ETV Bharat / bharat

Monsoon Session 2023: সদনত বিৰোধীৰ হুলস্থূলৰ সুযোগ ল'বলৈ সাজু চৰকাৰ ! - Oppositions protest in Parliament

মণিপুৰৰ বিষয়ক লৈ সদনত বিৰোধীৰ প্ৰতিবাদ অব্যাহত আছে । ইয়াৰ মাজতে চৰকাৰে মঙলবাৰে লোকসভা আৰু ৰাজ্যসভাত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিবলৈ সাজু হৈছে । তাৰ ভিতৰত আছে সংবিধান (অনুসূচীত জনজাতি) আদেশ (পঞ্চম সংশোধনী) বিধেয়ক ২০২২ (ছত্তীশগড় ৰাজ্যৰ সন্দৰ্ভত), সংবিধান (অনুসূচীত জনজাতি) আদেশ (তৃতীয় সংশোধনী) বিধেয়ক ২০২২ (হিমাচল প্ৰদেশ ৰাজ্যৰ সন্দৰ্ভত) ।

Monsoon Session 2023
সদনত বিৰোধীৰ হুলস্থূলৰ সুযোগ ল'বলৈ সাজু চৰকাৰ
author img

By

Published : Jul 25, 2023, 10:42 AM IST

নেশ্যনেল ডেস্ক, ২৫ জুলাই : আজি সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ চতুৰ্থ দিন । যোৱা ৩ টা দিন মণিপুৰৰ বিষয়ক লৈ একপ্ৰকাৰ দুয়োখন সদনতে অচলাৱস্থাই বিৰাজ কৰিছে । গৃহ মন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ বিষয়ক লৈ আলোচনাৰ প্ৰস্তাৱ দিয়াৰ পাছতো বিৰোধীয়ে সেই কথাত মনোযোগ নিদিয়া দেখা গৈছে ।

যাৰ বাবে চতুৰ্থ দিনাও বিৰোধীয়ে ৰাজ্যসভা আৰু লোকসভাত হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰিব বুলি সন্দেহ কৰা হৈছে । অৱশ্যে বিৰোধীৰ এনে প্ৰতিক্ৰিয়াৰ সুযোগ ল'ব পাৰে শাসকীয় চৰকাৰে । কিয়নো বিৰোধীৰ হুলস্থূলৰ সুযোগ লৈ কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰাৰ বাবে সাজু হৈছে চৰকাৰ ।

সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে কোৱা মতে ৰাজ্যসভাত তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে । সংবিধান (অনুসূচীত জনজাতি) আদেশ (পঞ্চম সংশোধনী) বিধেয়ক ২০২২ (ছত্তীশগড় ৰাজ্যৰ সন্দৰ্ভত){The Constitution (Scheduled Tribes) Order (Fifth Amendment) Bill 2022}, সংবিধান (অনুসূচীত জনজাতি) আদেশ (তৃতীয় সংশোধনী) বিধেয়ক ২০২২ (হিমাচল প্ৰদেশ ৰাজ্যৰ সন্দৰ্ভত) {The Constitution (Scheduled Tribes) Order (Third Amendment) Bill 2022}আৰু চিনেমাটোগ্ৰাফ (সংশোধনী) বিধেয়ক ২০২৩ বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰা হ'ব বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছে ।

একেদৰে লোকসভাত সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে বহু-ৰাজ্যিক সমবায় সমিতি (সংশোধনী) বিধেয়ক ২০২২, জৈৱবৈচিত্ৰ (সংশোধনী) বিধেয়ক ২০২২ আৰু জন বিশ্বাস (ব্যৱস্থা সংশোধনী) বিধেয়ক ২০২৩ বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰিব । মুঠতে এফালে বিৰোধীয়ে সদনত হুলস্থূল কৰি থাকিব আৰু তাৰ সুযোগ লৈ বিভিন্ন বিধেয়ক উত্থাপন কৰি যাব চৰকাৰে । অৱশ্যে এই ক্ষেত্ৰত বিৰোধীৰ স্থিতি কি হ'ব সেয়া সময়ে ক'ব ?

উল্লেখ্য যে সোমবাৰেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিবৃতিৰ দাবীত বিৰোধী সাংসদসকলে কৰা প্ৰতিবাদৰ ফলত দুয়োখন সদনৰ কাৰ্যক্ৰম স্থগিত হৈ পৰে । কংগ্ৰেছৰ মতে প্ৰধানমন্ত্ৰী মোডীয়ে সংসদত আলোচনাৰ বাবে ভয় খাইছে । আনহাতে বিজেপিয়ে অভিযোগ কৰা মতে বিৰোধী বিষয়টো আলোচনা কৰাৰ পক্ষত নাই । ইফালে সোমবাৰে মণিপুৰৰ বিষয়ক লৈ সদনৰ মজিয়াত প্ৰতিবাদ সাব্যস্ত কৰি নিলম্বিত হৈছে আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং ।

ইয়াৰ পাছতে বিৰোধী দলসমূহে সঞ্জয় সিঙৰ সৈতে প্ৰতিবাদ সাব্যস্ত কৰি সাংসদগৰাকীৰ নিলম্বন প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে । আনহাতে সদনৰ অচলাৱস্থা ভাঙিবলৈ ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ সৈতেও আলোচনা কৰিছে ।

লগতে পঢ়ক :Parliament Logjam over Manipur issue : প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ দাবী সঞ্জয় ৰাউতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.