ETV Bharat / bharat

হাৰ নমনা এগৰাকী মহিলা ফুটবল প্ৰশিক্ষকৰ কাহিনী - এগৰাকী মহিলা ফুটবল প্ৰশিক্ষকৰ কাহিনী

ধৰ্মনগৰী কুৰুক্ষেত্ৰৰ তৌদা গাঁৱৰ প্ৰত্যেকটো পৰিয়ালৰ ল’ৰা-ছোৱালীৱে ফুটবলৰ প্ৰতি আসক্ত ৷ নতুন প্ৰজন্মৰ এই চামটোক প্ৰশিক্ষণ দি আহিছে এগৰাকী মহিল প্ৰশিক্ষক সুদেশে (Foot Ball Coach Sudesh) ৷ কিন্তু সুদেশৰ এই ফুটবল যাত্ৰা বৰ সহজ নাছিল ৷

success-story-of-female-football-coach-sudesh-from-kurukshetra
এগৰাকী মহিলা ফুটবল প্ৰশিক্ষকৰ কাহিনী
author img

By

Published : Sep 11, 2022, 9:17 AM IST

হাৰিয়ানা, 11 ছেপ্তেম্বৰ: ব্ৰাজিলৰ নাম শুনিলেই প্ৰথমে মনলৈ আহে ফুটবলৰ কথা ৷ পিছে এয়া কোনো ব্ৰাজিলৰ কথা নহয় ৷ এয়া হাৰিয়ানাৰ এখন গাঁৱৰ কথাহে ৷ ধৰ্মনগৰী কুৰুক্ষেত্ৰৰ তৌদা গাঁৱৰ (Kurukshetra) প্ৰত্যেকটো পৰিয়ালৰ ল’ৰা-ছোৱালীৱেই ফুটবলৰ প্ৰতি আসক্ত ৷ এই ল’ৰা-ছোৱালীক প্ৰশিক্ষণ প্ৰদান কৰে মহিলা ফুটবল প্ৰশিক্ষক সুদেশে (Foot Ball Coach Sudesh) ৷ সুদেশ পেচাত এগৰাকী ফুটবল প্ৰশিক্ষক হোৱাৰ লগতে ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকো ৷

সম্প্ৰতি মহিলা ফুটবল প্ৰশিক্ষক হিচাপে প্ৰতিষ্ঠিত সুদেশৰ এই ফুটবল যাত্ৰা বৰ সহজ নাছিল ৷ ফুটবলৰ প্ৰতি থকা আসক্তিৰ বাবে প্ৰায়ে ঠাট্টা-মস্কৰাৰ সন্মুখীন হ’বলগীয়া হৈছিল সুদেশ ৷ লগতে ৰক্ষণশীল সমাজখনে ছোৱালী হৈ ল’ৰাই খেলা খেলক লৈও প্ৰায়ে প্ৰশ্ন উত্থাপন কৰিছিল ৷

এগৰাকী মহিলা ফুটবল প্ৰশিক্ষকৰ কাহিনী

এই সকলো প্ৰত্যাহ্বান নেওচি দৰিদ্ৰ পৰিয়ালৰ সুদেশে সপোন দেখিছিল ৷ আনকি সমাজৰ ঠাট্টা-মস্কৰাৰ বাবে নিজৰ ঘৰ-মাটিও এৰি থৈ আহিব লগা হৈছিল সুদেশৰ পৰিয়ালে ৷ তাৰ মাজতে সেই সপোন আজি বাস্তৱত পৰিণত হোৱা সুদেশ সুখী (Success Story Of Foot Ball Coach ) ৷ সম্প্ৰতি সুদেশে বহুকেইখন ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত খেলিছে আৰু তেওঁ আন্তৰ্জাতিক পৰ্যায়তো অংশগ্ৰহণ কৰিছে ৷

প্ৰথমাৱস্থাত সুদেশে বিনামূলীয়াকৈ মাত্ৰ পাঁচগৰাকী ল’ৰা-ছোৱালীক প্ৰশিক্ষণ দিছিল ৷ সম্প্ৰতি ১০০ৰো অধিক ল’ৰা-ছোৱালীক ফুটবলৰ প্ৰশিক্ষণ দি আছে (Female Football coach of Haryana) ৷ ইতিমধ্যে ইয়াৰ ভিতৰত 20 জনে জিলা পৰ্যায়ত বাছনি লাভ কৰিছে ৷ ক্ৰীড়া আৰু ক্ৰীড়াবিদৰ বাবে হাৰিয়ানা যথেষ্ট পৰিচিত । হাৰিয়ানাৰ খেলুৱৈসকলে প্ৰতিটো খেলতে সমগ্ৰ বিশ্বতে দেশ তথা ৰাজ্যৰ নাম আলোকিত কৰিছে । এনে খেলুৱৈক প্ৰস্তুত কৰাত সুদেশৰ দৰে প্ৰশিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ।

লগতে পঢ়ক: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উদ্বোধন কৰিব মহীশূৰ দশেৰা উৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.