ETV Bharat / bharat

Statues found in Aligarh: ৰাস্তা নিৰ্মাণৰ কাম কৰি থাকোঁতেই উদ্ধাৰ প্ৰাণীৰ মূৰ্তি

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 2:15 PM IST

আলিগড়ৰ আত্ৰৌলিৰ চকাথল গাঁৱত মাটি খননৰ সময়ত ৰজা আৰু ৰাণীৰ জৰাজীৰ্ণ মূৰ্তি উদ্ধাৰ হৈছে ।

Statues found in Aligarh
উদ্ধাৰ ৰজা-ৰাণীৰ প্ৰতিমূৰ্তি

নেশ্যনেল ডেস্ক, 18 ছেপ্টেম্বৰ : আলিগড়ৰ আত্ৰৌলিৰ চকাথল গাঁৱত মাটি খননৰ সময়ত ৰজা আৰু ৰাণীৰ জৰাজীৰ্ণ প্ৰতিমূৰ্তি উদ্ধাৰ হৈছে । এই তথ্য পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হয় বহু সংখ্যক লোক ৷ মানুহে জানিব বিচাৰে যে মূৰ্তি দুটা কাৰ আৰু মূৰ্তি দুটা কিমান পুৰণি ? অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য পোৱা নাই ।

মানুহে কয় যে, আনকি ১৫ বছৰ আগতেও ইয়াত খননৰ সময়ত এখন ধ্বংসপ্ৰাপ্ত দেৱাল দেখা গৈছিল । একে সময়তে, এতিয়া তাত ৰজা আৰু ৰাণীৰ মূৰ্তি উদ্ধাৰ হোৱাৰ ফলত মানুহৰ মাজত কৌতূহল বৃদ্ধি পাইছে ৷ মানুহে অনুমান কৰিছে যে হয়তো ইয়াত ধন-সম্পত্তিও পোৱা যাব ।

উল্লেখ্য যে, চকথাল গাঁৱৰ বিজয়নগৰীয়া অঞ্চলৰ নিম নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ কাম চলি আছে । দলঙৰ দুয়ো মূৰে যাতায়তৰ সুবিধা হোৱাকৈ পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল একাংশ লোক ৷ কাষতে থকা পথাৰৰ পৰা মাটি খান্দি ৰাস্তাটো বান্ধিছিল বনুৱাসকলে ৷ মাটি খান্দি থকাৰ সময়তে সেই স্থানত বনুৱাসকলে এটা মূৰ্তি প্ৰত্যক্ষ কৰে ৷ ভালদৰে লিৰিকি-বিদাৰি চোৱাৰ পাচত সেই মূৰ্তিটো এজন পুৰুষৰ বুলি তেওঁলোক নিশ্চিত হয় ৷ ইয়াৰ সমান্তৰালকৈ একে স্থানতে তেওঁলোকে এগৰাকী নাৰীৰো এটা মূৰ্তি উদ্ধাৰ কৰে ৷ অৱশ্যে দুয়োটা মূৰ্তিৰে মূৰৰ অংশহে পোৱা গৈছে সেই স্থানত ৷

এতিয়া ৰজা-ৰাণীৰ প্ৰতিমূৰ্তি দেখাৰ পিচত মানুহে অনুমান কৰিছে যে, সেই মাটিত হয়তো ধনো থাকিব পাৰে । এতিয়া সেই স্থানত জেচিবি লগাই মাটি খান্দি থকা হৈছে । চকথালৰ ওমপাল, হৰপ্ৰসাদ আৰু শিৱকুমাৰকে আদি কৰি বিভিন্নজনে কৈছিল যে বহু বছৰৰ আগতে এই ঠাইত এটা দুৰ্গ আছিল । এতিয়া সেই দুৰ্গটো ধ্বংসাৱশেষলৈ পৰিণত হৈছে ।

তাৰ পিচত খালী মাটি দেখি মানুহে তাত খেতি কৰিবলৈ আৰম্ভ কৰিছিল । তেওঁলোকে কৈছে যে, সম্ভৱতঃ এইবোৰে সেই দুৰ্গৰেই ৰজা-ৰাণীৰ মূৰ্তি । ইয়াত হয়তো ধন-সম্পত্তিও পোৱা যাব । পুৰাতত্ত্ব বিভাগে এইবোৰৰ তদন্ত কৰিব লাগে । সমান্তৰালকৈ মাটিখিনিও প্ৰশাসনে দখল কৰিব লাগে । এই বিষয়ত এছডিএম অনিল কাটিয়াৰে কয় যে আৰক্ষী আৰু ৰাজহ দলক সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে আৰু সমূহ তথ্যও দিয়া হৈছে ।

লগতে পঢ়ক : PM Vishwakarma Yojana 2023 : পিএম বিশ্বকৰ্মা আঁচনিখনৰ বিশেষত্ব কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.