ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ সুৰক্ষা গোটত অন্তৰ্ভুক্ত মুঢল প্ৰজাতিৰ হিংস্ৰ কুকুৰ - Mudhol dogs for PM Modis security

এতিয়াৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিৰাপত্তা প্ৰদান কৰা বিশেষ সুৰক্ষা গোটৰ সৈতে (এছপিজি) থাকিব দুটাকৈ দুধৰ্ষ মুঢল কুকুৰ ৷ বিশেষ কৰ্মশক্তি আৰু গুণাগুণৰ বাবে এই প্ৰজাতিৰ কুকুৰ সমগ্ৰ বিশ্বতে পৰিচিত (Mudhol dogs joined the Special Protection Group)৷

SPG takes two puppies from Bagalakote to Delhi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ সুৰক্ষা গোটত অন্তৰ্ভুক্ত মুঢল প্ৰজাতিৰ হিংস্ৰ কুকুৰ
author img

By

Published : Aug 18, 2022, 10:03 AM IST

নেশ্যনেল ডেস্ক, 18 আগষ্ট: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ সুৰক্ষা গোট (SPG)ত অন্তৰ্ভুক্ত কৰা হ’ল মুঢল প্ৰজাতিৰ হিংস্ৰ কুকুৰ (Mudhol dogs for PM Modis security)৷ উত্তৰ কৰ্ণাটকৰ বাগালাকোট জিলাৰ মুঢল চহৰৰ বিখ্যাত এই মুঢল কুকুৰ ৷ প্ৰধানমন্ত্ৰী মোদীক নিৰাপত্তা প্ৰদান কৰা বিশেষ সুৰক্ষা গোট (এছপিজি) দলত যোগদান কৰে দুটা মুঢল কুকুৰে ৷ বিশেষ কৰ্মশক্তি আৰু গুণাগুণৰ বাবে সমগ্ৰ বিশ্বতে এই প্ৰজাতিৰ কুকুৰ পৰিচিত (Mudhol dogs joined the Special Protection Group)৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ সুৰক্ষা গোটত অন্তৰ্ভুক্ত মুঢল প্ৰজাতিৰ হিংস্ৰ কুকুৰ

বাগালাকোট জিলাৰ জনসাধাৰণে মুঢল কুকুৰক কৰা প্ৰশংসাই প্ৰধানমন্ত্ৰীগৰাকীক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল ৷ ইয়াৰ পিছতে দিল্লীৰ বিশেষ সুৰক্ষা গোট (SPG)ৰ সদস্যসকলে মুঢল হাউণ্ডছ প্ৰজাতিৰ দুটা কুকুৰৰ পোৱালী বাচনি কৰি দিল্লীলৈ প্ৰশিক্ষণ দিবলৈ লৈ যায় ৷ এছপিজি দলৰ এজন চিকিৎসক ডাঃ বি এন পঞ্চবুদ্দেৰ তত্বাৱধানত মুঢল কুকুৰৰ মানদণ্ড আৰু ইয়াৰ কাৰ্যকলাপৰ বিষয়ে নিৰীক্ষণ কৰিবলৈ বাগালাকোট জিলা প্ৰশাসন আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি প্ৰশিক্ষকৰ এটা দল দিল্লীৰ পৰা মুঢলত উপস্থিত হৈছিলহি ৷

যোৱা 25 এপ্ৰিলত প্ৰশিক্ষকৰ বিশেষ দলটোৱে মুঢলৰ থিম্মাপুৰৰ ওচৰৰ মুঢল কুকুৰ গৱেষণা কেন্দ্ৰ পৰিদৰ্শন (Mudhol Dog Research Center near Thimmapur)কৰি কুকুৰৰ পোৱালীসমূহ পৰীক্ষা কৰে ৷ এই পৰীক্ষাৰ পিছতে দুটা মতা মুঢল কুকুৰ চিনাক্ত কৰি প্ৰশিক্ষকৰ বিশেষ দলটোৱে দিল্লীলৈ প্ৰশিক্ষণৰ বোবে লৈ যায় ৷

এই সন্দৰ্ভত মুঢল কুকুৰৰ প্ৰজনন কৰা বিষয়াসকলে কয় যে আমি গৌৰৱান্বিত যে মুঢল কুকুৰে দেশৰ প্ৰধানমন্ত্ৰীৰ এছ পি জি দলত যোগদান কৰাৰ উপৰিও নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ২০২০ চনত তেওঁৰ মন কি বাত ভাষণত (Mann Ki Baat) এই প্ৰজাতিটোৰ কুকুৰৰ কথা উল্লেখ কৰাৰ পিছত এই কুকুৰৰ চাহিদা বৃদ্ধি পাইছিল ৷ এই বক্তব্যত এক আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে আত্মনিৰ্ভৰ ভাৰতৰ অংশ হিচাপে দেশবাসীক ঘৰতে প্ৰজনন কৰা মুঢল প্ৰজাতিৰ দৰে ঘৰুৱা প্ৰজাতিৰ কুকুৰ প্ৰতিপালন আৰু লালন-পালনৰ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে ৷

উল্লেখ্য যে বিগত বৰ্ষত ভাৰতীয় বায়ু সেনাত (আইএএফ) এই মুঢল প্ৰজাতিৰ কুকুৰক অন্তৰ্ভুক্ত কৰা হৈছিল ৷ ভাৰতীয় সেনাৰ অংশ হিচাবে এইসমূহ কুকুৰে নিৰীক্ষণ আৰু সীমান্ত সুৰক্ষাৰ দায়িত্ব বহন কৰে ৷

লগতে পঢ়ক: কলকাতাত হ'ব ৰসগোল্লা হাব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.