ETV Bharat / bharat

বৃহন মুম্বাই পৌৰ নিগমৰ বিৰুদ্ধে বোম্বাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ছনু চুড

ছনু চুডৰ বাসগৃহ অবৈধ বুলি বৃহন মুম্বাই পৌৰ নিগমে জাৰী কৰা এখন জাননীক প্ৰত্যাহ্বান জনাই বোম্বাই উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছে অভিনেতা গৰাকী ৷

author img

By

Published : Jan 10, 2021, 11:05 PM IST

Sonu Sood moves HC against BMC notice for illegal construction
বৃহান মুম্বাই পৌৰ নিগমৰ বিৰুদ্ধে বোম্বাই উচ্চ ন্যায়ালয়ত দ্বাৰস্থ ছনু সুদ

নিউজ ডেস্ক, 10 জানুৱাৰী : বলীউডৰ অভিনেতা ছনু চুডে তেওঁৰ জুহুস্থিত বাসগৃহ অবৈধ বুলি বৃহন মুম্বাই পৌৰ নিগমে জাৰী কৰা এখন জাননীক প্ৰত্যাহ্বান জনাই বোম্বাই উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছে । অভিনেতাগৰাকীৰ অধিবক্তা ডি পি সিঙে যোৱা সপ্তাহত ন্য়ায়ালয়ত চুডৰ ছয়মহলীয়া শক্তি সাগৰ নামৰ ভৱনটোত অবৈধভাবে নিৰ্মাণ কৰা নাই বুলি এখন আবেদন দাখিল কৰিছিল । ন্যায়াধীশ পৃথ্বিৰাজ চাৱনৰ এখন বেঞ্চে সোমবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব ।

অভিনেতাগৰাকীয়ে আবেদনখনত বিএমচিৰ পৰা অনুমতি লোৱা ভৱনটোত কোনো পৰিৱৰ্তন কৰা নাই । কেৱল মহাৰাষ্ট্ৰ আঞ্চলিক আৰু টাউন পৰিকল্পনা (এমআৰটিপি) আইনৰ অধীনত কিছু সালসলনি কৰা হৈছে উল্লেখ কৰা হয় ৷ বিগত বৰ্ষত অভিনেতাগৰাকীয়ে বিএমচিৰ পৰা জাননী পোৱাৰ পিছত অভিনেতাজনে চিভিল ক’ৰ্টত দ্বাৰস্থ হৈছিল আৰু তাৰ পাছত তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ত আবেদন কৰে ৷

লগতে পঢ়ক : জগন্নাথ মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত বাধ্যতামূলক নহ’ব ক’ভিড পৰীক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.