ETV Bharat / bharat

ৰাঁচীত উত্তপ্ত পৰিস্থিতি: নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত আৰক্ষী নিৰাপত্তাৰক্ষীলৈ শিলাবৰ্ষণ - Protest demanding arrest of Nupur Sharma in Ranchi

BJP ৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যক লৈ সমগ্ৰ দেশতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । নুপুৰ শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে মুছলমান সম্প্ৰদায়ৰ লোকসকলে(People demand arrest of BJP national spokesperson Nupur Sharma) । ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ মূল পথত নামাজ পঢ়ি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে । নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত কৰা প্ৰতিবাদত বাধা আৰোপ কৰিছিল আৰক্ষী তথা সেনাই । প্ৰত্যুত্তৰত শিলাবৰ্ষণ প্ৰতিবাদকাৰীৰ ।

stone pelting on police in main road of ranchi
ৰাঁচীত উত্তপ্ত পৰিস্থিতি: নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত আৰক্ষী নিৰাপত্তাৰক্ষীলৈ শিলাবৰ্ষণ
author img

By

Published : Jun 10, 2022, 9:59 PM IST

Updated : Jun 10, 2022, 10:56 PM IST

নেশ্যনেল ডেস্ক, ১০ জুন: ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত তীব্ৰ প্ৰতিবাদ(Protest demanding arrest of Nupur Sharma in Ranchi) । ৰাঁচীৰ মূল পথত নামাজ পঢ়ি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় । ক্ৰমান্বয়ে প্ৰতিবাদকাৰী সকলে হাতে হাতে ক'লা আৰু ধৰ্মীয় পতাকা লৈ অগ্ৰসৰ হৈছিল দৈনিক বজাৰৰ সন্মুখত থকা এলবাৰ্ট এক্কা চকৰ দিশে । কিন্তু ইয়াতেই আৰক্ষী আৰু প্ৰতিবাাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয় ।

যাৰ ফলত প্ৰতিবাদকাৰীসকল ক্ষোভিত হৈ আৰক্ষীলৈ শিলাবৰ্ষণ কৰে । প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰথমে শূণ্যলৈ গুলীচালনা কৰে(Police blank firing in Ranchi) । কিন্তু ইয়াৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় । এফালে শিলাবৰ্ষণ আৰু আনফালে গুলীচালনাৰ ফলত আহত হয় দুয়োপক্ষৰ কেইবাজনো লোক ।

জানিব পৰা মতে আৰক্ষীয়ে দুৰ্বৃত্তক খেদি পঠোৱাৰ সময়ত, এক্কা মছজিদৰ লেনৰ পৰা শিল নিক্ষেপ কৰিছিল আৰক্ষীলৈ । বৰ্তমান, সুজাতা চক আৰু এক্কা মছজিদৰ ওচৰত বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে । সলনি কৰা হৈছে যান-বাহন অহা-যোৱা কৰাৰ পথ । সমগ্ৰ অঞ্চলটোত বৃহৎ সংখ্যক IRB, JAP আৰু জিলা আৰক্ষী মোতায়েন কৰা হৈছে ।

দৈনিক বজাৰৰ SHO অৱধেশ ঠাকুৰে মূৰত আঘাত পোৱা বুলি জানিব পৰা গৈছে । ৰাঁচী SSP সুৰেন্দ্ৰ কুমাৰ ঝাওৱেও মূৰত আঘাত পাইছে । দুৰ্বৃত্তৰ গুলীচালনাত JAP-3 ৰ জোৱান অখিলেশ কুমাৰ গুলীবিদ্ধ হৈছে বুলি জানিব পৰা গৈছে আৰু তেওঁক বৰ্তমান ভৰ্তি কৰোৱা হৈছে আৰআইএমএছত । ভৰিত গুলীবিদ্ধ হৈছে জোৱানজন ।

দুৰ্বৃত্তই অবৈধ অস্ত্ৰৰে আৰক্ষীলৈয়ো গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে । যেতিয়া দুৰ্বৃত্তই অবৈধ অস্ত্ৰৰে আৰক্ষীৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে, ইয়াৰ প্ৰত্যুত্তৰতহে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে জনতাক নিয়ন্ত্ৰণ কৰাৰ বাবে শূণ্যলৈ গুলীচালনা কৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢক: NIA ৰ ঘোষণা: মাওবাদী নেতা সব্যসাচী গোস্বামীৰ সন্ধান দিওতালৈ ১০ লাখ

Last Updated : Jun 10, 2022, 10:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.