ETV Bharat / bharat

Kolkata Municipal Corporation polls : কলকাতা পৌৰ নিগমৰ নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ দাবী সুভেন্দু অধিকাৰীৰ

author img

By

Published : Dec 20, 2021, 2:08 PM IST

দেওবাৰে কলকাতাৰ ১৪৪টা ৱাৰ্ডত অনুষ্ঠিত হোৱা পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনাইছে বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে(Suvendu Adhikari demands total KMC repolls) । বিজেপিৰ আন কেইবাগৰাকীও নেতাক লগত লৈ তেওঁ দেওবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি এই দাবী উত্থাপন কৰে ।

Suvendu Adhikari demands total KMC repolls
কলকাতা পৌৰ নিগমৰ নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ দাবী সুভেন্দু অধিকাৰীৰ

নেশ্যনেল ডেস্ক, ২০ ডিচেম্বৰ : পশ্চিমবংগৰ শাসন ব্যৱস্থাক উত্তৰ কোৰিয়াত চলি থকা কিম জং-উনৰ শাসন ব্যৱস্থাৰ সৈতে তুলনা কৰি ক্ষুৰধাৰ সমালোচনা কৰিলে পশ্চিমবংগৰ বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীয়ে । কলকাতা পৌৰ নিগমৰ নিৰ্বাচনৰ পাচতে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে বিজেপি নেতাগৰাকী(Kolkata Municipal Corporation polls) । দেওবাৰে কলকাতাৰ ১৪৪টা ৱাৰ্ডত অনুষ্ঠিত হোৱা পৌৰ নিগমৰ নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰিবলৈ সুভেন্দু অধিকাৰীয়ে দাবী জনাইছে(Suvendu Adhikari on Kolkata Municipal Corporation polls) । এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে দেওবাৰে তেওঁ পশ্চিমবংগৰ ৰাজ্যপালকো সাক্ষাৎ কৰে ।

তেওঁ কয় যে, বৰ্তমানৰ পশ্চিমবংগৰ শাসন ব্যৱস্থা কিম জং-উনৰ শাসন ব্যৱস্থাৰ দৰেই হৈছেগৈ । গণতান্ত্ৰিক ব্যৱস্থা থকা মৌলিক অধিকাৰৰ পৰা এতিয়া পশ্চিমবংগৰ ৰাইজ বঞ্চিত হৈছে । নিৰ্বাচন প্ৰক্ৰিয়া প্ৰহসনত পৰিণত হৈছে বুলিও অধিকাৰীয়ে অভিযোগ উত্থাপন কৰে । তেওঁ আৰক্ষী বাহিনীৰ দ্বাৰা শাৰীৰিকভাৱে অপদস্থ হোৱাৰো অভিযোগ উত্থাপন কৰে ।

তেওঁ ৰাজ্যপালক সাক্ষাৎ কৰি কলকাতাৰ ১৪৪টা ৱাৰ্ডত অনুষ্ঠিত হোৱা পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনাইছে(Suvendu Adhikari demanding KMC repolls) । একেটা দাবী উত্থাপন কৰি তেওঁ ৰাজ্যিক নিৰ্বাচন আয়োগৰো কাষ চাপে ।

দুয়োখন স্থানতে তেওঁ শাসকীয় দলৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰে । তেওঁ লগতে কয় যে, এনে এটা দিন আহিব যেতিয়া পশ্চিমবংগত কংগ্ৰেছ আৰু বাওঁমৰ্চাৰ দৰে তৃণমূল কংগ্ৰেছৰ আসনৰ সংখ্যাও শূন্যলৈ হ্ৰাস পাব । আনহাতে, পশ্চিমবংগ চৰকাৰে টুইটযোগে জাৰি কৰা বিবৃতিত উল্লেখ কৰা হৈছে যে, বিজেপিৰ নেতাসকলে কলকাতা পৌৰ নিগমৰ নিৰ্বাচন বাতিল কৰাৰ বাবে দাবী জনাইছে ।

বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে যে, আৰক্ষীয়ে শাসকীয় দলৰ হৈ কাম কৰিছে । কলকাতাৰ বিধায়ক আবাসত বিৰোধী বিধায়কসকলক বন্দী কৰি ৰখাৰ অভিযোগ তুলি এই সন্দৰ্ভত তদন্তৰ দাবী জনাইছে বিজেপিয়ে । ইফালে, ৰাজ্যপালগৰাকীয়ে আন এটা টুইটত উল্লেখ কৰিছে যে, বিজেপিৰ প্ৰতিনিধি দলটোৱে কৈছে যে, পৌৰ নিগমৰ নিৰ্বাচনক লৈ ৰাজ্যখনত সৃষ্টি হোৱা পৰিস্থিতিয়ে জৰুৰীকালীন সময়ৰ কথাহে সোঁৱৰাইছে ।

লগতে পঢ়ক:Kolkata Municipal Corporation Polls begins : কলকাতা পৌৰ নিগমৰ ১৪৪ টা ৱাৰ্ডত ভোটগ্ৰহণ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.