ETV Bharat / bharat

ঝাৰখণ্ডৰ অবৈধ খনন গোচৰ, মুখ্যমন্ত্ৰী হেমন্ত সোৰেণক ইডিৰ অষ্টমখন চমন

author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 2:14 PM IST

অবৈধ খনন গোচৰত ইডিয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণৰ বিৰুদ্ধে অষ্টমখন চমন জাৰি কৰিছে (ED summon to Soren)। ১৬-২০ জানুৱাৰীৰ ভিতৰত তেওঁক ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ । পূৰ্বে ইডিয়ে সোৰেণৰ মিডিয়া উপদেষ্টা অভিষেক প্ৰসাদৰ বাসগৃহতো তালাচী চলাইছিল ।

Illegal mining case
মুখ্যমন্ত্ৰী হেমন্ত চোৰেণক ইডিৰ অষ্টমটো চমন

নেশ্যনেল ডেস্ক,১৪ জানুৱাৰী : ইডিয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণৰ বিৰুদ্ধে চমন জাৰি কৰিছে । তদন্তকাৰী সংস্থাটোৱে অবৈধ খনন গোচৰৰ সন্দৰ্ভত ১৬-২০ জানুৱাৰীৰ ভিতৰত তেওঁক হাজিৰ হ'বলৈ কৈছে ।

এতিয়ালৈকে ইডিয়ে মুখ্যমন্ত্ৰী সোৰেণৰ বিৰুদ্ধে অষ্টমখন চমন জাৰি কৰিছে । তেওঁক পূৰ্বে চমন জাৰি কৰাৰ সময়ত সোৰেণে ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱা নাছিল । ইয়াৰ কাৰণো ইডিয়ে বিচাৰিছিল । ডিচেম্বৰত ইডিয়ে এক কথিত অবৈধ খননৰ সৈতে সম্পৰ্কিত এক ধন আত্মসাৎ গোচৰত মুখ্যমন্ত্ৰী সোৰেণক সোধা-পোছাৰ বাবে চমন জাৰি কৰিছিল ।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত লিপিবদ্ধ কৰা তেওঁৰ বিবৃতিৰ বাবে ইডিৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ কোৱা হৈছিল । ইয়াৰ পূৰ্বে, ইডিয়ে অভিযোগ কৰিছিল যে ঝাৰখণ্ডত মাফিয়াৰ দ্বাৰা ভূমিৰ অবৈধ মালিকীস্বত্ব পৰিৱৰ্তনৰ এক বৃহৎ ৰেকেট চলি আছে ।

শনিবাৰে মুখ্যমন্ত্ৰীলৈ জাননী প্ৰেৰণ কৰাৰ পূৰ্বে ইডিয়ে সোৰেণৰ মিডিয়া উপদেষ্টা অভিষেক প্ৰসাদৰ বাসগৃহতো তালাচী চলাইছিল । সংস্থাটোৰ সূত্ৰ অনুসৰি অভিষেক প্ৰসাদ আৰু চাহেবগঞ্জৰ উপায়ুক্তৰ বাসগৃহকে ধৰি ১২ টা স্থানত তালাচী চলোৱা হৈছিল ।

গোচৰটোত ঝাৰখণ্ডৰ পৰা প্ৰায় ১৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁলোকৰ ভিতৰত অন্যতম হৈছে ২০১১ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আইএএছ) বিষয়া ছৱী ৰঞ্জন । তেওঁ পূৰ্বে ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ সঞ্চালক আৰু ৰাঁচীৰ উপায়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

উল্লেখ্য যে ইডিৰ চমনক লৈ বিজেপিয়ে ৰাজনীতি আৰম্ভ কৰিছে । সাংসদ নিশিকান্ত ডুবেয়ে মুখ্য়মন্ত্ৰীৰ পদত্যাগৰো দাবী জনাইছে । তেওঁ অভিযোগ কৰা মতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত একাংশ বিষয়াই আইনক অৱজ্ঞা কৰিছে ।

লগতে পঢ়ক :সংসদৰ নিৰাপত্তা উলংঘন গোচৰৰ আন এক ৰহস্য ফাদিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.