আগৰতলা,18 এপ্ৰিল : 1989 চনৰ এটি ৰাতিপুৱা ত্ৰিপুৰাৰ অৰ্চিতা ৰয় নামৰ এগৰাকী মহিলাই বাতৰিকাকতত বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰকল্পৰ প্ৰশিক্ষণৰ বাবে আৱেদনৰ বিজ্ঞাপন লাভ কৰিছিল । সম্প্ৰতি ত্ৰিপুৰাৰ এগৰাকী প্ৰসিদ্ধ উদ্যোগী মহিলা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে এই মহিলাগৰাকীয়ে । শেহতীয়াকৈ, উত্তৰ-পূবৰ উন্নয়ন মন্ত্ৰালয়ে এক টুইটযোগে তেওঁৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে ৷
মহিলাগৰাকীয়ে জনোৱা মতে, "তেওঁৰ ফাৰ্মত একে সময়তে 2,20,000 টকাৰ কণী উৎপাদন হয় । মাত্ৰ 2,500 টকাৰ কণীৰে এই ব্যৱসায় আৰম্ভ কৰিছিল অৰ্চিতা ৰয়ে ৷ আগৰতলাৰ মহিলা মহাবিদ্যালয়ৰ পৰা মানৱ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰা এইগৰাকী মহিলাই বিবাহ পাশত আৱদ্ধ নহৈ 1995 চনত কঠোৰ পৰিশ্ৰমৰ মাজেৰে এই ব্যৱসায় আৰম্ভ কৰিছিল ৷ সমগ্ৰ ৰাজ্যৰ পৰাই গ্ৰাহকৰ আগমণ ঘটে তেওঁৰ ফাৰ্মলৈ ৷ প্ৰতি মাহে হায়দৰাবাদ, হাৰিয়ানা আৰু কৰ্ণাটকৰ দৰে ৰাজ্যৰ পৰা কণী আমদানি কৰি প্ৰয়োজনীয় চিকিৎসাৰ অন্তত প্ৰয়োজন অনুসৰি পোৱালী জগাই গ্ৰাহকলৈ প্ৰেৰণ কৰা কৰে মহিলা গৰাকীয়ে ৷
এই সন্দৰ্ভত তেওঁ কয় যে, 1989 চনত এই উদ্যোগৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল অৰ্চিতা ৰয়ে ৷ প্ৰশিক্ষণৰ সময়তে তেওঁ এখন ফাৰ্ম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সেই সময়ত লোৱা এই সিদ্ধান্তই তেওঁক এতিয়া সফলতাৰ দিশে লৈ যোৱা বুলি মহিলাগৰাকীয়ে সদৰি কৰে ৷
ফাৰ্মৰ জৰিয়তে কেৱল জীৱিকা উপাৰ্জন কৰাই নহয়, এগৰাকী পুৰুষসহ মুঠ 8 গৰাকী মহিলাক নিযুক্তি দিয়ে অৰ্চিতাই । তেওঁ কয় যে, চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি বহি নাথাকি আত্মনিৰ্ভৰশীলতাৰ দিশত কাম কৰাটোৱে অতি উত্তম । প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ ৰাজ্য চৰকাৰৰ উদ্যোগিক উন্নয়ন আঁচনিৰ অধীনত 5 লাখ টকাৰ ঋণ লাভ কৰিছিল আৰু পৰিশোধৰ পিছত তেওঁ 20 লাখ টকাৰ আন এক ৰাজসাহাৰ্যপ্ৰাপ্ত ঋণ লাভ কৰে । সম্প্ৰতি ফাৰ্মখনৰ বাবে মুঠ 1 কোটি টকা বিনিয়োগ হ’ব বুলি তেওঁ উল্লেখ কৰে ৷
উচ্চাকাংক্ষী মহিলা উদ্যোগীসকলৰ প্ৰতি বাৰ্তাৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ব্যৱসায় আৰম্ভ কৰাৰ সময়ত তেওঁ বহু সমস্যাৰ সন্মুখীন হৈছিল । আনকি বিয়াৰ বাবেও তেওঁৰ উপযুক্ত বয়স শেষ হৈছিল । কিন্তু তেওঁ ব্যৱসায়তহে মনোনিৱেশ কৰিছিল ৷ তেওঁক যিসকল বন্ধুবৰ্গই তাচ্ছিল্য কৰিছিল, সেইসকলেই পাচত তেওঁক প্ৰশংসা কৰিছিল ৷ বৰ্তমান তেওঁলোকতকৈ বহু উন্নত অৱস্থাত আছে অৰ্চিতা ৰয়ে ৷
ভৱিষ্যতৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে, এই ফাৰ্মৰ গোটটো তেওঁ সম্প্ৰসাৰিত কৰিব বিচাৰে আৰু শেহতীয়াকৈ কুকুৰাৰ খাদ্যৰ লেনদেন আৰম্ভ কৰিছে মহিলাগৰাকীয়ে । ত্ৰিপুৰাৰ ‘মহাৰাণী কাঞ্চনপ্ৰভা দেৱী’ নামেৰে নামাকৰণ কৰা এই ফাৰ্মখনৰ নাম পাচলৈ আগৰতলা চহৰৰ আমতালীত অৱস্থিত ‘কানুপ হেচাৰী’ হিচাপে নামাকৰণ কৰা হয় ।
লগতে পঢ়ক : বিজেপি-চিপিআইএমৰ বিৰুদ্ধে কংগ্ৰেছকৰ্মীক আক্ৰমণৰ অভিযোগ