নিউজ ডেস্ক, ১ আগষ্ট : মণিপুৰৰ প্ৰশাসন আৰু নিৰাপত্তা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে তীব্ৰ মন্তব্য মঙলবাৰেও অব্যাহত ৰাখে উচ্চতম ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ে কয় যে মে' মাহৰ আৰম্ভণিৰ পৰা জুলাইৰ শেষলৈকে উত্তৰ-পূবৰ ৰাজ্যখনত মাৰাত্মক জাতিগত হিংসাৰ ফলত আইন-শৃংখলা আৰু সাংবিধানিক ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি পৰিছে ।
দেশৰ শীৰ্ষ ন্যায়ালয়ে মন্তব্য কৰে যে যদি আইনে জনসাধাৰণক সুৰক্ষা দিবলৈ অক্ষম হয়, তেন্তে তেওঁলোকৰ ওচৰত আৰু কি বাকী থাকিব ? ছুপ্ৰিম কোৰ্টে ৰাজ্য চৰকাৰক আৰক্ষীৰ বিৰুদ্ধে লোৱা ব্যৱস্থা সন্দৰ্ভতো প্ৰশ্ন কৰে । উল্লেখ্য যে ভাইৰেল ভিডিঅ'টোত দেখা পোৱা ভুক্তভোগীসকলক আৰক্ষীয়ে জনসাধাৰণৰ হাতত গতাই দিয়াৰ অভিযোগ উঠিছিল ।
ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এক বিচাৰপীঠৰ সন্মুখত কয় যে চৰকাৰে মহিলাৰ বিৰুদ্ধে অপৰাধৰ সন্দৰ্ভত ১১ খন এজাহাৰ চিবিআইলৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱ দিছে । ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে কয় যে মে' আৰু জুলাইৰ ভিতৰত ৰাজ্যখনত আইন-শৃংখলা আৰু সাংবিধানিক ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি পৰিছে ।
আনহাতে, মুখ্য ন্যায়াধীশে কয় যে মণিপুৰত আইন-শৃংখলা বুলি এতিয়া একো নাই আৰু এইটো সম্পূৰ্ণৰূপে স্পষ্ট যে ৰাজ্যিক আৰক্ষী তদন্ত কৰিবলৈ অক্ষম । লগতে কয় যে আৰক্ষীয়ে আইন-শৃংখলাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ হেৰুৱাইছে । আৰু যদি আইনে জনসাধাৰণক সুৰক্ষা দিবলৈ অক্ষম হয় তেন্তে তেওঁলোকৰ ওচৰত আৰু কি বাকী আছে ? মুখ্য ন্যায়াধীশে কয় যে পৰিস্থিতি দুমাহ ধৰি ইমান বেয়া হৈ আছিল যে এফআইআৰ পঞ্জীয়নৰ বাবেও অনুকূল নাছিল আৰু তাত আইন বুলি একো নাছিল ।
"আপোনালোকে এজাহাৰ এখনো পঞ্জীয়ন কৰিব নোৱাৰিলে, আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিব নোৱাৰিলে ।" মুখ্য ন্য়ায়াধীশগৰাকীয়ে লগতে আঙুলিয়াই দিয়ে । আনহাতে, মেহতাই কয় যে কিয় সমন্বিত আক্ৰমণ সংঘটিত হৈছিল সেই বিষয়ে কিবা ক'বলৈ তেওঁ অপাৰগ । কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতিটো উপলব্ধি কৰাৰ লগে লগে গোচৰটো চিবিআইলৈ স্থানান্তৰ কৰা হয় । এই সন্দৰ্ভত মুখ্য ন্যায়াধীশে মেহতাক প্ৰশ্ন কৰে যে ৫০ টা (গোচৰ) যদি চিবিআইলৈ যায়, তেনেহ'লে ৫৫০০ টাৰ ক্ষেত্ৰত কি হ'ব ? ৰাজ্যিক আৰক্ষী তদন্ত কৰিবলৈ অক্ষম আৰু তাত এতিয়া কোনো আইন-শৃংখলা বাকী নাই । তেওঁ লগতে কয় ।
আনহাতে, মেহতাই কয় যে পঞ্জীয়ন কৰা এফআইআৰৰ ভিত্তিত ২৫০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে ১২,০০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইফালে মুখ্য ন্যায়াধীশে কয় যে ভাইৰেল ভিডিঅ'টোত দেখা পোৱা মহিলাসকলৰ বিবৃতিত কোৱা হৈছে যে তেওঁলোকক আৰক্ষীয়ে জনতাৰ হাতত গতাই দিছিল । তেওঁ মেহতাক প্ৰশ্ন কৰে, "আৰক্ষীয়ে কাৰোবাক গ্ৰেপ্তাৰ কৰিছে নেকি ? ডিজিপিয়ে এই বিষয়ত ইমান মাহে জানিবলৈ চেষ্টা কৰিছিল নেকি ? তেওঁ কি কৰিছে ? এয়া তেওঁৰ কৰ্তব্য । তেওঁলোকে আৰক্ষী বিষয়াসকলক জেৰা কৰিছিল নেকি ?"
উল্লেখ্য যে শীৰ্ষ ন্যায়ালয়ে গোচৰসমূহৰ তদন্ত কমি যোৱা বুলি অভিহিত কৰি নিৰ্দেশ দিয়ে যে মণিপুৰৰ ডিজিপিয়ে পৰৱৰ্তী শুনানিৰ তাৰিখত আদালতত উপস্থিত থাকিব লাগিব আৰু আদালতৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ স্থিতিত থাকিব লাগিব । শীৰ্ষ আদালতে সোমবাৰে বিষয়টো গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । আনহাতে, মণিপুৰ চৰকাৰে শীৰ্ষ আদালতক জনাইছে যে ৩ মে'ৰ পৰা পঞ্জীয়ন কৰা ৬,০০০-তকৈও অধিক এফআইআৰৰ ভিতৰত ১১ খন এজাহাৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সংক্ৰান্তীয় ।
লগতে পঢ়ক :INDIA MPs Meet : মণিপুৰৰ পৰিস্থিতিৰ ওপৰত ইণ্ডিয়া মিত্ৰজোঁটৰ সাংসদসকলৰ ৰণনীতি বৈঠক