ETV Bharat / bharat

Karnataka CM selection : প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰক মুখ্যমন্ত্ৰিত্ব প্ৰদানৰ দাবীত প্ৰতিবাদ

মুখ্যমন্ত্ৰী বাছনিক লৈ অচলাৱস্থা অব্যাহত থকাৰ সময়তে কৰ্ণাটকত প্ৰতিবাদ (Congress worker protest in Karnataka)। ৰাজ্যখনৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী পৰমেশ্বৰৰ সমৰ্থকসকলে টুমকুৰত প্ৰতিবাদ সাব্যস্ত কৰে । মধুগিৰিৰ বিধায়ক ৰাজান্নাই দাবী কৰা মতে সিদ্দাৰামাইয়া মুখ্যমন্ত্ৰী হোৱাটো ১০০ শতাংশ নিশ্চিত ।

Karnataka CM selection
বিধায়ক পৰমেশ্বৰক মুখ্যমন্ত্ৰিত্ব প্ৰদানৰ দাবীত প্ৰতিবাদ
author img

By

Published : May 16, 2023, 6:46 PM IST

নেশ্যনেল ডেস্ক, ১৬ মে': কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ বাছনিক লৈ ব্যাপক কৌতূহল অব্যাহত আছে । ইতিমধ্যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৰুদ্ধদ্বাৰ বৈঠক অব্যাহত ৰাখিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ ভিতৰৰ যিকোনো এজনক শীৰ্ষ নেতৃত্বই মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ আসনৰ বাবে চলি থকা যুঁজখন তিনিকোণীয়া হৈ পৰা পৰিলক্ষিত হৈছে (Karnataka CM selection)।

মঙলবাৰে কৰ্ণাটকত আন এগৰাকী প্ৰভাৱশালী কংগ্ৰেছ নেতাৰ সমৰ্থকে মুখ্যমন্ত্ৰিত্বৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে । কোৰাটাগেৰে বিধানসভা সমষ্টিৰ বিধায়ক আৰু প্ৰাক্তন উপ মুখ্যমন্ত্ৰী জি পৰমেশ্বৰক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিবলৈ দাবী তুলিছে সমৰ্থকসকলে (MLA Parameswhar supporters protest)। হাতে হাতে নেতাগৰাকীৰ সমৰ্থনত পোষ্টাৰ লৈ টুমকুৰত কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

টুমকুৰ চহৰৰ কংগ্ৰেছ কাৰ্যালয়ৰ পৰা প্ৰতিবাদকাৰীসকলে এক প্ৰতিবাদী শোভাযাত্ৰাও উলিয়ায় । প্ৰতিবাদৰ অন্তত কংগ্ৰেছ কৰ্মীসকলে বিধায়ক পৰমেশ্বৰক মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰিবলৈ শীৰ্ষ নেতৃত্বৰ ওচৰত দাবী জনায় । প্ৰতিবাদকাৰীসকলৰ মতে, পৰমেশ্বৰে সকলো স্তৰত দলটো শক্তিশালী কৰিবলৈ দীৰ্ঘসময় ধৰি কঠোৰ পৰিশ্ৰম কৰি আহিছে (Demand for CM post to Parameshwar)।

ইয়াৰ মাজতে মধুগিৰিৰ বিধায়ক কে এন ৰাজান্নাই দাবী কৰে যে, সিদ্দাৰামাইয়া পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহাটো ১০০ শতাংশই নিশ্চিত । তেওঁৰ মতে, মুখ্যমন্ত্ৰী নিৰ্বাচনত কোনো জটিলতা নাই আৰু ১৮ মে'ত সিদ্দাৰামাইয়ায়েই মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব । টুমকুৰত ভাষণ প্ৰদান কৰি ৰাজান্নাই কয় যে, হাইকমাণ্ড সিদ্ধাৰামাইয়া মুখ্যমন্ত্ৰী হোৱাৰ পক্ষপাতী ।

তেওঁ আৰু কয় যে, হাইকমাণ্ডে সকলোকে ফোন কৰিব আৰু সিদ্ধান্ত ল'ব । আনকি সিদ্দাৰামাইয়াৰ প্ৰতিদ্বন্দী ডি কে শিৱকুমাৰেও ইয়াত সহযোগিতা কৰিব বুলি তেওঁ নিশ্চিত । মুখ্যমন্ত্ৰীৰ বিষয়টো আজিয়েই চূড়ান্ত কৰা উচিত বুলি ৰাজান্নাই মত প্ৰকাশ কৰে ।

মন্ত্ৰীসভা গঠনৰ সন্দৰ্ভত ৰাজান্নাই কয় যে, এই প্ৰক্ৰিয়াত অলপ পলম হ'ব পাৰে আৰু বৰ্তমান সিদ্দাৰামাইয়াই অকলে শপত ল'ব । কেবিনেটখনো প্ৰথম দিনাই অনুষ্ঠিত হ'ব । নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ দলীয় ইস্তাহাৰত উল্লেখিত ১০ কিলোগ্ৰামৰো অধিক বিনামূলীয়া চাউল প্ৰদানৰ যি ঘোষণা আছিল তাক অন্নভাগ্য যোজনা হিচাপে কাৰ্যকৰী কৰা হ'ব বুলিও নেতাগৰাকীয়ে উল্লেখ কৰে ।

কংগ্ৰেছৰ নেতাগৰাকীয়ে লগতে কয় যে, নিজৰ বাবে তেওঁ সহযোগী মন্ত্ৰীৰ পদ বিচাৰিব । বিজেপিৰ পৰাজয় সন্দৰ্ভত তেওঁ কয় যে, ৪০ শতাংশ কমিছন আৰু মূল্য বৃদ্ধিৰ ফলত বিজেপি পৰাজিত হৈছে । তেওঁৰ মতে বিজেপিৰ ৰাজ্যিক নেতাসকলৰ ভোট আকৰ্ষণ কৰাৰ ক্ষমতা নাই । ইফালে গেৰুৱা দলটোৰ নিৰ্বাচনী বিপৰ্যয়ত সংৰক্ষণ নীতিৰো প্ৰভাৱ আছে বুলি তেওঁ দাবী কৰে । কৰ্ণাটকত মোদীৰ ঢৌৱে কাম কৰা নাই বুলিও মন্তব্য প্ৰকাশ কৰে ৰাজান্নাই ।

লগতে পঢ়ক :Congress Karnataka CM imbroglio: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাছনিক লৈ খাৰ্গেৰ বাসগৃহত বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.