ETV Bharat / bharat

BBC Modi documentary : মুম্বাইৰ TISS চৌহদত বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰ প্ৰদৰ্শন - TISS চৌহদত বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰ প্ৰদৰ্শন

প্ৰশাসনে নিষিদ্ধ ঘোষণা কৰাৰ পাচতো মুম্বাইৰ টাটা ইনষ্টিটিউট অব ছ'চিয়েল চায়েঞ্চৰ চৌহদত বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰ প্ৰদৰ্শন (BBC Modi documentary screening in TISS)। তথ্যচিত্ৰ প্ৰদৰ্শনৰ পাচতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰতিবাদ । প্ৰতিষ্ঠানখনে তথ্যচিত্ৰ প্ৰদৰ্শন নিষিদ্ধ কৰিছিল ।

BBC Modi documentary
মুম্বাইৰ TISS চৌহদত বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰ প্ৰদৰ্শন
author img

By

Published : Jan 29, 2023, 10:25 AM IST

নেশ্যনেল ডেস্ক,২৯ জানুৱাৰী : দেশজুৰি বিবিচিৰ প্ৰধানমন্ত্ৰী মোডী তথ্যচিত্ৰক লৈ বিতৰ্ক অব্যাহত আছে (Modi documentary controversy)। ইতিমধ্যে দেশৰ বহু আগশাৰীৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত এই তথ্যচিত্ৰৰ প্ৰদৰ্শন নিষিদ্ধ কৰা হৈছে । কিন্তু প্ৰশাসনে নিষিদ্ধ ঘোষণা কৰাৰ পাচতো প্ৰগ্ৰেছিভ ষ্টুডেণ্টছ ফ'ৰাম (PSF) নামেৰে জনাজাত এটা সংগঠনে টাটা ইনষ্টিটিউট অব ছ'চিয়েল চায়েঞ্চৰ চৌহদত বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰ 'India: The Modi Question'ৰ প্ৰদৰ্শন কৰে (BBC Modi documentary screening in TISS)।

শিক্ষাৰ্থীৰ এটা দলে বিতৰ্কিত তথ্যচিত্ৰখন প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰি আছে বুলি বাতৰি প্ৰকাশ পোৱাৰ পাচতে শনিবাৰে প্ৰতিষ্ঠানটোৰ দ্বাৰা দ্বিতীয় পৰামৰ্শ জাৰী কৰা হৈছিল । ইফালে তথ্যচিত্ৰখন প্ৰদৰ্শনৰ পৰিকল্পনাৰ কথা গম পোৱাৰ পাচতে বিজেপিৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) আৰু দলটোৰ যুৱ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চা (BJYM)য়ে প্ৰতিষ্ঠানটোৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে (BJP wing protest at TISS)।

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা মতে এয়া দেশৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ আৰু বাওঁপন্থী আদৰ্শৰ লোকসকল এই ষড়যন্ত্ৰত জড়িত হৈ আছে । ইফালে একাংশ বৃহৎ শক্তিয়েও তেওঁলোকক সমৰ্থন কৰি আছে বুলিও অভিযোগ কৰে । বিজেপি যুৱ মৰ্চাৰ সভাপতি তাজিন্দৰ সিং তিৱানাই কয় যে, এই তথ্যচিত্ৰখনে এটা মিছা কাহিনী দেখুৱাইছে আৰু ই শিক্ষাৰ্থীসকলক উত্তেজিত কৰাৰ ষড়যন্ত্ৰ । বিজেপি যুৱ মৰ্চাই বিষয়টো আলোচনা কৰিবলৈ প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিক সাক্ষাৎ কৰিছে । সূত্ৰৰ মতে আলোচনাৰ পাচত পৰিচালনা সমিতিয়ে কৈছিল যে তথ্যচিত্ৰখন প্ৰতিষ্ঠানৰ চৌহদত প্ৰদৰ্শন কৰা নহ'ব ।

বিজেপি যুৱ মৰ্চাৰ সভাপতিগৰাকীয়ে কয় যে, আৰক্ষীয়ে তেওঁলোকক আশ্বাস দিছে যে তথ্যচিত্ৰখন মহাবিদ্যালয় চৌহদত প্ৰদৰ্শন কৰা নহ'ব । সেয়ে আৰক্ষীৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছে । সন্ধিয়া ৭ বজালৈকে যুৱ মৰ্চাৰ একাংশ সদস্যই বিদ্যালয়ৰ চৌহদত উপস্থিত থাকি তথ্যচিত্ৰখন যাতে প্ৰদৰ্শন কৰা নহয় সেয়া নিশ্চিত কৰিব । আনহাতে যদি ইয়াৰ প্ৰদৰ্শন হয় তেনেহ'লে ব্যক্তিগতভাৱে আহি ইয়াক বন্ধ কৰিবলৈ মহাবিদ্যালয়ত প্ৰৱেশ কৰিব বুলি হুংকাৰ দিয়ে ।

প্ৰতিষ্ঠানটোৱে জাৰী কৰা দ্বিতীয় পৰামৰ্শত কোৱা হৈছিল যে কিছুমান শিক্ষাৰ্থীয়ে এটা সংগঠনৰ জৰিয়তে চৰকাৰৰ দ্বাৰা নিষিদ্ধ বিবিচি তথ্যচিত্ৰ এখন প্ৰদৰ্শন কৰা আৰু শিক্ষাৰ্থীসকলক একত্ৰিত আৰু বিভ্ৰান্ত কৰাৰ প্ৰয়াস সন্দৰ্ভত ২৭ জানুৱাৰীত জাৰী কৰা পৰামৰ্শ উলংঘন কৰাত নিয়োজিত হৈ আছে (BBC Modi documentary banned)। সেয়েহে সেই পৰামৰ্শৱলী উলংঘা কৰা আৰু শান্তি-সম্প্ৰীতি ভংগ কৰা যিকোনো কাৰ্যকলাপত জড়িত থকা যিকোনো শিক্ষাৰ্থী বা সংগঠনৰ এনে ধৰণৰ কাৰ্যকলাপ ইয়াৰ বাবে দায়বদ্ধ হ'ব আৰু বিষয়টোৰ ওপৰত প্ৰাসঙ্গিক আনুষ্ঠানিক নিয়মৰ অধীনত যথাযথভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

উল্লেখ্য যে, বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰখনে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । যাৰ বাবে চৰকাৰে টুইটাৰ আৰু ইউটিউবকে ধৰি বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্মৰ পৰা তথ্যচিত্ৰখন আঁতৰাই দিছিল । আনহাতে তথ্যচিত্ৰখন প্ৰদৰ্শনক লৈ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত তীব্ৰ উত্তেজনাৰো সৃষ্টি হৈছিল ।

লগতে পঢ়ক :BBC Documentary Controversy : আম্বেদকাৰ বিশ্ববিদ্যালয়ত প্ৰদৰ্শিত হ'ব বি বি চিৰ বিতৰ্কিত তথ্যচিত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.