ETV Bharat / bharat

PM Modi pays tribute to MS Swaminathan : এম এছ স্বামীনাথনক প্ৰকৃত কৃষক বৈজ্ঞানিক আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ - PM Modi on MS Swaminathan

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সেউজ বিপ্লৱৰ পথ প্ৰদৰ্শক এম এছ স্বামীনাথনক প্ৰকৃত কৃষক বৈজ্ঞানিক আখ্যা দিয়ে । কেইবাখনো বাতৰি কাকতৰ জৰিয়তে তেওঁ কৃষি বিজ্ঞানীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় ।

PM Modi pays tribute to MS Swaminathan
এম এছ স্বামীনাথনক প্ৰকৃত কৃষক বৈজ্ঞানিক আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ
author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 3:55 PM IST

নেশ্যনেল ডেস্ক,৭ অক্টোবৰ : শেহতীয়াকৈ মৃত্যুবৰণ কৰা সেউজ বিপ্লৱৰ পথ প্ৰদৰ্শক এম এছ স্বামীনাথনক প্ৰকৃত কৃষক বৈজ্ঞানিক আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ । পৰীক্ষাগাৰৰ বাহিৰত কৃষিক্ষেত্ৰত এম এছ স্বামীনাথনৰ অৱদানৰ বাবে তেওঁক প্ৰকৃত কৃষক বৈজ্ঞানিক বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । শনিবাৰে কেইবাখনো বাতৰি কাকতত প্ৰকাশ পোৱা এক শ্ৰদ্ধাঞ্জলিত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰখ্যাত কৃষি বিজ্ঞানীগৰাকীয়ে বৈজ্ঞানিক জ্ঞান আৰু ইয়াৰ ব্যৱহাৰিক প্ৰয়োগৰ মাজৰ ব্যৱধান সীমিত কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীৰ মতে বহুলোকে তেওঁক এগৰাকী কৃষি বৈজ্ঞানিক বুলি কয় । কিন্তু মোদীৰ মতে তেওঁ তাতকৈও শ্ৰেষ্ঠ । স্বামীনাথনক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে বিখ্যাত তামিল গ্ৰন্থ 'কুৰাল'ৰ উদ্ধৃতি দি মোদীয়ে কয় যে তাত লিখা আছে যিসকলে পৰিকল্পনা কৰিছে তেওঁলোকৰ দৃঢ়তা থাকিলে তেওঁলোকে যি বিচাৰে সেয়া তেওঁলোকে লাভ কৰিব ।

প্ৰধানমন্ত্ৰী মোদীৰ মতে তেওঁ এগৰাকী শক্তিশালী ব্যক্তি আছিল যিয়ে তেওঁৰ জীৱনৰ আৰম্ভণিতে সিদ্ধান্ত লৈছিল যে তেওঁ কৃষিক্ষেত্ৰক শক্তিশালী কৰিব বিচাৰে আৰু কৃষকসকলক সেৱা কৰিব বিচাৰে ।

গ্ৰন্থখনত কৃষকসকলক বিশ্বক একেলগে ধৰি ৰখা পিন বুলি বৰ্ণনা কৰা হৈছে কিয়নো কৃষকসকলেহে সকলোকে ধৰি ৰাখিছে আৰু স্বামীনাথনে এই নীতিটো ভালদৰে বুজি পাইছিল বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে । স্বামীনাথনৰ দৃষ্টিভংগীৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বই আজি বাজৰাক চুপাৰ ফুড হিচাপে বৰ্ণনা কৰি আছে কিন্তু তেওঁ ১৯৯০ ৰ দশকৰ পৰা বাজৰাক লৈ আলোচনাৰ বাবে উৎসাহিত কৰিছিল আৰু বহনক্ষম কৃষিৰ প্ৰয়োজনীয়তা আৰু মানৱ উন্নয়ন আৰু পাৰিপাৰ্শ্বিক স্থিৰতাৰ মাজত সূক্ষ্ম ভাৰসাম্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ।

স্বামীনাথনে ক্ষুদ্ৰ কৃষকসকলৰ জীৱন উন্নত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে আৰু তেওঁলোকে উদ্ভাৱনৰ ফল উপভোগ কৰাটো নিশ্চিত কৰে । প্ৰধানমন্ত্ৰী মোদীৰ মতে স্বামীনাথন মহিলা কৃষকসকলৰ জীৱন উন্নত কৰাৰ ক্ষেত্ৰতো বিশেষ উৎসাহী আছিল । প্ৰধানমন্ত্ৰীয়ে ২০০১ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত স্বামীনাথনৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্কৰ কথাও স্মৰণ কৰে ।

স্বামীনাথনক আমেৰিকাত অনুষদৰ পদৰ প্ৰস্তাৱ দিয়া হৈছিল কিন্তু তেওঁ ভাৰতৰ বাবে কাম কৰিব বিচাৰিছিল আৰু সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে । খাদ্যৰ সংকটৰ দৰে প্ৰত্যাহ্বানজনক পৰিস্থিতিত স্বামীনাথনে দেশক আত্মনিৰ্ভৰশীলতা আৰু আত্মবিশ্বাসৰ পথত পথ প্ৰদৰ্শন কৰিছিল বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে । মোদীয়ে কয় যে তেওঁক ১৯৮৭ চনত বিশ্ব খাদ্য বঁটা (World Food Prize) প্ৰদান কৰা হৈছিল । তেওঁ সেই বঁটাৰ ধন ব্যৱহাৰ কৰি এক গৱেষণা ফাউণ্ডেচন স্থাপন কৰিছিল ।

যোৱা ২৮ ছেপ্টেম্বৰত স্বামীনাথনৰ ৯৮ বছৰ বয়সত চেন্নাইত থকা তেওঁৰ বাসগৃহত মৃত্যু হয় । তেওঁ ১৯৬৭ চনত পদ্মশ্ৰী, ১৯৭২ চনত পদ্মভূষণ আৰু ১৯৮৯ চনত পদ্ম বিভূষণ সন্মান লাভ কৰে । তেওঁ ২০০৭-২০১৩ চনত ৰাজ্যসভাৰ মনোনীত সদস্যও আছিল ।

লগতে পঢ়ক :Telangana unity bus yatra: ৰাহুল গান্ধীয়ে তেলেংগানাত আৰম্ভ কৰিব ঐক্য বাছ যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.