ETV Bharat / bharat

ভাৰতীয় নিৰাপত্তা বাহিনীক লক্ষ্য কৰি বিস্ফোৰক নিক্ষেপ - ভাৰতীয় নিৰাপত্তা বাহিনী

পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতীয় নিৰাপত্তা বাহিনীক আক্ৰমণৰ লক্ষ্য কৰি নিক্ষেপ কৰে বিস্ফোৰক ৷ আক্ৰমণত কোনো লোক হতাহত হোৱা নাই যদিও সমগ্ৰ অঞ্চলটো নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰি তদন্ত আৰম্ভ কৰিছে ৷

ভাৰতীয় নিৰাপত্তা বাহিনীক লক্ষ্য কৰি বিস্ফোৰক নিক্ষেপ

author img

By

Published : Jan 13, 2021, 8:31 PM IST

নেশ্যনেল ডেস্ক,13 জানুৱাৰী: বাৰে বাৰে ভাৰতীয় নিৰাপত্তা বাহিনীক আক্ৰমণৰ লক্ষ্য কৰি লয় পাকিস্তানী সন্ত্ৰাসবাদীয়ে ৷ পুনৰ বুধবাৰে শ্ৰীনগৰ চহৰৰ ৰাইনাৱাৰী অঞ্চলত চিআৰপিএফৰ দলক আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে ৷ ভাৰতীয় নিৰাপত্তা বাহিনীক লক্ষ্য কৰি পাকিস্তানী সন্ত্ৰাসবাদীয়ে নিক্ষেপ কৰে বিস্ফোৰক সামগ্ৰী ৷

নিৰাপত্তা বাহিনীৰ এগৰাকী শীৰ্ষ বিষয়াই জনাই যে, এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই যদিও নিৰাপত্তা বাহিনীক লক্ষ্য কৰি নিক্ষেপ কৰা বিস্ফোৰকটো গ্ৰেণেড নে অন্য বিস্ফোৰক সামগ্ৰী সেই সম্পৰ্কে পৰীক্ষা কৰি থকা হৈছে ৷ এই ঘটনাৰ পাচতে সমগ্ৰ অঞ্চলটো নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: সামৰিক মৰ্যাদাৰে শেষ বিদায় কেপ্তেইন অংকিত গুপ্তাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.