ETV Bharat / bharat

তামিলনাডুত ফ্ৰণ্টলাইন কৰ্মীৰ বাবে উপ-নগৰীয় ৰে'লসেৱা আৰম্ভ

author img

By

Published : May 6, 2021, 6:55 PM IST

ক'ভিড-১৯ ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ ৰে'লৱে-এ শিক্ষাৰ্থী আৰু সাধাৰণ ৰাইজৰ বাবে তামিলনাডুত উপ নগৰীয় ৰে'লসেৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে । কেৱল ফ্ৰণ্টলাইন কৰ্মী আৰু জৰুৰীকালীন সেৱাত নিয়োজিত কৰ্মচাৰীকহে ৰে'লেৰে ভ্ৰমণ কৰাৰ অনুমতি দিয়া হৈছে ।

Suburban train services now available for frontline workers
তামিলনাডুত কেৱল ফ্ৰণ্টলাইন কৰ্মীৰ বাবে উপনগৰীয় ৰে'লসেৱা আৰম্ভ

নেশ্যনেল ডেস্ক,৬ মে': তামিলনাডুত উপ নগৰীয় ৰে'লসেৱাৰ ক্ষেত্ৰত শিক্ষাৰ্থী আৰু সাধাৰণ ৰাইজৰ ভ্ৰমণ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে দক্ষিণ ৰে'লৱে-এ । অৱশ্যে ফ্ৰণ্টলাইন কৰ্মী আৰু জৰুৰীকালীন সেৱাত নিয়োজিত কৰ্মচাৰীক ৰে'লেৰে ভ্ৰমণ কৰাৰ অনুমতি দিয়া হৈছে । পৰিচয় পত্ৰ দেখুওৱাৰ পিছতহে ৰে'লত উঠিবলৈ অনুমতি দিয়া হ'ব বুলি জানিবলৈ দিছে বিভাগীয় কৰ্তৃপক্ষই ৷

দক্ষিণ ৰে'লৱে প্ৰকাশ কৰা এক বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে, এই নিষেধাজ্ঞা ২০ মে'লৈকে বলৱৎ হৈ থাকিব । এই নিৰ্দেশনাই ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ডত কাম কৰা কৰ্মচাৰীৰ যাত্ৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিব । কিয়নো, উপ নগৰীয় ৰে'ল চেন্নাইৰ লোকসকলৰ বাবে পৰিবহণৰ এক অন্যতম মাধ্যম ।

নুংগামবাক্কামৰ নামৰ এটা ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী মৰিয়াপ্পানে কয় যে, যোৱা কেইবা বছৰ ধৰি উপ নগৰীয় ৰে'লখন ভ্ৰমণৰ অন্যতম মাধ্যম হিচাপে পৰিগণিত হৈছে । উপ নগৰীয় ৰে'লেৰে যদি তেওঁলোকে যাত্ৰা কৰিব নোৱাৰে, তেন্তে যাত্ৰা কৰাটো অতি কঠিন হৈ পৰিব । আনহাতে, ৰাজ্য চৰকাৰে ৰে'ল আৰু বাছসমূহক কেৱল ৫০ শতাংশ যাত্ৰী কঢ়িয়াই নিয়াৰ অনুমতি দিছে ।

লগতে পঢ়ক: বায়ু সেনাৰ বিমান ঘাটিত ক'ভিড ৰোগীৰ বাবে বিচনাৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.