ETV Bharat / bharat

স্বাতী মালিৱাল হ'ব আপৰ ৰাজ্যসভাৰ সাংসদ প্ৰাৰ্থী

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 5:52 PM IST

Rajya Sabha Election 2024 : আম আদমী পাৰ্টীয়ে দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালক আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে ।

স্বাতী মালিৱাল হ'ব আপৰ ৰাজ্যসভাৰ সাংসদ প্ৰাৰ্থী
স্বাতী মালিৱাল হ'ব আপৰ ৰাজ্যসভাৰ সাংসদ প্ৰাৰ্থী

নিউজ ডেস্ক, ৫ জানুৱাৰী : ১৯ জানুৱাৰীত অনুষ্ঠিত হ'ব দিল্লীত তিনিখন ৰাজ্যসভা আসনৰ নিৰ্বাচন । ইয়াৰ বাবে আম আদমী পাৰ্টীয়ে দিল্লী মহিলা আয়োগৰ (ডিচিডব্লিউ) মুৰব্বী স্বাতী মালিৱালক আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে । মহিলা অধিকাৰ কৰ্মী স্বাতী মালিৱালক সংসদলৈ মনোনীত কৰাৰ এই সিদ্ধান্তই সংসদীয় ক্ষেত্ৰত তেওঁৰ আত্মপ্ৰকাশ ঘটাব । আনহাতে, আপে সঞ্জয় সিং আৰু এন ডি গুপ্তাকো দেশৰ উচ্চ সদনৰ সদস্য হিচাপে তেওঁলোকৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লৈছে ।

উল্লেখ্য যে দিল্লী সুৰা নীতি কেলেংকাৰী গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত কাৰাবাস খাটি থকা আপ সাংসদ সঞ্জয় সিঙক পুনৰ ৰাজ্যসভালৈ পঠাবৰ বাবে আম আদমী পাৰ্টীয়ে পূৰ্বতেই সিদ্ধান্ত গ্ৰহণ কৰিছিল । কিন্তু এইক্ষেত্ৰত আদালতৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰা হৈছিল । অৱশেষত শুকুৰবাৰে তেওঁ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অনুমতি লাভ কৰে ।

সঞ্জয় সিঙক দিল্লীৰ ৰাউজ এভিনিউ আদালতে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ অনুমতি প্ৰদান কৰে । দিল্লীৰ ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৯ জানুৱাৰী নিৰ্ধাৰ কৰা হৈছে । আসনকেইখনৰ ভোটগ্ৰহণ ১৯ জানুৱাৰীত অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে সঞ্জয় সিঙৰ উপৰি সুশীল গুপ্তা আৰু এন ডি গুপ্তা হৈছে দিল্লীৰ আন দুগৰাকী ৰাজ্যসভাৰ সদস্য । তেওঁলোকৰ কাৰ্যকাল ২৭ জানুৱাৰীত অন্ত পৰিব । ৰাজ্যখনৰ ৰাজনৈতিক সমীকৰণ অনুসৰি দিল্লীৰ ৩ খন ৰাজ্যসভাৰ আসন এইবাৰো আপৰ হাতত থকাৰ সম্ভাৱনা আছে । কিয়নো দিল্লী বিধানসভাৰ ৭০ গৰাকী বিধায়কৰ আপৰ সদস্য সংখ্যা হৈছে ৬২ গৰাকী । আনহাতে, বিজেপিৰ বিধায়কৰ সংখ্যা হৈছে ৮ ।

ইফালে দিল্লী নিৰ্বাচন আয়োগে ৰাজ্যসভাৰ আসনকেইখনৰ বাবে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । নিৰ্বাচন আয়োগে ২২ ডিচেম্বৰত দিল্লীৰ ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰি ২ জানুৱাৰীত জাননী জাৰি কৰে । ৯ জানুৱাৰীলৈকে মনোনয়ন দাখিল কৰিব পাৰিব আৰু ১০ জানুৱাৰীত মনোনয়ন পৰীক্ষা কৰা হ'ব । আনহাতে, ১২ জানুৱাৰীৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব । ভোটগ্ৰহণ ১৯ জানুৱাৰীৰ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :আদালতৰ সেউজ সংকেত, ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব সঞ্জয় সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.