ETV Bharat / bharat

Supreme Court slams Andhra HC : ইনাডুৰ গোচৰত অন্ধ্ৰ উচ্চ ন্যায়ালয়ক তীব্ৰ সমালোচনা ছুপ্ৰিম কোৰ্টৰ

author img

By

Published : Apr 11, 2023, 7:37 AM IST

অন্ধ্ৰপ্ৰদেশ চৰকাৰে নিৰ্দিষ্ট বাতৰিকাকতৰ পক্ষ লোৱা সন্দৰ্ভত অন্ধ্ৰ উচ্চ ন্যায়ালয়ক জবাবদিহি ছুপ্ৰিম কোৰ্টৰ (SC slams Andhra HC on AP Govt newspaper issue) । সোমবাৰে উচ্চতম ন্যায়ালয়ে অন্ধ্ৰপ্ৰদেশ চৰকাৰ সাক্ষী বাতৰি কাকতৰ পক্ষত থকাৰ অভিযোগত উত্থাপন কৰা আবেদনৰ মোকাবিলা কৰাৰ বাবে গ্ৰহণ কৰা পদ্ধতিৰ ওপৰত অন্ধ্ৰ উচ্চ ন্যায়ালয়ক প্ৰশ্ন কৰে আৰু এইটো পৰ্যক্ষণ কৰে যে আবেদনখন দিল্লী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰা উচিত ।

Supreme Court slams Andhra HC
অন্ধ্ৰপ্ৰদেশত সংবাদপত্ৰ আৰু চৰকাৰৰ মাজত যোগসূত্ৰক লৈ উচ্চ ন্যায়ালয়ৰ ভূমিকাত ক্ষুন্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয়

নিউজ ডেস্ক, ১১ এপ্ৰিল : অন্ধ্ৰপ্ৰদেশত সংবাদপত্ৰ আৰু চৰকাৰৰ মাজত যোগসূত্ৰক লৈ উচ্চ ন্যায়ালয়ৰ ভূমিকাত ক্ষুন্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয় (Supreme Court of India) । উচ্চতম ন্যায়ালয়ে সোমবাৰে এই সন্দৰ্ভত নিজৰ পৰ্যবেক্ষণ আগবঢ়ায় । তাত কোৱা হৈছে যে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ মালিকানাধীন আৰু নিয়ন্ত্ৰণাধীন সাক্ষী বাতৰিকাকতক লাভান্বিত কৰাৰ লক্ষ্যৰে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ আদেশক প্ৰত্যাহ্বান জনোৱা তেলেগু দৈনিক কাকত ইনাডুৰ বিষয়টো মোকাবিলা কৰাৰ পদ্ধতি প্ৰত্যক্ষ কৰি সন্তুষ্ট নহয় (AP Govt alleged promotes Sakshi newspaper) ।

আনহাতে, এই সন্দৰ্ভত শীৰ্ষ ন্যায়ালয়ে মন্তব্য কৰে যে ইনাডুৰ আবেদন দিল্লী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠলৈ স্থানান্তৰ কৰা হ'ব পাৰে । তাতেই বিষয়টোৰ চূড়ান্ত বিবেচনা কৰিব । ইয়াৰ বাবে উত্তৰদাতাসকলক প্ৰতিনিধিত্ব কৰা চি এছ বৈদ্যনাথনে তেওঁৰ পক্ষৰ পৰা নিৰ্দেশনা বিচাৰি শুকুৰবাৰলৈকে সময় বিচাৰে । উল্লেখ্য যে, এই গোচৰটোত অন্ধ্ৰপ্ৰদেশ চৰকাৰে ২০২০ চনৰ ছেপ্টেম্বৰত চৰকাৰী আঁচনিসমূহৰ প্ৰচাৰ আৰু চৰকাৰী আঁচনিসমূহ লাভ কৰাত ৰাইজক সহায় কৰাৰ বাবে স্বেচ্ছাসেৱক নিয়োগ কৰাৰ বিষয়টো জড়িত হৈ আছে (SC slams Andhra HC on AP Govt newspaper issue) ।

উল্লেখ্য, এই আঁচনিত প্ৰতি ৫০ টা পৰিয়ালৰ বিপৰীতে এজন স্বেচ্ছাসেৱকৰ হাৰত প্ৰায় ২.৫৬ লাখ স্বেচ্ছা সেৱক নিযুক্ত কৰা হৈছিল । জুন 2022 চনত অন্ধ্ৰপ্ৰদেশ চৰকাৰে এই 2.56 লাখ গাঁও/ৱাৰ্ড স্বেচ্ছাসেৱকৰ প্ৰতিজনকে তেওঁলোকে লাভ কৰা প্ৰতিমাহে 5000 টকাৰ মাননীৰ উপৰি ২০০ টকাকৈ অতিৰিক্তভাৱে প্ৰদানৰ বাবে চৰকাৰী নিৰ্দেশ গৃহীত কৰে । এই ধনৰাশি বহুলভাৱে প্ৰচাৰিত বাতৰিকাকত ক্ৰয়ৰ বাবে প্ৰদান কৰা হয় ।

