ETV Bharat / bharat

Stone pelting at Indian workers: ভাৰতীয় শ্ৰমিকৰ ওপৰত শিলগুটি নিক্ষেপ নেপালী লোকৰ - ভাৰতীয় শ্ৰমিকৰ ওপৰত শিলগুটি নিক্ষেপ

মাৰ যোৱা নাই ভাৰত-নেপাল সীমান্তৰ উত্তেজনা ৷ ভাৰত-নেপাল সংযোগী পথৰ বিৰোধিতা কৰি ভাৰতীয় শ্ৰমিকৰ ওপৰত শিলাবৰ্ষণ কৰে নেপালী লোকে (Stone pelting at Indian workers)৷

stone pelting at Indian workers from nepal side in dharchula Pithoragarh
ভাৰতীয় শ্ৰমিকৰ ওপৰত শিলগুটি নিক্ষেপ নেপালী লোকৰ
author img

By

Published : Dec 25, 2022, 3:26 PM IST

নেশ্যনেল ডেস্ক, 25 ডিচেম্বৰ: ভাৰত নেপাল সীমান্তত ভয়ংকৰ ঘটনা ৷ নেপালৰ ধাৰচুলা অঞ্চলত ভাৰতীয় শ্ৰমিকৰ ওপৰত নেপালৰ পৰা নিৰন্তৰ শিল নিক্ষেপ কৰা হৈছে(pithoragarh stone pelting) ৷ ধাৰচুলাত বেষ্টনীৰ কামত নিয়োজিত ভাৰতীয় শ্ৰমিকসকলৰ ওপৰত হোৱা শিলাবৰ্ষণৰ ফলত এখন ডাম্পাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে এজন চালক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে (Stone pelting at Indian workers)৷

জলসিঞ্চন বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তাৰ ভাষ্য অনুসৰি- "পিথোৰাগড়ৰ ধাৰচুলাত বেষ্টনীৰ কামত নেপালৰ পৰা অহৰহ শিল নিক্ষেপ কৰা পৰিলক্ষিত হৈছিল (Stone pelting from Nepal side)৷ এই শিলাবৰ্ষণৰ ফলত আমাৰ কাম 10-15দিন পিছুৱাই কৰিবলগীয়া হৈছিল ৷ কামৰ সময়ত যদি এই পৰিস্থিতি অব্যাহত থাকে, তেন্তে আমাৰ কাম কৰিবলৈ অসুবিধা হ'ব ৷ অচিৰেই শ্ৰমিকসকলৰ সুৰক্ষাৰ বাবে ব্যৱস্থা কৰিব লাগে (embankment work in Dharchula) ৷ এই ঘটনাত এতিয়ালৈকে 2 খনকৈ ডাম্পাৰ ক্ষতিগ্ৰস্ত হৈছে ৷"

ঘটনা অনুসৰি যোৱা 4 ডিচেম্বৰত নেপালী লোকে কালী নদীৰ ওপৰত নিৰ্মাণ কৰি থকা পথৰ বিৰোধিতা কৰি ভাৰতীয় শ্ৰমিকসকলৰ ওপৰত শিল নিক্ষেপ কৰিছিল(embankment construction on Kali river)৷ শিলৰ আঘাতত এজন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷

এই ঘটনাৰ পিছত যোৱা 7 ডিচেম্বৰত জিলা দণ্ডাধীশ ৰীনা যোশীৰ অধ্যক্ষতাত পিথোৰাগড়ৰ ধাৰচুলাৰ এন এইচ পি চি গেষ্ট হাউচত ইণ্ডো-নেপাল সীমান্ত সমন্বয় সমিতিৰ (India Nepal Border Coordination Committee meeting) এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত ভাৰত আৰু নেপালৰ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল ৷ এই সময়চোৱাত নেপালী নাগৰিকৰ দ্বাৰা শিল নিক্ষেপকে ধৰি বহুতো বিষয় আলোচনা কৰা হৈছিল ৷ এই সন্দৰ্ভত নেপালে আশ্বাস দিছিল যে এই ঘটনা সংঘটিত কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ ইয়াৰোপৰি এনে ঘটনা যাতে পুনৰাই সংঘটিত নহয় তাৰ বিৰুদ্ধে ব্যৱস্থা হাতত লোৱা হ’ব ৷

দৰাচলতে, ধাৰচুলা হৈছে নেপাল আৰু চীনৰ এক সীমান্ত অঞ্চল ৷ ধাৰচুলাৰ পৰা চীন সীমান্তলৈ দূৰত্ব 80 কিলোমিটাৰ, য'ত ধাৰচুলা লিপুলেখ ঘাইপথ নিৰ্মাণ কৰা হৈছে ৷ কিন্তু নেপালৰ সীমান্ত ধাৰচুলাৰ পৰাই আৰম্ভ হয় ৷ ইফালে ধাৰচুলাৰ কালী নদীৰ পাৰত ভাৰত আৰু নেপালৰ সীমান্ত অঞ্চল অৱস্থিত ৷ কালী নদীৰ চাৰিওফালে শ শ গাঁও অৱস্থিত ৷ এই গাঁওবোৰত চলাচলৰ বাবে বহুতো শ্লুইচ দলং আছে ৷

লগতে পঢ়ক: Two tourist from Russia die by suicide: ওডিশাৰ ৰায়গদাত তিনিদিনত দুজন ৰাছিয়াৰ পৰ্যটকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.