ETV Bharat / bharat

ত্ৰিপুৰাত উপস্থিত হৈ কংগ্ৰেছ সম্পৰ্কে কি ক'লে সুস্মিতা দেৱে ? - ত্ৰিপুৰাত তৃণমূলৰ উত্থান

কংগ্ৰেছৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী সুস্মিতা দেৱে শেহতীয়াকৈ তৃণমূল কংগ্ৰেছত যোগদান কৰিছে । সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী গৰাকীৰ তৃণমূলত যোগদানৰ লগে লগে ত্ৰিপুৰাত দলটোৱে শক্তিশালী ৰূপত থিয় দিব পাৰিব বুলি আশা কৰা হৈছে । ইয়াৰ মাজতে ত্ৰিপুৰাত উপস্থিত হৈ দলৰ পৰৱৰ্তী ৰণকৌশল সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'লে সুস্মিতা দেৱে ।

Susmita dev reaction
ত্ৰিপুৰাত উপস্থিত হৈ কংগ্ৰেছ সম্পৰ্কে কি ক'লে সুস্মিতা দেৱে
author img

By

Published : Sep 2, 2021, 6:10 PM IST

আগৰতলা, ২ ছেপ্তেম্বৰ: শেহতীয়াকৈ কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত (Trinamool Congress) যোগদান কৰিছে অসমৰ বৰাক উপত্যকাৰ প্ৰভাৱশালী নেত্ৰী তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী সুস্মিতা দেৱে (Susmita Dev) । যোগদানৰ পাছতে মমতা বেনাৰ্জীয়ে (Mamata Banerjee) ত্ৰিপুৰা তৃণমূলৰ বিশেষ দায়িত্ব দিছে সুস্মিতা দেৱক । ত্ৰিপুৰাত তৃণমূলৰ উত্থানৰ সপোন লৈ ৰাজ্যখনত উপস্থিত সুস্মিতা দেৱ ।

নেত্ৰীগৰাকীক তৃণমূলৰ বহু নেতা কৰ্মীয়ে আদৰণি জনোৱা দেখা গ'ল । ত্ৰিপুৰাত উপস্থিত হৈয়ে সুস্মিতা দেৱে কংগ্ৰেছ দলক সমালোচনা কৰা দেখা গ'ল । তেওঁ দাবী কৰা মতে কংগ্ৰেছ দলে তেওঁলোকৰ দলৰ নেতাসকলক আশ্বাস দিছে যে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ কৃপাত আঠৰ পৰা দহখন আসন লাভ কৰিব কংগ্ৰেছ দলে । অৱশ্যে কংগ্ৰেছৰ ওপৰত কোনো বিবৃতি নিদিও বুলিও ক'লে সুস্মিতা দেৱে ৷ কাৰণ তেওঁ কোৱা মতে তেওঁক ত্ৰিপুৰাত তৃণমূলৰ সম্প্ৰসাৰণৰহে দায়িত্ব দিয়া হৈছে ।

ত্ৰিপুৰাত উপস্থিত হৈ কংগ্ৰেছ সম্পৰ্কে কি ক'লে সুস্মিতা দেৱে

তেওঁ লগতে ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি অজয় কুমাৰক লক্ষ্য কৰি কয় যে অজয় কুমাৰে ত্ৰিপুৰাৰ ৰাজনীতি বুজাটো দৰকাৰ । মমতা বেনাৰ্জীৰ প্ৰশংসা কৰি সুস্মিতা দেৱে লগতে কয় যে দিদিৰ নেতৃত্বত তৃণমূলে পশ্চিমবংগৰ বাহিৰতো চৰকাৰ গঠন কৰিব । তেওঁৰ মতে বিজেপি আৰু কংগ্ৰেছৰ পাছত তৃণমূল একমাত্ৰ দল হ'ব, যিয়ে আন ৰাজ্যতো চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব । সুস্মিতা দেৱে ত্ৰিপুৰাত উপস্থিত হৈ দলৰ কৰ্মী মজিবুৰ ইছলামৰ বাসগৃহলৈ যায়, যিগৰাকী কৰ্মী শেহতীয়াকৈ আক্ৰমণৰ বলি হৈছিল ।

ইফালে পশ্চিমবংগৰ শিক্ষামন্ত্ৰী ব্ৰত্য বসুৰ উপস্থিতিত সংবাদ মাধ্যমৰ সন্মুখত বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনাও কৰে সুস্মিতা দেৱে । উল্লেখ্য যে সুস্মিতা দেৱৰ ত্ৰিপুৰাৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে । তেওঁৰ পিতৃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মন্ত্ৰীসভাত স্থান পাইছিল আৰু পশ্চিম ত্ৰিপুৰা সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল । পিতৃক স্মৰণ কৰিও সুস্মিতা দেৱে কয় যে তেওঁৰ পিতৃয়ে দীৰ্ঘদিন ধৰি ত্ৰিপুৰাক প্ৰতিনিধিত্ব কৰিছিল ৷ সেয়ে তেওঁ আশাবাদী ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছে শক্তিশালী স্থিতি গঠন কৰিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক :অৰ্থনৈতিক বিপ্লৱৰ সূচনাৰ্থে বিধায়ক মৃণাল শইকীয়াৰ নতুন প্ৰচেষ্টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.