ETV Bharat / bharat

মুখ্যমন্ত্ৰীৰ কনভয়লৈ শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ

author img

By

Published : Aug 22, 2022, 11:40 AM IST

গয়া ভ্ৰমণৰ এদিন পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কনভয়ত আক্ৰমণ(Nitish Kumar's convoy attacked)৷ লাঠী-ৰ'ড-শিলগুটিৰে আক্ৰমণ চলাই ধবংসস্তুপত পৰিণত কৰে কনভয়টোৰ দুখনকৈ বাহন ৷ ঘটনা সংক্ৰান্তত বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা হৈছে 13 জনক ৷

মুখ্যমন্ত্ৰীৰ কনভয়লৈ শিলগুটি নিক্ষেপ
Nitish Kumar's convoy attacked)৷

নেশ্যনেল ডেস্ক,22 আগষ্ট: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কনভয়ত আক্ৰমণ(Nitish Kumar's convoy attacked)৷ সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে গয়া ভ্ৰমণ কৰাৰ কথা ৷ গয়া ভ্ৰমণৰ এদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীৰ কনভয়লৈ দুৰ্বৃত্তৰ দলে শিলগুটি নিক্ষেপ কৰা ঘটনাই সৃষ্টি কৰিছে বিশেষ চাঞ্চল্যৰ ৷

দেওবাৰে বিহাৰৰ ৰাজধানী পাটনাত দুৰ্বৃত্তই আক্ৰমণ চলায় মুখ্যমন্ত্ৰীগৰাকীৰ কনভয়ত ৷ চহৰখনৰ গৌৰীচ'ক থানাৰ সমীপৰ সম্পাটচ'ক ব্লকৰ অন্তৰ্গত সোহগী গাঁৱৰ সমীপত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ৷

অৱশ্যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত কনভয়টোত উপস্থিত নাছিল বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকী ৷ গয়া ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে অভিলাষী ৰবৰ বান্ধ প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ খৰাং পৰিস্থিতি পৰ্যালোচনা কৰাৰো সম্ভাৱনা আছে(Nitish Kumar's Gaya Visit)। মুখ্যমন্ত্ৰীগৰাকীৰ গয়া ভ্ৰমণৰ সময়ছোৱাত স্থানীয় এলেকাবোৰত নিৰাপত্তাৰ দিশটো পৰিদৰ্শন কৰাৰ বাবে কনভয়টো পাটনাৰ পৰা গয়ালৈ ৰাওনা হৈছিল (Bihar CM Nitish Kumar)৷ উক্ত সময়ছোৱাতে সংঘটিত হয় এই হিংসাত্মক ঘটনাটো ৷ উন্মত্ত দুৰ্বৃত্তৰ দলটোয়ে কনভয়টোৰ দুখনকৈ গাড়ীত শিলগুটিৰ লগতে লাঠিৰে উপৰ্যুপৰি আক্ৰমণ কৰিছিল ৷

জানিব পৰা মতে, গৌৰীচ'ক থানাৰ অন্তৰ্গত এটি অঞ্চলৰ এজন লোক নিৰুদ্দেশ হোৱাৰ দীৰ্ঘদিনৰ অন্তত পৰিয়ালৰ লোকে লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিছিল ৷ মৃত লোকজনৰ উত্তেজিত, ক্ষোভিত আত্মীয়ই তেওঁৰ মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কনভয়টো উক্ত স্থানত আহি উপস্থিত হয় ৷ তাতেই ক্ষুণ্ণ হৈ পৰে পৰিয়ালৰ লোক আৰু মুখ্যমন্ত্ৰীৰ কনভয়টোলৈ লক্ষ্য কৰি লাঠী-ৰ'ড-শিলগুটিৰে আক্ৰমণ চলায় ৷

ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত 13 জন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি পাটনাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Nitish Kumar Takes Oath: বিজেপিৰে মিত্ৰতা ভংগ কৰি অষ্টমবাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ল নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.