ETV Bharat / bharat

Sukesh Chandrashekhar appeals to LG: দিল্লীৰ বাহিৰৰ কাৰাগাৰলৈ বদলি কৰিবলৈ উপ-ৰাজ্যপালক আহ্বান সুকেশ চন্দ্ৰশেখৰৰ

author img

By

Published : Nov 10, 2022, 1:23 PM IST

দিল্লীৰ মণ্ডোলী কাৰাগাৰত থকা সুকেশ চন্দ্ৰশেখৰে (Sukesh Chandrashekhar) পুনৰ দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰলৈ আন এখন পত্ৰ লিখিছে ৷ পত্ৰখনত সুকেশ চন্দ্ৰশেখৰে তেওঁ আৰু তেওঁৰ পত্নীক দিল্লীৰ বাহিৰৰ কোনোবা কাৰাগাৰলৈ বদলি কৰিব লাগে বুলি (Shift him to jail outside Delhi) দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰক অনুৰোধ জনাইছে (Sukesh Chandrashekhar appeals to LG ) ৷

Etv Bharatsukesh-urges-lg-to-shift-him-to-jail-outside-delhi-after-threats-from-aap-leaders
সুকেশ চন্দ্ৰশেখৰক দিল্লীৰ বাহিৰৰ কাৰাগাৰলৈ বদলি কৰিবলৈ আহ্বান

নিউজ ডেস্ক, 10 নৱেম্বৰ: দিল্লীৰ মণ্ডোলী কাৰাগাৰত থকা সুকেশ চন্দ্ৰশেখৰে (Sukesh Chandrashekhar) পুনৰ দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰলৈ আন এখন পত্ৰ লিখিছে ৷ পত্ৰখনত সুকেশ চন্দ্ৰশেখৰে তেওঁ আৰু তেওঁৰ পত্নীক দিল্লীৰ বাহিৰৰ কোনোবা কাৰাগাৰলৈ বদলি কৰিব লাগে (Shift him to jail outside Delhi) বুলি দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰক অনুৰোধ জনাইছে (Sukesh Chandrashekhar appeals to LG ) ৷

sukesh-urges-lg-to-shift-him-to-jail-outside-delhi-after-threats-from-aap-leaders

লগতে আম আদমী পাৰ্টিৰ নেতাৰ বিৰুদ্ধে অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ অহৰহ ভাবুকি আৰু হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰি কাৰাগাৰৰ ভিতৰত চি আৰ পি এফ জোৱানে তেওঁক ইয়াৰ বাবে আক্ৰমণ কৰা বুলিও এই পত্ৰযোগে জানিবলৈ দিয়ে সুকেশ চন্দ্ৰশেখৰে ৷ এই অহৰহ ভাবুকি আৰু হেঁচা দিয়াৰ অভিযোগৰ গোচৰত সুকেশ চন্দ্ৰশেখৰে আম আদমী পাৰ্টিৰ নেতা কৈলাশ গেহলটৰ নাম উল্লেখ কৰিছে (Threats from AAP leaders ) ৷

মনকৰিবলগীয়া যে ইয়াৰ পূৰ্বেও সুকেশে উপ-ৰাজ্যপাললৈ (Lieutenant Governor of Delhi ) প্ৰেৰণ কৰা এখন পত্ৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু সত্যেন্দ্ৰ জৈনৰ নাম উল্লেখ কৰিছিল । তেওঁ অভিযোগ উত্থাপন কৰিছে যে আম আদমি পাৰ্টিৰ নেতাসকলে অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ তেওঁক দাবী জনায় । আনকি দুদিন পূৰ্বেও জেলৰ পৰা লিখা চতুৰ্থখন পত্ৰত সুকেশ চন্দ্ৰশেখৰে জেল প্ৰশাসন আৰু দিল্লী চৰকাৰৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ ভাবুকি আৰু হেঁচাত আইনৰ আশ্ৰয় লোৱাটো সঠিক বুলি ভাবে বুলি অভিযোগ কৰিছিল ।

