ETV Bharat / bharat

Special session of Parliament : অহা ১৮ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব সংসদৰ বিশেষ অধিৱেশন

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 4:22 PM IST

জি-২০ বৈঠকৰ পাছতে অনুষ্ঠিত হ'ব সংসদৰ বিশেষ অধিৱেশন । কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰিছে । অৱশ্যে পুৰণি নে নতুন সংসদ ভৱনত অধিৱেশন অনুষ্ঠিত হ'ব সেয়া নিশ্চিত নহয় ।

Special session of Parliament
অহা ১৮ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব সংসদৰ বিশেষ অধিৱেশন

নেশ্যনেল ডেস্ক,৩১ আগষ্ট : ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব সংসদৰ বিশেষ অধিৱেশন । কেন্দ্ৰই বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে । কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে সংসদৰ বিশেষ অধিৱেশন (সপ্তদশ লোকসভাৰ ত্ৰয়োদশ অধিৱেশন আৰু ৰাজ্যসভাৰ ২৬১ তম অধিৱেশন) ১৮ ৰ পৰা ২২ ছেপ্টেম্বৰলৈ আহ্বান কৰা হৈছে । য'ত ৫ খন বৈঠক অনুষ্ঠিত হ'ব । তেওঁ উল্লেখ কৰা মতে অমৃত কালৰ মাজত সংসদত ফলপ্ৰসূ আলোচনা আৰু বিতৰ্কৰ বাবে অপেক্ষা কৰি থকা হৈছে ।

  • Special Session of Parliament (13th Session of 17th Lok Sabha and 261st Session of Rajya Sabha) is being called from 18th to 22nd September having 5 sittings. Amid Amrit Kaal looking forward to have fruitful discussions and debate in Parliament. pic.twitter.com/b3PIRngpOs

    — Pralhad Joshi (@JoshiPralhad) August 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অৱশ্যে, ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনৰ কেইদিনমান পাছত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ কাৰ্যসূচীৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ।

সংসদৰ শেহতীয়াকৈ অনুষ্ঠিত বৰ্ষাকালীন অধিৱেশনৰ সময়ত, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পাছত সংসদৰ নিম্ন সদনত অনাস্থা প্ৰস্তাৱ স্থগিত হৈছিল ।

মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাক লৈ বিৰোধী মিত্ৰজোঁট 'INDIA'ই আৰম্ভ কৰা হুলস্থূলৰ পাছতো বৰ্ষাকালীন অধিৱেশনৰ সময়ত মুখ্য বিধেয়কসমূহ গৃহীত কৰাত কেন্দ্ৰ সফল হৈছিল । কংগ্ৰেছে দাবী কৰা মতে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীৰৱতা ভংগ কৰিবলৈ দলটোৱে অনাস্থা প্ৰস্তাৱ আনিবলৈ বাধ্য হৈছিল ।

ৰাজ্যসভাৰ সাংসদসকলে সংঘৰ্ষগ্ৰস্ত মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বিতৰ্ক আৰু আলোচনাৰ দাবীত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল । আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সদস্য সঞ্জয় সিং আৰু ৰাঘৱ চাড্ডাক সদনৰ পৰা নিলম্বিত কৰা হৈছিল । লোকসভাতো অধিৱেশনৰ অন্তিম দিনা কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীক সংসদৰ নিম্ন সদনৰ পৰা নিলম্বিত কৰা হৈছিল । অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা নতুন সংসদ ভৱনত নে পুৰণি ভৱনত সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক :Congress demand JPC probe on Adani group issue : আদানি গ্ৰুপৰ বিৰুদ্ধে পুনৰ জেপিচি তদন্তৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.