ETV Bharat / bharat

শস্যৰ অৱশিষ্ট অংশ জ্বলোৱাৰ পাচতে ৩৬ শতাংশ প্ৰদূষণ বৃদ্ধি পাইছে দিল্লীত - এছ এ এফ এ আৰৰ তথ্য

দিল্লীত পুনৰ ভয়াৱহ ৰূপ লৈছে বায়ু প্ৰদূষণে । ৰাজধানী চহৰখনৰ সমীপৱৰ্তী অঞ্চলৰ খেতি পথৰাত নৰা জ্বলোৱাৰ পাচতে বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা । শুকুৰবাৰে দিল্লীত পাৰ্টিকুলেট মেটাৰ-২.৫ৰ ৩৬ শতাংশ প্ৰদূষণ শস্যৰ অৱশিষ্ট জ্বলোৱাৰ বাবে বাঢ়িছে বুলি প্ৰকাশ কৰিছে SAFARই ।

Delhi pollution
প্ৰদূষণ বৃদ্ধি পাইছে দিল্লীত
author img

By

Published : Nov 5, 2021, 8:06 PM IST

নেশ্যনেল ডেস্ক, ৫ নৱেম্বৰ : দীপাৱলীৰ পাচতে দিল্লীৰ বায়ুৰ গুণগত মান নিম্নগামী হোৱা দেখা গৈছে যদিও প্ৰদূষণ বৃদ্ধি হোৱাৰ আন এক কাৰণো পোহৰলৈ আহিছে । বায়ুৰ গুণগত মান পূৰ্বানুমান কৰা চৰকাৰী সংস্থা এছ এ এফ এ আৰৰ তথ্য মতে, দিল্লীত পাৰ্টিকুলেট মেটাৰ-২.৫ৰ ভিতৰত ৩৬ শতাংশ প্ৰদূষণ খেতি পথৰাত নৰা জ্বলোৱাৰ বাবে হৈছে । সংস্থাটোৰ মতে, এইটো ঋতুত হোৱা প্ৰদূষণৰ এয়াই সৰ্বাধিক মাত্ৰা । সামগ্ৰিকভাৱে দিল্লীৰ বায়ুৰ গুণগত মান 'গুৰুতৰ' শ্ৰেণীত আছে ।

এছ এ এফ এ আৰৰ প্ৰতিষ্ঠাপক তথা প্ৰকল্প সঞ্চালক গুফ্ৰান বেইগৰ মতে, খেতিপথৰাত শস্য চপোৱাৰ পাচত থকা অৱশিষ্ট অংশ জ্বলোৱাৰ বাবে হোৱা প্ৰদূষণ ৩৬ শতাংশ হৈছেগৈ । তেওঁ বায়ুৰ গুণগত মান উন্নীত হোৱাৰ ক্ষেত্ৰত আশা প্ৰকাশ কৰি কয় যে, বৰ্তমান বতাহৰ গতিবেগ বৃদ্ধি পাইছে আৰু সেয়ে, প্ৰদূষকৰ দ্ৰুত বিচ্ছুৰণ সম্ভাৱনা আছে । আতচবাজিৰ পৰা হোৱা প্ৰদূষণ যদি হ্ৰাস হয় তেন্তে আজি নিশাৰ ভিতৰত বাায়ুৰ গুণগত মান গুৰুতৰ শ্ৰেণীৰ পৰা 'অতি বেয়া' শ্ৰেণীলৈ উন্নীত হোৱাৰ সম্ভাৱনা প্ৰকট কৰে গুফ্ৰান বেইগে । অৱশ্যে, শনিবাৰ পৰ্যন্ত খেতিপথাৰত শস্যৰ অৱশিষ্ট বাবে হোৱা প্ৰদূষণৰ মাত্ৰা একে থাকিব বুলি তেওঁ কয় ।

বৃহস্পতিবাৰে, দিল্লীত পিএম ২.৫ৰ ২৫ শতাংশ প্ৰদূষণ খেতিপথাৰত জুই জ্বলোৱাৰ বাবে বাঢ়িছিল । যোৱা বছৰৰ ৫ নৱেম্বৰত খেতিপথাৰত শস্যৰ অৱশিষ্ট জ্বলোৱাৰ বাবে দিল্লীত হোৱা প্ৰদূষণ আছিল ৪২ শতাংশত ।

২০১৯ চনৰ ১ নৱেম্বৰত শস্যৰ অৱশিষ্ট জ্বলোৱাৰ বাবে পিএম ২.৫ৰ ৪৪ শতাংশ প্ৰদূষণ হৈছিল । শস্যৰ অৱশিষ্ট জ্বলোৱাৰ পৰা দ্ৰুত গতিত বৃদ্ধি পোৱা ধোঁৱাৰ লগতে দীপাৱলীৰ নিশা ফটকা ফুটোৱাৰ হোৱাৰ ফলত সৃষ্টি হোৱাৰ ধোঁৱাৰ বাবে শুকুৰবাৰে দিল্লী-এনচিআৰ অঞ্চল ধোঁৱাৰ ডাঠ আচ্ছাদনে আৱৰি থাকে । পূৰ্বে দিল্লী চৰকাৰে ২০২২ চনৰ ১ জানুৱাৰীলৈকে ফটকাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা ঘোষণা কৰিছিল ।

লগতে ফটকা বিক্ৰী আৰু ব্যৱহাৰৰ বিৰুদ্ধে তৎপৰ হোৱা পৰিলক্ষিত হৈছিল । দিল্লীৰ বায়ুৰ গুণগত মান বৃহস্পতিবাৰে নিশা 'গুৰুতৰ' শ্ৰেণী পায় । শুকুৰবাৰে দুপৰীয়া ১২ বজাত দিল্লীৰ বায়ুৰ গুণগত মান সূচাংক ৪৬২ হয়গৈ ।

ফৰিদাবাদ দিল্লীৰ বায়ুৰ গুণগত মান ৪৬০, গ্ৰেটাৰ নয়ডাত ৪২৩, গাজিয়াবাদ ৪৫০, গুৰগাঁৱত ৪৭৮ আৰু নয়ডাত ৪৬৬ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, বায়ুৰ গুণগত মান শূন্যৰ পৰা ৫০ৰ মাজত থাকিলে 'ভাল', ৫১ৰ পৰা ১০০ ভিতৰত 'সন্তোষজনক', ১০১-২০০ ভিতৰত 'মধ্যমীয়া', ২০১-৩০০ৰ ভিতৰত 'বেয়া', ৩০১-৪০০ৰ ভিতৰত 'অতি বেয়া আৰু ৪০১-৫০০ৰ ভিতৰত থাকিলে 'গুৰুতৰ' শ্ৰেণী বুলি গণ্য কৰা হয় ।

লগতে পঢ়ক:BSP ৰ অভিযোগ; উত্তৰ প্ৰদেশ নিৰ্বাচনৰ বাবে BJPয়ে ৰামৰ নামত SP য়ে জিন্নাৰ নামত বিচাৰিছে ভোট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.