ETV Bharat / bharat

Boy falls into borewell: মধ্যপ্ৰদেশত ব’ৰৱেলত পৰি মৃত্যু ৮ বছৰীয়া তন্ময় সাহুৰ

author img

By

Published : Dec 10, 2022, 2:25 PM IST

মধ্যপ্ৰদেশৰ বেতুলত ব’ৰৱেলত পৰি ৮ বছৰীয়া তন্ময় সাহুৰ মৃত্যু ৷ ৮০ ঘণ্টা ধৰি শ্বাসৰুদ্ধকৰ অৱস্থাত আৱদ্ধ হৈ থাকি আজি নিয়তিৰ ওচৰত হাৰ মানিলে তন্ময়ে (Borewell ordeal in Madhya Pradesh) ৷

Tanmay Sahu who fell in a borewell in Betul has been rescued
মধ্যপ্ৰদেশৰ ব’ৰৱেলত পৰি মৃত্যু ৮ বছৰীয়া তন্ময় সাহুৰ

নেশ্যনেল ডেস্ক, 10 ডিচেম্বৰ: মধ্য প্ৰদেশৰ বেতুলত শোকাৱহ ঘটনা (Borewell ordeal in Madhya Pradesh) ৷ ব’ৰৱেলত পৰি মৃত্যু আঠ বছৰীয়া তন্ময় সাহুৰ ৷ ব’ৰৱেলৰ ভিতৰত যোৱা ৮০ ঘণ্টা ধৰি শ্বাসৰুদ্ধকৰ অৱস্থাত আৱদ্ধ হৈ আছিল তন্ময় ৷ শ্বাসৰুদ্ধ হোৱাৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটিছিল তন্ময়ৰ ৷ অৱশেষত আজি নিয়তিৰ ওচৰত হাৰ মানিলে কণমানি তন্ময়ে । ইফালে তন্ময়ক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ জিলা প্ৰশাসন আৰু দুৰ্যোগ সঁহাৰি দলে ৮০ ঘণ্টা ধৰি অক্লান্তভাৱে যৎপৰোনাস্তি চেষ্টা চলাইছিল ৷ কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল দলটোৱে ৷

অৱশেষত আজি ব’ৰৱেলৰ পৰা উলিয়াই অনাৰ লগে লগে তন্ময়ক চিকিৎসাৰ বাবে এম্বুলেন্সে যোগে প্ৰেৰণ কৰা হৈছিল চিকিৎসালয়লৈ (Tanmay Sahu of betul rescued safely)। কিন্তু চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে তন্ময়ক ৷

উল্লেখ্য যে যোৱা ৬ ডিচেম্বৰৰ সন্ধিয়া ৫ বজাত পামত খেলি থকা অৱস্থাত ওচৰত থকা এটা ব’ৰৱেলত পৰি গৈছিল তন্ময় ৷ তাৰ পিছতই তন্ময়ক উদ্ধাৰ কৰিবলৈ আৰম্ভ হৈছিল অভিযান । স্থানীয় প্ৰশাসন, দুৰ্যোগ সঁহাৰি দল আৰু আৰক্ষীয়ে তাৎক্ষণিকভাৱে আৰম্ভ কৰিছিল উদ্ধাৰ অভিযান । পৰিয়ালটোৰ এজন সদস্যই তন্ময়ক ব’ৰৱেলত পৰি থকা প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পিছত হুৱা-দুৱা লাগিছিল পৰিয়ালটোৰ মাজত (Boy falls into borewell in MP Betul) ৷

তন্ময় সাহুৰ পিতৃ সুনীল সাহুৱে কয় "মোৰ ১২ বছৰীয়া কন্যাই ভায়েকক ব'ৰৱেলত পৰি থকা দেখি মোক এই বিষয়ে অৱগত কৰিছিল । তাৰ পিছতেই আমি লৰালৰিকৈ সেই স্থানত উপস্থিত হৈছিলো ৷ ব'ৰৱেলৰ পৰা তন্ময়ে উশাহ লৈ থকাৰ শব্দ আমি শুনা পাইছিলো আৰু সোধা-পোছা কৰাত তন্ময়ৰ মাত শুনিছিলো । ৬ ডিচেম্বৰত সন্ধিয়া ৬ বজাৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল।"

ইফালে তন্ময়ৰ শিক্ষয়িত্ৰী গীতা মানকাৰে কয়, "তন্ময় তৃতীয় শ্ৰেণীৰ ছাত্ৰ । তন্ময় এজন বুদ্ধিমান ছাত্ৰ । তন্ময়ক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু ল'ৰা-ছোৱালীয়ে গায়ত্ৰী মন্ত্ৰ ধ্বনি দিছিল । শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যাতে তন্ময় ব'ৰৱেলৰ পৰা নিৰাপদে ওলাই আহে ।"

লগতে পঢ়ক: Barpeta suicide case : গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.