নেশ্যনেল ডেস্ক,১৯ জানুৱাৰী : শেহতীয়াকৈ গুজৰাটৰ বিধানসভা নিৰ্বাচনত বিজেপি দলে জয়ৰ অভিলেখ সৃষ্টি কৰিছে (BJP victory in Gujarat)। ১৫৬ খন আসন লাভ কৰি প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যত অভিলেখ গঢ়িছে বিজেপিয়ে । ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ এই বিজয়ক ৰাজ্যখনত উদযাপন কৰা হৈছে । কিন্তু চুৰাটৰ এগৰাকী সোণৰ ব্যৱসায়ীয়ে ব্যতিক্ৰমী ধৰণে এই বিজয় উদযাপন কৰিলে ।
সোণাৰি তথা ব্যৱসায়ীগৰাকীয়ে সোণেৰে নিৰ্মাণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা প্ৰতিমূৰ্তি । ১৫৬ গ্ৰাম সোণেৰে নিৰ্মাণ কৰা হৈছে এই প্ৰতিমূৰ্তিটো (156 gms gold idol of PM Modi)। বিজেপিৰ ঐতিহাসিক বিজয় উদযাপনৰ বাবে সোণাৰিজনে নিৰ্মাণ কৰিছে এই সোণৰ প্ৰতিমূৰ্তিটো (Jewelers make PM Modi idol to celebrate BJP voctory)। এই সোণৰ মূৰ্তিটোৰ আনুমানিক মূল্য ১১ লাখ টকা । প্ৰায় ২০ গৰাকী শিল্পীয়ে ৩ মাহৰ নিৰন্তৰ কাম কৰাৰ অন্তত নিৰ্মাণ কৰি উলিয়াইছে প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তিটো ।
গুজৰাটত বিজেপিৰ বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ পাছতে ১৮ কেৰেট সোণেৰে মূৰ্তিটো নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল (18 carat gold idol of PM Modi)। গহনা বিপনীখনৰ গৰাকীয়ে কোৱা মতে এবাৰ পৰিকল্পনাটো লোৱাৰ পাছতে তেওঁ শিল্পীসকলক একত্ৰিত কৰিবলৈ আৰম্ভ কৰিছিল ।
ইটিভি ভাৰতৰ সন্মুখত বিপণিখনৰ গৰাকী সন্দীপ জৈনে কয়, "আমি ভাৰতত বাস কৰো, য'ত মানুহৰ সোণৰ প্ৰতি দুৰ্বলতা আছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰিবলৈ শব্দবোৰৰ অভাৱ হৈ পৰে । তেওঁৰ প্ৰতি মানুহৰ অনুভূতি সোণতকৈ কম নহয় । মানুহে তেওঁক কেনেদৰে প্ৰশংসা কৰে তাক দেখুৱাবলৈ আমি তেওঁৰ প্ৰতিমূৰ্তিটো সোণেৰে নিৰ্মাণ কৰিছো ।"
তেওঁ উল্লেখ কৰা মতে গুজৰাটত বিজেপিয়ে ১৫৬ খন আসন লাভ কৰাটো ঐতিহাসিক । যি ভৱিষ্যতেও হয়তো সম্ভৱ নহ'ব পাৰে । যেতিয়া প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত বিজেপিয়ে ১৫৬ খন আসনত জয়ী হৈছিল, তেতিয়াই তেওঁলোকে ভাবিছিল আৰু বিজেপিক কৈছিল যে সোণেৰে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব । ঐতিহাসিক জয়ক স্বীকৃতি দিয়াৰ বাবে সেয়েহে ১৫৬ গ্ৰামেৰে এই মূৰ্তিটো নিৰ্মাণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । প্ৰায় ৩ মাহৰ কঠোৰ পৰিশ্ৰমৰ অন্তত ২০-২৫ গৰাকী শিল্পীয়ে মূৰ্তিটো সম্পূৰ্ণ কৰিছে বুলি বিপণিখনৰ গৰাকীয়ে জনায় ।
আন এগৰাকী সোণাৰি বসন্ত বোহৰাই কয় যে মূৰ্তিটো প্ৰধানমন্ত্ৰীৰ আধ্যাত্মিক সত্তা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধাঞ্জলি । বোহৰাই লগতে কয় যে তেওঁ সন্তুষ্ট কিয়নো মূৰ্তিটোত প্ৰধানমন্ত্ৰী মোডীৰ মুখাৱয়ব স্পষ্ট হৈছে । মূৰ্তিটোত প্ৰধানমন্ত্ৰী মোডীৰ চশমা, মুখ আৰু চকু আদি সকলো প্ৰায় নিখুঁতভাৱে খোদিত কৰা হৈছে ।