ETV Bharat / bharat

গুৰু জাগ্গী বাসুদেৱে শুভাৰম্ভ কৰিব গ্ৰীণ ইণ্ডিয়া চেলেঞ্জৰ পঞ্চম সংস্কৰণ

author img

By

Published : Jun 15, 2022, 12:48 PM IST

তেলেংগানাত ২০১৮ চনত আৰম্ভ হৈছিল গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ নামৰ এক বিশেষ সজাগতামূলক অভিযান (Green India Challenge in Telangana)। ১৬ জুনত এই সেউজ অভিযানৰ পঞ্চম সংস্কৰণ আৰম্ভ হ'ব । আধ্যাত্মিক গুৰু জাগ্গী বাসুদেৱে শুভাৰম্ভ কৰিব এই অভিযানৰ ।

Jaggi Vasudev
গুৰু জাগ্গী বাসুদেৱে শুভাৰম্ভ কৰিব গ্ৰীণ ইণ্ডিয়া চেলেঞ্জৰ পঞ্চম সংস্কৰণ

নেশ্যনেল ডেস্ক,১৫ জুন : ১৬ জুনত তেলেংগানাত সেউজ অভিযান 'গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ ৫.০' আৰম্ভ হ'ব (5th addition of Green India Challenge to launch)। টিআৰএছ সাংসদ জে সন্তোষ কুমাৰৰ নেতৃত্বত আৰম্ভ হোৱা এই অভিযানৰ শুভাৰম্ভ কৰিব আধ্যাত্মিক গুৰু জাগ্গী বাসুদেৱে (Guru Jaggi Vasudev to launch Green India Challenge)।

আধ্যাত্মিক গুৰু জাগ্গী বাসুদেৱে 'ভূমি সংৰক্ষণ' আন্দোলনৰ ওপৰত সজাগতা বৃদ্ধিৰ বাবে আৰম্ভ কৰা বাইক ৰেলীও ১৫ জুনত ৰাজ্যৰ ৰাজধানী হায়দৰাবাদত উপস্থিত হ'ব ৷ ১৬ জুনত তেওঁ গোল্লুৰ নগৰ বনাঞ্চলত 'গ্ৰীণ ইণ্ডিয়া চেলেঞ্জৰ পঞ্চম সংস্কৰণ আৰম্ভ কৰিব । জানিব পৰা মতে আধ্যাত্মিক গুৰুজনে সন্তোষ কুমাৰ আৰু উপস্থিতি বিশিষ্ট ব্যক্তিসকলৰ সৈতে গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।

তেলেংগানাৰ বন মন্ত্ৰী এ ইন্দ্ৰকৰণ ৰেড্ডী আৰু আন বহুতো বিশিষ্ট ব্যক্তি অনুষ্ঠানটোত উপস্থিত থাকিব বুলি জানিব পৰা হৈছে । 'গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ'ৰ সমৰ্থক আৰু জাগ্গী বাসুদেৱৰ গুণমুগ্ধসকলে অনুষ্ঠানটোত প্ৰায় ১০,০০০ গছপুলি ৰোপণ কৰিব । অনুষ্ঠানটো তেলেংগানা বন বিভাগৰ সহযোগত আয়োজন কৰা হ'ব ।

উল্লেখ্য যে, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বত ৰাজ্য চৰকাৰে 'হৰিতা হাৰাম' শীৰ্ষক এক বৃক্ষৰোপণ অভিযান আৰম্ভ কৰিছিল । এই অভিযানৰ দ্বাৰা অনুপ্ৰাণিত হৈ সন্তোষ কুমাৰে ২০১৮ চনত 'গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ' আৰম্ভ কৰিছিল (Green India Challenge in Telangana)।

'গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ'ত এগৰাকী ব্যক্তিয়ে তিনিটা গছপুলি ৰোপণ কৰে আৰু আন তিনিজনক গছ ৰোপণ কৰিবলৈ আহ্বান জনায় । ইয়াৰ দ্বাৰা বনাঞ্চল গঢ়ি তোলাৰ লগতে কোটি কোটি গছপুলি ৰোপণ, সংৰক্ষণ আৰু সেউজীকৰণৰ প্ৰচাৰৰ দৰে কেইবাটাও পদক্ষেপ সফলতাৰে সম্পন্ন কৰিছে ।

লগতে পঢ়ক :বিজেপি চৰকাৰক "ডাবল-চোৰেৰ চৰকাৰ" আখ্যা অভিষেক বেনাৰ্জীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.