ETV Bharat / bharat

কৃষি আইন সাময়িকভাৱে স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ - এটৰ্নী জেনেৰেল কে কে বেনুগোপাল

কৃষি আইন সাময়িকভাৱে স্থগিত ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ ৷ এছ এ ববডেৰ নেতৃত্ব গঠিত এক বিচাৰক মণ্ডলীয়ে কৃষি আইন সম্পৰ্কত বহুকেইটা পৰামৰ্শ আগবঢ়াই কেন্দ্ৰীয় চৰকাৰক ৷

উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়
author img

By

Published : Dec 18, 2020, 11:51 AM IST

নেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ : বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে বিতৰ্কিত কৃষি আইন সম্পৰ্কত এখন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ পাচতে কেন্দ্ৰীয় চৰকাৰলৈ কিছু পৰামৰ্শ আগবঢ়াইছে ৷ আদালতে কয় যে, বৰ্তমানৰ বাবে কৃষি আইন কেইখন স্থগিত ৰাখিব লাগে আৰু সেই সময়ছোৱাতে কৃষি সংগঠন সমূহলৈ জাননী জাৰি কৰিব লাগে ৷

এটৰ্নী জেনেৰেল কে কে বেনুগোপালে ইয়াৰ প্ৰত্যুত্তৰত কয় যে, এয়া সম্ভৱপৰ নহয় ৷ আলোচনাৰ মাজলৈ আহিবলৈ ইয়াৰ জৰিয়তে সম্ভৱপৰ হ'ব বুলি উচ্চতম ন্যায়ালয়ে কৰা মন্তব্যত বেনুগোপালে কয় যে, তেওঁ এই সম্পৰ্কত কেন্দ্ৰৰ সৈতে বাৰ্তালাপ কৰিব ৷

বেনুগোপালে এক নিউজ এজেন্সীক জনায় যে, কৃষি আইন স্থগিত ৰাখিলে কৃষকসকলে বুজাবুজিৰ সিদ্ধান্তত উপনীত হ'বলৈ অমান্তি হ'ব ৷ আদালতে কয় যে, তেওঁলোকে কৃষি আইন স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়া নাই বৰঞ্চ পৰামৰ্শ আগবঢ়াইছে কিয়নো কৃষকসকলে চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ ইয়াৰ কাৰ্যকাৰিতা বৰ্তমান স্থগিত ৰখা উচিত ৷

কৃষি সংগঠনসমূহৰ কোনো প্ৰতিনিধি আদালতত উপস্থিত নথকা বাবে বৃহস্পতিবাৰৰ দিনা মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত বিচাৰক মণ্ডলীয়ে কৃষক বিদ্ৰোহৰ বিৰুদ্ধে দাখিল কৰা আবেদন সম্পৰ্কত কোনো ৰায়দান নকৰিলে ৷

লগতে পঢ়ক : নতুন কৃষি আইনৰ সন্দৰ্ভত মধ্য প্ৰদেশৰ কৃষকক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.