নিউজ ডেস্ক, 6 নৱেম্বৰ: অনলাইন গে'ম সন্দৰ্ভত তামিলনাডু চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ৰাজ্যখনত অচিৰেই বন্ধ হ'ব ধনৰ লেনদেন অৰ্থাৎ জুৱাৰ কাৰবাৰ হোৱা বহুকেইটা অনলাইন গে'ম ৷ তামিলনাডু চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী কে, পালানিস্বামীয়ে ৷ বৃহস্পতিবাৰে তামিলনাডুৰ কুইম্বাটুৰত সাংবাদিকৰ আগত মুখ্য়মন্ত্ৰী গৰাকীয়ে জনাই যে, ৰাম্মীকে ধৰি বিভিন্ন ধৰণৰ অনলাইন গেমত সংঘটিত হৈ আহিছে বৃহৎ ধনৰ জুৱা ৷ ইয়াৰ কৱলত পৰি আত্মহত্যাৰ দৰে পথ বাচি লৈছে বহু লোকে ৷ যাৰ বাবে এইধৰণৰ জুৱাৰ কাৰবাৰ হোৱা অনলাইন গেমবোৰ নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছে তামিলনাডু চৰকাৰে ৷ এই সন্দৰ্ভত চৰকাৰ খনে অচিৰেই এখন বিধেয়ক প্ৰৱৰ্তন কৰিব বুলি জনাইছে তামিলনাডুৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
আনহাতে ইন্টাৰনেট ব্যৱস্থাৰ দ্ৰুত বিকাশ আৰু ব্যৱহাৰৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে কে,পালানিস্বামীয়ে ৷ ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে একাংশ যুৱ প্ৰজন্মক ধ্বংসৰ দিশে ঠেলি দিছে বুলি মন্তব্য কৰি অনলাইন গেমৰ দৰে মাৰাত্মক গেম সমুহৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