আনহাতে, ডিচেম্বৰ, 2022-ত গৃহীত আন এটা প্ৰস্তাৱত অন্য 1.45 লাখ গাঁও/ৱাৰ্ড কৰ্মকৰ্তাৰ প্ৰতিজনকে 200 টকা প্ৰদানত অনুমোদন জনায় । কিন্তু ইনাডুৱে ২০২৩ চনৰ ফেব্ৰুৱাৰীত অমৰাৱতীত অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ত দুয়োটা চৰকাৰী আদেশকে প্ৰত্যাহ্বান জনায় (Eenadu challenged govt orders before AP High Court) ।

ইনাডুৱে ন্যায়ালয়ত এইটো দাবী কৰে যে, বাতৰিকাকত ক্ৰয়ৰ বাবে প্ৰদান কৰা ধনৰ বাবে বিশেষভাৱে সাক্ষী বাতৰিকাকতৰ নামটো পূৰ্বচৰ্ত হিচাপে উল্লেখ কৰা নাছিল । তথাপিও তাত বিভিন্ন চৰ্ত আৰোপ কৰা হৈছিল । লগতে মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰী তথা দলীয় কৰ্মকৰ্তাসকলে ইনাডুক 'হালধীয়া সংবাদ মাধ্যম' বুলি অভিহিত কৰে আৰু ৰাইজক ইনাডু নপঢ়িবলৈ আহ্বান জনোৱাৰ লগতে সাক্ষীক স্বেচ্ছাসেৱকসকলৰ পছন্দ হিচাপে বাছনি কৰিবলৈ আহ্বান জনাইছিল ।

এই বিষয়টো মুখ্য ন্যায়াধীশৰ অধ্যক্ষতাত অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে গ্ৰহণ কৰে । কিন্তু বিচাৰপীঠে এই সন্দৰ্ভত অন্তৱৰ্তীকালীন আদেশ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে আৰু বিষয়টো ২০২০ চনৰ আন এখন পিআইএলৰ সৈতে শুনানিৰ বাবে গ্ৰহণ কৰে । কিন্তু অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ উক্ত আদেশৰ বাবে ইনাডু ক্ষুব্ধ হৈ পৰে আৰু উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত এক বিশেষ আবেদন দাখিল কৰে । ২৯ মাৰ্চত উচ্চতম ন্যায়ালয়ে প্ৰতিপক্ষক বিষয়টো সন্দৰ্ভত জাননী জাৰি কৰাৰ নিৰ্দেশ দিয়ে । সোমবাৰে জ্যেষ্ঠ অধিবক্তা চি এছ বৈদ্যনাথন আৰু ৰঞ্জিত কুমাৰে প্ৰতিনিধিত্ব কৰা প্ৰতিপক্ষই উচ্চতম ন্যায়ালয়ত হাজিৰ হয় ।

শীৰ্ষ ন্যায়ালয়ে প্ৰশ্ন কৰে যে এই স্বেচ্ছাসেৱকসকল কোন আৰু তেওঁলোকক কেনেকৈ নিযুক্তি দিয়া হ'ব । ইয়াৰ উত্তৰত জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগী আৰু দেৱদত্ত কামাতৰ নেতৃত্বত আবেদনকাৰীসকলে অধিবক্তা মায়াংক জৈনৰ সহায়ত উত্তৰ দাখিল কৰে যে, তেওঁলোক ৰাজনৈতিক কাৰ্যসূচীৰ বাবে কাম কৰা দলীয় কৰ্মী । ইয়াৰ পিছত ন্যায়ালয়ে কয়, "উচ্চ ন্যায়ালয়ত বিষয়টোত যেনেদৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে সেয়া অতি উদ্বেগজনক । সেয়েহে এই লেখ আবেদনখন দিল্লী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠলৈ স্থানান্তৰ কৰা হ'ব পাৰে আৰু তাতেই বিষয়টো চূড়ান্ত বিবেচনা কৰিব’’ ।

ইফালে দিল্লী উচ্চ ন্যায়ালয়লৈ (Delhi High Court) লেখ আবেদনখন স্থানান্তৰ কৰা সন্দৰ্ভত অধিবক্তা বৈদ্যনাথনে আপত্তি দৰ্শাই কয় যে বিষয়টোৰ ওপৰত ২১ এপ্ৰিলত শুনানিৰ দিন আহি আছে । সেয়েহে এই পৰ্যায়ত গোচৰটো দিল্লী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰিলে "অপ্ৰয়োজনীয়ভাৱে বিষয়টো বিলম্বিত হ'ব" । আনহাতে, অধিবক্তা মুকুল ৰোহতগীয়ে কয় যে ঊশোদয়াৰ লেখ আবেদনখনৰ (writ petition of Ushodaya) শুনানি পিআইএলৰ (PIL) সৈতে একেলগে শুনিব নোৱাৰি আৰু সেয়ে বিষয়টো দিল্লী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰাটো উপযুক্ত হ'ব ।

এনে পৰিস্থিতিত বৈদ্যনাথনে তেওঁৰ ক্লায়েণ্টৰ পৰা নিৰ্দেশনা বিচাৰিবলৈ শুকুৰবাৰলৈকে সময় বিচাৰে । এতিয়া বিষয়টোৰ ওপৰত 17 এপ্ৰিল, সোমবাৰে শুনানি পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক : AAP gets national party status: ৰাষ্ট্ৰীয় দল হ’ল আপ; মৰ্যাদা হেৰুৱালে তৃণমূল, এনচিপি, চিপিআইয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.