ETV Bharat / bharat

সৌৰভ গাংগুলীক আদালতে বিহিলে জৰিমনা

BCCI ৰ সভাপতি সৌৰভ গাংগুলীক ১০ হাজাৰ টকাৰ জৰিমনা কলকাতা উচ্চ ন্যায়ালয়ৰ । চৰকাৰ তথা পশ্চিমবংগৰ গৃহ আন্তঃগাঁথনি উন্নয়ন নিগমকো ৫০ হাজাৰ টকাৰ জৰিমনা । কিহৰ বাবে সৌৰভ গাংগুলী আৰু পশ্চিমবংগ চৰকাৰক জৰিমনা বিহিলে আদালতে ?

author img

By

Published : Sep 28, 2021, 11:17 AM IST

Calcutta High Court
সৌৰভ গাংগুলীক জৰিমণা কলকাতা উচ্চ ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক, ২৮ ছেপ্টেম্বৰ : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (BCCI) সভাপতি সৌৰভ গাংগুলীক জৰিমনা বিহিলে কলকাতা উচ্চ ন্যায়ালয়ে । ১০ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক । মুখ্য ন্যায়াধীশ ৰাজেশ বিন্দাল আৰু ন্যায়াধীশ অৰিজিৎ বেনাৰ্জীক লৈ গঠিত খণ্ড বিচাৰপীঠে সোমবাৰে এক নিৰ্দেশনা যোগে জৰিমনাৰ কথা ঘোষণা কৰে । একেটা গোচৰতে পশ্চিমবংগ চৰকাৰ আৰু পশ্চিমবংগৰ গৃহ আন্তঃগাঁথনি উন্নয়ন নিগমক (WBHIDCO) ৫০ হাজাৰ টকাৰ জৰিমনা বিহে আদালতে ।

ভূমি আৱণ্টন সম্পৰ্কীয় এক আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত এই নিৰ্দেশনা আদালতৰ । কলকাতাৰ সমীপৰ নিউ টাউনত এখন বিদ্যালয় স্থাপনৰ বাবে চৰকাৰে খেলুৱৈগৰাকীক অবৈধভাৱে ভূমি আৱণ্টন দিয়াৰ অভিযোগ উত্থাপন হৈছিল । বিচাৰপীঠে নিৰ্দেশনাত কয় যে আদালতে ভূমিৰ আৱণ্টন বাতিল কৰাৰ প্ৰয়োজন নাই ৷ কিয়নো সংশ্লিষ্ট বিভাগে ইতিমধ্যে আৱণ্টন কাৰ্য স্থগিত ৰাখিছে ।

কিন্তু নীতি বহিৰ্ভূতভাৱে ন্যায়ালয়ৰ নিৰ্দেশনাৰ বিপৰীতে চৰকাৰে ক্ষমতা প্ৰয়োগ কৰাৰ বাবে আদালতে ৰাজ্য আৰু WBHIDCO ক ৫০ হাজাৰ টকাৰ জৰিমনা বিহে আদালতে । ইফালে আদালতে সৌৰভ গাংগুলী আৰু 'গাংগুলী শিক্ষা আৰু কল্যাণ সমিতি'ক ১০ হাজাৰ টকাৰ জৰিমনা বিহে । আদালতৰ মতে ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশনাক অৱমাননা কৰি তেওঁলোকে এই কাম কৰিছে ।

আদালতৰ মতে, খেলুৱৈসকলক সকলোৱে সন্মান কৰে আৰু দেশবাসী সদায় খেলুৱৈৰ ওচৰত থাকে । সৌৰভ গাংগুলীয়ে ক্ৰিকেটৰ জৰিয়তে দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে । কিন্তু যেতিয়া আইনৰ প্ৰশ্ন আহে, ভাৰতীয় সংবিধানে সকলোকে সমান চকুৰে চায় । আদালতৰ মতে আইনৰ ঊৰ্ধত একো হ'ব নোৱাৰে ।

লগতে পঢ়ক : ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত সুস্মিতা দেৱ : মমতাক প্ৰশংসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.