ETV Bharat / bharat

অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব শপত গ্ৰহণ সমাৰোহঃ ষ্টেলিন

author img

By

Published : May 3, 2021, 4:00 PM IST

তামিলনাডুত চৰকাৰ গঠন কৰিবলৈ সাজু ডি এম কে । বিধানসভা নিৰ্বাচনত জয় লাভ কৰাৰ বাবে আনন্দিত হ'লেও এইবাৰ তামিলনাডুত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব শপত গ্ৰহণ সমাৰোহ । মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে ডি এম কে প্ৰধান এম.কে ষ্টেলিনে । ৭ মে'ত মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিব এম.কে ষ্টেলিনে ।

Swearing ceremony in Chennai
তামিলনাডুত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব শপত গ্ৰহণ সমাৰোহ

নেশ্যনেল ডেস্ক, ৩ মে': ক'ভিড-১৯ মহামাৰীৰ বৰ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এইবাৰ শপত গ্ৰহণ সমাৰোহ অনুষ্টুপীয়াকৈ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডি এম কে দলে । দেওবাৰে চেন্নাইত নিজৰ পিতৃ তথা ডি এম কে দলৰ পিতৃপুৰুষ এম কৰুণানিধি আৰু আন্নাৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাচত এই কথা প্ৰকাশ কৰে ডি এম কেৰ সভাপতি এম.কে ষ্টেলিনে । তেওঁ কয় যে, শপত গ্ৰহণ অনুষ্ঠানৰ দিন শীঘ্ৰেই ঘোষণা কৰা হ'ব ।

ডি এম কে নেতাজনে চলিত মাহৰ ৭ তাৰিখে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব । তেওঁ কয় যে, ডি এম কেৰ কামে মিত্ৰজোঁটক ভোট দিয়া লোকসকলক সন্তুষ্ট কৰিব আৰু ইয়াৰ বিপৰীতে মিত্ৰজোঁটৰ সমৰ্থন নকৰা সকলক তেওঁলোকে ডি এম কে আৰু ইয়াৰ অংশীদাৰ দলসমূহৰ পক্ষত ভোট নিদিয়াৰ বাবে অনুশোচনা কৰিবলৈ বাধ্য কৰাব ৷

ষ্টেলিনে তেওঁৰ দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰাৰ বাবে তাৎক্ষণিক প্ৰচেষ্টা লোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ডি এম কেৰ ১০ বছৰীয়া ভিজন ডকুমেণ্ট কাৰ্যকৰী কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে । ডি এম কেৰ সভাপতিজনে কোলাথুৰ সমষ্টিৰ পৰা বিজয়ী হোৱাৰ পাচতে নিৰ্বাচনী বিষয়াৰ পৰা প্ৰমাণ পত্ৰ গ্ৰহণ কৰে । ইয়াৰ পাচত তেওঁ এম কৰুণানিধিৰ সমাধিস্থলীলৈ যায় ।

বিধানসভা নিৰ্বাচনত ডি এম কে নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়যুক্ত কৰোৱাৰ বাবে ৰাইজক ধন্যবাদ জনাই তেওঁ কয় যে, ৰাইজে উপলব্ধি কৰিছে যে, এ ডি এম কেৰ শাসনকালত ৰাজ্যখনৰ অৱস্থা বেয়াৰ ফালে গতি কৰিছে আৰু সেয়ে পৰিৱৰ্তন বিচাৰি ৰাইজে ডি এম কে আৰু ইয়াৰ সহযোগী দলৰ প্ৰাৰ্থীক ভোট দিছে ।

লগতে পঢ়ক:ত্ৰিপুৰাৰ নগৰ অঞ্চলত নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.