ETV Bharat / bharat

ত্ৰিপুৰাত বলবৎ হ'ল বৰ্ধিত সান্ধ্য আইন

author img

By

Published : May 5, 2021, 9:12 AM IST

মঙলবাৰৰ পৰা ত্ৰিপুৰাত বলবৎ হ'ল সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি কৰা বৰ্ধিত নৈশ সান্ধ্য আইন ৷ সান্ধ্য আইন অব্যাহত থাকিলেও আৰক্ষীৰ চলাচল, জৰুৰীকালীন সেৱা আৰু স্বাস্থ্য সম্পৰ্কীয় সেৱাৰ ক্ষেত্ৰত নাথাকিব কোনো ধৰণৰ নিষেধাজ্ঞা ৷

stringent night curfew imposed in tripura
ত্ৰিপুৰাত বলবৎ হ'ল বৰ্ধিত সান্ধ্য আইন

আগৰতলা, 5 মে': মুখ্য সচিবৰ নিৰ্দেশ মানি মঙলবাৰৰ পৰা ত্ৰিপুৰাত বলবৎ হ'ল সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি কৰা বৰ্ধিত নৈশ সান্ধ্য আইন ৷ মঙলবাৰে এই নিৰ্দেশ কাৰ্যকৰী হোৱাৰ লগে লগে ৰাজ্যখনৰ ৰাস্তা-পথ সমূহ নিৰ্জন হৈ পৰাৰ লগতে দোকান সমূহো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা পৰিলক্ষিত হয় ৷

এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি এচডিপিঅ' ৰমেশ যাদৱে কয় যে, "ৰাজ্য চৰকাৰে 30 মে' লৈকে সান্ধ্য আইন জাৰি ৰখাৰ কথা ঘোষণা কৰিছে ৷ কিন্তু ক'ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সময়ৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱা গৈছে ৷ এতিয়াৰে পৰা সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন অব্যাহত থাকিব ৷"

অৱশ্যে সান্ধ্য আইন অব্যাহত থাকিলেও আৰক্ষীৰ চলাচল, জৰুৰীকালীন সেৱা আৰু স্বাস্থ্য সম্পৰ্কীয় সেৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ নিষেধাজ্ঞা নাথাকিব বুলি প্ৰশাসনৰ ফালৰ পৰা জানিবলৈ দিছে ৷ Zomato আৰু swiggy ৰ দৰে অন্যান্য সেৱা সমূহকো এই নিষেধাজ্ঞাৰ পৰা ৰেহাই প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক: ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা 10,323 গৰাকী শিক্ষকৰ প্ৰতিবাদৰ প্ৰচেষ্টা বিফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.