ফাইনেন্স
author img

By

Published : Jul 5, 2022, 1:17 PM IST

নেচনেল ডেস্ক,৫জুলাই: দেশত দিনক দিনে বৃদ্ধি হৈ আছে চাইবাৰ অপৰাধ । এই অপৰাধীৰ কবলত পৰি বহুতে সকলো হেৰুৱাবলগীয়া হৈছে । এইবাৰ চাইবাৰ অপৰাধীৰ কবলত পৰিছে টাটা মটৰ্ছ ফাইনেন্স । চাইবাৰ অপৰাধীয়ে গ্ৰাহকসকলক ভাবুকি দি বিত্তীয় ইএমআই লৈ আছে বুলি টাটা মটৰ্ছ ফাইনেন্সৰ প্ৰতিনিধিসকলে অভিযোগ উত্থাপন কৰিছে(Tata Motors Finance Limited approached the cyber crime police)।

টাটা মটৰ্ছ ফাইনেন্স লিমিটেডৰ প্ৰতিনিধিসকলে শনিবাৰে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য় হয় (Tata Motors Finance representatives)। টাটা মটৰ্ছ ফাইনেন্স লিমিটেডৰ প্ৰতিনিধিসকলে আৰক্ষীক কয়,'চাইবাৰ অপৰাধীসকলে আমাৰ পৰা কিস্তিত গাড়ী, অটো আৰু কাৰ্গো বাহন ক্ৰয় কৰা সকলক ফোন কৰি ভাবুকি দিছে।'

'কেইদিনমানৰ পৰা অজ্ঞাত ব্যক্তিয়ে বিত্তীয় নীতিৰ অধীনত তেওঁলোকৰ কোম্পানীৰ পৰা গাড়ী আৰু অটো লোৱা বহুলোকক ফোন কৰি আহিছে আৰু তেওঁলোকক ইএমআই পৰিশোধ কৰিবলৈ কয় ৷ গাড়ীসমূহ লোৱা লোকসকলৰ চাৰি বা পাঁচজনে ভাবিছিল যে টাটা মটৰ্ছেই তেওঁলোকক ফোন কৰিছিল । তেওঁলোকে ক্ৰমান্বয়ে ২০,০০০ আৰু ১০,০০০ টকা পৰিশোধ কৰিছিল ।' টাটা মটৰ্ছ ফাইনেন্সৰ প্ৰতিনিধিসকলে এইদৰে কয় ।

টাটা মটৰ্ছ ফাইনেন্স লিমিটেডৰ প্ৰতিনিধিসকলে কয় যে লোকসকলে এছ এম এছ পোৱাৰ পিছত তেওঁলোকৰ সৈতে যোগাযোগ কৰাত ইএমআই পৰিশোধ কৰা হোৱা নাই বুলি কৈছিল । ভুক্তভোগীসকলে কয় যে যেতিয়া তেওঁলোকে ধন স্থানান্তৰ কৰা একাউণ্টবোৰ পৰীক্ষা কৰিছিল তেতিয়া তেওঁলোকে তেওঁলোকৰ সৈতে সম্পৰ্ক নথকা বেংক বুলিহে তথ্য় লাভ কৰিছিল । যিসকল লোকে গ্রাহকৰ তালিকা চুৰি কৰি এনে কাৰ্য কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্য়বস্থা গ্ৰহণ কৰিবলৈ টাটা মটৰ্ছৰ বিত্তীয় প্ৰতিনিধিসকলে আৰক্ষীক অনুৰোধ জনায় ।

লগতে পঢ়ক:বাংগালুৰুত যুৱতীক ধৰ্ষণৰ পৰা ৰক্ষা কৰিলে তৃতীয় লিংগই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.