ETV Bharat / bharat

তালিবানৰ আফগানিস্তান দখলে পাকিস্তানক বেছি লাভাৱান্বিত কৰিব - দায়েশ সংগঠনৰ সদস্যও আফগানিস্তানৰ কিছুমান অঞ্চলত উপস্থিত হৈছে

অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিনৰ (AIMIM) মুৰব্বী আছাদুদ্দিন ওৱাইছিৰ মতে পাকিস্তানৰ আইএছআইয়ে তালিবানক নিয়ন্ত্ৰণ কৰে । যাৰ বাবে পাকিস্তানৰ এই ক্ষেত্ৰত যথেষ্ট লাভ হ'ব বুলি তেওঁ উল্লেখ কৰে ।

Taliban takeover of Afghanistan
তালিবানৰ আফগানিস্তান দখলে পাকিস্তানক বেছি লাভাৱান্বিত কৰিব
author img

By

Published : Aug 20, 2021, 3:31 PM IST

নেশ্যনেল ডেস্ক,২০ আগষ্ট : তালিবানে (Taliban) আফগানিস্তান দখল কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিনৰ (AIMIM) মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে (Asaduddin Owaisi) । ওৱাইছিৰ মতে তালিবানে আফগানিস্তান অধিগ্ৰহণ কৰাক লৈ পাকিস্তান আটাইতকৈ বেছি লাভান্বিত হ'ব, কিয়নো দেশখনৰ চোৰাংচোৱা সংস্থা ইণ্টাৰ-চাৰ্ভিচেছ ইণ্টেলিজেঞ্চে (ISI) সন্ত্ৰাসবাদী সংগঠনটো নিয়ন্ত্ৰণ কৰে । বৃহস্পতিবাৰে এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ এই কথা উল্লেখ কৰে । লগতে ওৱাইছিয়ে কয় যে বিশেষজ্ঞসকলৰ মতে আল কায়দা (Al Qaeda) আৰু দায়েশ (Daesh) সংগঠনৰ সদস্যও আফগানিস্তানৰ কিছুমান অঞ্চলত উপস্থিত হৈছে ।

তেওঁ কোৱা মতে, সংসদৰ হিংসাত্মক কাৰ্যকলাপত জড়িত জৈইচ-ই-মহম্মদও (Jaish-e-Muhammad) এতিয়া আফগানিস্তাৰ হেলমান্দত বাহৰ পাতিছে । ইফালে আইএছআই ভাৰতৰ শত্ৰু আৰু সেই আইএছআইয়ে তালিবানক নিয়ন্ত্ৰণ কৰে । ওৱাইছিৰ মতে তালিবানৰ অধিগ্ৰহণৰ পৰা চীন দেশো লাভাৱান্বিত হ'ব ।

এক প্ৰতিবেদন অনুসৰি, ভাৰতত প্ৰতি ৯ গৰাকী নাবালিকাৰ বিপৰীতে বিভিন্ন নিৰ্যাতনৰ বলি হৈ ১ গৰাকীৰ মৃত্যু হয় । ভাৰতত মহিলাৰ ওপৰত নিৰ্যাতন আৰু অপৰাধমূলক কাৰ্যকলাপ সংঘটিত হৈ আছে । কিন্তু তাৰ পাছতো কেন্দ্ৰীয় চৰকাৰ নিমাত । ভাৰতৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে আফগানিস্তানৰ মহিলাসকলৰ কথা চিন্তা কৰিছে বুলি চৰকাৰক সমালোচনা কৰে ওৱাইছিয়ে ।

ইয়াৰ পূৰ্বে সোমবাৰে AIMIMৰ মুৰব্বীগৰাকীয়ে কৈছিল যে, আফগানিস্তানক সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনাৰ পূৰ্বেই ভাৰতে তালিবানৰ সৈতে আলোচনা আৰম্ভ কৰিব লাগিছিল । এতিয়া আফগানিস্তান তালিবানৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে, তেওঁলোকৰ সৈতে কোনো যোগাযোগ নাই, তেওঁলোকৰ সৈতে কোনো আলোচনাও নাই । সকলো আন্তৰ্জাতিক আৰু নিৰাপত্তা বিশেষজ্ঞই কৈছে যে আলোচনা কৰা উচিত আছিল । কিন্তু, যোৱা সাত বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ খ্ৰিও পাম্পোৰত হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.