আগৰতলা, 2 জানুৱাৰী : ত্ৰিপুৰাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ উত্তম ত্ৰিপুৰা নামৰ লোকজনৰ বাবে প্ৰস্তুত কৰা চিতাত আত্ম বলিদান দিবলৈ চেষ্টা চলাইছে উত্তম ত্ৰিপুৰাৰ পত্নীয়ে ৷
ঘটনাৰ বিৱৰণ অনুসৰি, ত্ৰিপুৰাত 10,323 গৰাকী ভেন্সাৰ শিক্ষকৰ ভিতৰত এগৰাকী হৈছে উত্তম ত্ৰিপুৰা ৷ যি গৰাকী শিক্ষকে উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ পিচতে নিজৰ চাকৰি হেৰুওৱাবলগীয়া হৈছিল ৷ যি গৰাকী শিক্ষকে নিজৰ লগতে আন 10,323 গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে দীৰ্ঘ সময়ৰ পৰাই বিভিন্ন মাধ্যমৰ জৰিয়তে চেষ্টা অব্যাহত ৰাখিছিল ৷ ইয়াৰ উপৰিও উত্তম ত্ৰিপুৰাৰ ব্যক্তিগত বহু ঋণে জুৰুলা কৰিছিল ৷
সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দক্ষিণ ত্ৰিপুৰা জিলাৰ ৰাজাবাড়ি আৰক্ষী থানাৰ অন্তৰ্গত উবাংগচেৰা অঞ্চলৰ লোকজনে নিজৰ শোৱনি কোঠাত ডিঙিত চিপজৰী লৈ আত্মহত্যা কৰিছে ৷ উত্তম কুমাৰে পত্নী আৰু দুই সন্তানক মোমায়েকৰ ঘৰলৈ পঠিয়াই দি আত্মহত্যা কৰিছে ৷ পৰৱৰ্তী সময়ত শনিবাৰে পত্নীয়ে ঘটনা সন্দৰ্ভত অবগত হোৱাৰ পিচত পত্নী চৌফালী ত্ৰিপুৰাই স্বামীৰ চিতাত আত্মজাহ দিয়াৰ বাবে চেষ্টা চলাইছিল ৷ আনহাতে, স্বামীৰ আত্মহত্যাৰ বাবে পত্নীয়ে ঋণ দিয়া ব্যক্তিসকলক দোষী সাব্যস্ত কৰিছে ৷
লগতে পঢ়ক : চি চি টিভি কেমেৰাত আৱদ্ধ দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য
ইফালে, ঘটনাৰ পিচত উত্তম ত্ৰিপুৰাৰ পিতৃয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি, ঋণৰ বোজা সহিব নোৱাৰি পুত্ৰই আত্মহত্যা কৰিব লগা হ'ল ৷ আনকি, পুত্ৰৰ লগত যিটো চাকৰি আছিল সেই চাকৰিটো হেৰুৱাই আৰু অধিক হতাশাত ভুগিছিল উত্তম ত্ৰিপুৰা ৷ উত্তৰ ত্ৰিপুৰাৰ 5 টা বেংকৰ লোণ আছিল আৰু বহু কেইটা ব্যক্তিগত ফাইনেন্স প্ৰতিষ্ঠানৰ পৰাও ঋণ লোৱা আছিল ৷ যি ঘটনাই বৰ্তমান দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
উল্লেখ্য যে, ৰাজধানী আগৰতলাত 10,323 গৰাকী ভেন্সাৰ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ বাবে দীৰ্ঘদিনৰ পৰাই প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ ত্ৰিপুৰা চৰকাৰক তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে অনুৰোধ জনাইছিল যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল চৰকাৰে ৷ সেই প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশে যথেষ্ট চিন্তিত কৰিছে 10,323 গৰাকী শিক্ষকক ৷
লগতে পঢ়ক : দেশবাসীক ক'ভিড মুক্ত কৰাটো আমাৰ দায়িত্ব: হৰ্ষ বৰ্ধন