এই পত্ৰত সুকেশে কয় যে তেওঁ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ শিষ্য নহয় । লগতে লেফটেনেণ্ট গৱৰ্ণৰলৈ লিখা চিঠিখন ভুল হ’লে যিকোনো আইনী যুদ্ধ কৰিবলৈ তেওঁ সাজু বুলি সুকেশে মন্তব্য কৰে ৷ আনকি তাৰ বাবে ফাঁচী দিব লগা হ’লেও তেওঁ এই যুদ্ধৰ বাবে সাজু বুলি জনায় ৷ কিন্তু যদি মুখ্যমন্ত্ৰীয়ে তেওঁক মিছলীয়া বুলি প্ৰমাণ কৰিবলৈ অক্ষম হয়, তেন্তে তেওঁ পদত্যাগ কৰক । সমগ্ৰ বিষয়টোৰ ওপৰত চিবিআইৰ তদন্ত হ’ব লাগে বুলি সুকেশে দাবী জনায় ৷

তাৰোপৰি তেওঁ গোচৰৰ তদন্ত চলি থকাৰ সময়তে কাৰাগাৰ প্ৰশাসন আৰু সত্যেন্দ্ৰ জৈনে পঞ্জাৱ আৰু গোৱা নিৰ্বাচনৰ বাবে ভাবুকি আৰু হেঁচা প্ৰয়োগ কৰি ধন বিচাৰিছিল বুলি সদৰী কৰে ৷ অহৰহ ভাবুকিৰ বাবে বিচলিত হৈ তেওঁ আইনৰ আশ্ৰয় লৈ লেফটেনেণ্ট গৱৰ্ণৰৰ ওচৰত অভিযোগ কৰে ৷

ইফালে, সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ অন্তৱৰ্তীকালীন জামিন প্ৰক্ৰিয়া বৃহস্পতিবাৰৰ পৰা ৰাজধানীৰ পাটিয়ালা হাউছ ক’ৰ্টত সমাপ্ত হয় । ইয়াৰ পূৰ্বে আদালতে জেকলিন ফাৰ্নাণ্ডেজক ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছিল ৷

অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজক এই গোচৰত দুবাৰকৈ অন্তৱৰ্তীকালীন জামিন বৃদ্ধি কৰা হৈছে আৰু বিগত ২৬ ছেপ্টেম্বৰৰ পৰা জেকলিনে অবিৰতভাৱে অন্তৱৰ্তীকালীন জামিনত বাহিৰত আছে । জেকলিনৰ অধিবক্তাই জনোৱা মতে, বৃহস্পতিবাৰে পুৱা ১০ বজাত পাটিয়ালা হাউছ ক’ৰ্টত জেকলিন উপস্থিত হয় ।

তেওঁৰ অধিবক্তাই কয় যে, তদন্তকাৰী সংস্থাই জেকলিনক কেইবাঘণ্টা ধৰি জেৰা কৰি আহিছে । ইয়াৰ বাবেই পাটিয়ালা হাউছ কোৰ্টে তেওঁক গ্ৰেপ্তাৰৰ পৰা সকাহ দি অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে যদিও আদালতৰ অনুমতি অবিহনে তেওঁক বহিঃৰাজ্যলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰে । বৃহস্পতিবাৰে জেকলিনে বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ হ’ব য’ত তেওঁৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব বুলিও জনায় জেকলিন অধিবক্তাগৰাকীয়ে ৷

উল্লেখযোগ্য যে, দিল্লী আৰক্ষীয়ে ফৰ্টিছ হেল্থ কেয়াৰৰ প্ৰাক্তন প্ৰমোটাৰ শিবেন্দ্ৰ মোহন সিঙৰ পত্নী আদিত্য সিংকে ধৰি কেইবাজনো হাই প্ৰফাইল ব্যক্তিৰ পৰা ধন দাবী কৰি সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । এই গোচৰত এতিয়ালৈকে বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক: Rameswar Teli in Chhattisgarh: ছত্তীশগড়ত অন্য ৰূপত মন্ত্ৰী ৰামেশ্বৰ তেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.