নেশ্যনেল ডেস্ক, 23 মাৰ্চ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহিলে গুজৰাটৰ চূৰাট আদালতে ৷ ৰাহুল গান্ধীৰ বিৰুদ্ধে থকা এক মানহানিৰ গোচৰৰ চূড়ান্ত শুনানি গ্ৰহণ কৰি এই ৰায়দান চূৰাট আদালতৰ ৷ উল্লেখ্য যে, 2019 চনত এক নিৰ্বাচনী প্ৰচাৰ সভাত মোডী সম্প্ৰদায়ক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে (Defamation case against Rahul Gandhi) ৷
ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহা হৈছে যদিও তেওঁৰ শাস্তি 30 দিনৰ বাবে স্থগিত ৰাখিছে আদালতে (Rahul Gandhi sentenced jail) ৷ এই 30 দিনৰ ভিতৰত চূৰাট আদালতৰ ৰায়দানক প্ৰত্যাহ্বান জনায় সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰিব ৰাহুল গান্ধী ৷ ৰাহুল গান্ধীক কাৰাদণ্ডৰ ৰায় প্ৰদান কৰাৰ পাচতেই এতিয়া দেশজুৰি কংগ্ৰেছৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ সমান্তৰালভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শাসকীয় দল বিজেপিয়েও ৷
ৰাহুল গান্ধীয়ে কোৱা কথা দেশৰ বাবে আৰু খোদ কংগ্ৰেছ দলৰ বাবে মংগলজনক নহয় বুলি কটাক্ষ বিজেপিৰ ৷ সমান্তৰালভাৱে বিজেপিয়ে ৰাহুল গান্ধীৰ কণ্ঠ স্তব্ধ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ কংগ্ৰেছৰ ৷ আদালতেও পক্ষপাতিত্ব কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে ৷ আদালতৰ ৰায়ৰ পাচতেই সৰ্বোচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা বিনিত জিন্দালে লোকসভাৰ অধ্যক্ষৰ ওচৰত ৰাহুল গান্ধীক বহিষ্কাৰ কৰিবলৈ দাখিল কৰিছে এখন আবেদন (Rahul Gandhi case hearing) ৷
মোডী সম্প্ৰদায়ক লৈ কৰা এক বিতৰ্কিত মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল চূৰাটৰ এগৰাকী বিজেপি বিধায়ক পুৰ্নেশ মোডীয়ে ৷ 2019 চনত কৰ্ণাটকত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে নীৰৱ মোডী, ললিত মোডী আদিৰ নাম লৈ চোৰৰ উপাধি কিয় মোডী হয় বুলি প্ৰশ্ন কৰিছিল ৷
ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছিল মোডী সম্প্ৰদায়ৰ লোকসকল ৷ অৱশেষত চাৰি বছৰৰ পাচত এই গোচৰৰ চূড়ান্ত শুনানি গ্ৰহণ কৰি ৰায়দান দিলে চূৰাটৰ এখন আদালতে ৷ আদালতৰ এই ৰায়দানক আদৰণি জনাইছে অভিযোগকাৰী পুৰ্নেশ মোডীয়ে ৷ ৰাহুল গান্ধীক ভাৰতীয় দণ্ড বিধিৰ 499 আৰু 500 ধাৰাত দোষী সাব্যস্ত কৰে আদালতে (Final verdict on Rahul Gandhi case) ৷