ETV Bharat / bharat

বিদিশাত স্থাপন কৰা হ'ব সুষমা স্বৰাজ প্ৰতিমূৰ্তি

author img

By

Published : Feb 14, 2021, 5:41 PM IST

প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ জন্মবাৰ্ষিকী উপলক্ষে দেওবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ বাসগৃহত আয়োজিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে এই কথা ৷

Sushma Swaraj's statue to be installed in Vidisha: MP CM
বিদিশাত স্থাপন কৰা হ'ব সুষমা স্বৰাজ প্ৰতিমূৰ্তি

নিউজ ডেস্ক, 14 ফেব্ৰুৱাৰী : প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজে প্ৰতিনিধিত্ব কৰা লোকসভা সমষ্টি বিদিশাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব ৷ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে দেওবাৰে ঘোষণা কৰে এই কথা ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ জন্মবাৰ্ষিকী উপলক্ষে দেওবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে তেওঁৰ বাসগৃহত কেইগৰাকীমান ৰাজ্যিক মন্ত্ৰী আৰু দলৰ জ্যেষ্ঠ নেতাৰ উপস্থিতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে । প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই চৌহানে বিদিশাৰ টাউন হলত এই প্ৰতিমূৰ্তিটো স্থাপন কৰাৰ কথা ব্যক্ত কৰে ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মধ্যপ্ৰদেশ বিধানসভাৰ প্ৰটেম অধ্যক্ষ ৰামেশ্বৰ শৰ্মা, ৰাজ্যিক চিকিৎসা শিক্ষা মন্ত্ৰী বিশ্ববাস সাৰঙ্গ আৰু অন্যান্য বিজেপি নেতাসকল উপস্থিত থাকি স্বৰাজৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় ।

উল্লেখ্য যে, প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজে 2009 আৰু 2014 চনৰ লোকসভা নিৰ্বাচনত ভূপালৰ পৰা প্ৰায় ৫৮ কিলোমিটাৰ দূৰত অৱস্থিত বিদিশাৰ পৰা প্ৰতিদ্বন্দিতা কৰি জয়ী হৈছিল । 2019 চনৰ 6 আগষ্টত 67 বছৰ বয়সত সুষমা স্বৰাজৰ মৃত্যু হয় ।

লগতে পঢ়ক : ৰাহুল গান্ধী শিৱসাগৰলৈ আহি ভুল কৰিলে: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.